Logo
image

আইফা বঁটা, আবু ধাবিলৈ যাব জেকলিন

আদালতে দিলে অনুমতি
আমাৰ অসম, ৩০ মে’: আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া ‘ইণ্টাৰনেশ্বনেল ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ড’ চমুকৈ ‘আইফা বঁটা’ত ভাগ ল’বলৈ যাব পাৰিব বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ৷ ৩১ মে’ৰ পৰা ৬ জুনলৈ এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব৷ গতিকে এই বঁটা প্ৰদান অনুষ্ঠানত ভাগ লোৱাৰ বাবে আবু ধাবিলৈ যোৱাৰ অনুমতি বিচাৰি মুম্বাইৰ আদালতৰ কাষ চাপিছিল অভিনেত্ৰীগৰাকী৷ উল্লেখ্য, কেন্দ্ৰীয় তদন্তকাৰী এজেন্সী ‘ই ডি’য়ে তেওঁক বিদেশলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷ কাৰণ ২০০ কোটি টকাৰ ধনদাবীৰ গোচৰত জেকলিন ফাৰ্ণাণ্ডেজকো সোধা-পোছা কৰি থকা হৈছে৷ এই গোচৰত গ্ৰেপ্তাৰ হৈ তিহাৰ জে’লত থকা ‘মহাঠগ’ কনমেন সুকেশ চন্দ্ৰশেখৰৰ সৈতে জেকলিনৰ আছিল প্ৰেমৰ সম্পৰ্ক আৰু তেওঁৰ পৰা জেকলিনে বহু দামী উপহাৰ লোৱাৰ কথাও পোহৰলৈ আহিছে৷ কিন্তু আইফা বঁটাৰ বাবে তেওঁ আমন্ত্ৰিত হোৱাৰ পাছতে অনুমতি বিচাৰি তেওঁ আদালতৰ কাষ চাপে৷ আবু ধাবিৰ ক’ত থাকিব, কোন হোটেলত থাকিব আদি সকলো তথ্যই আদালতত দাখিল কৰিছিল জেকলিনে৷ আদালতে তেওঁক ৬০ লাখ টকাও জমা দিবলৈ নিৰ্দেশ দিয়ে জেকলিনক৷ উল্লেখ্য, ‘ই ডি’য়ে জেকলিনৰ ৭.২৭ কোটি টকা জব্দ কৰিছিল অলপতে৷