Logo
image

শ্যামল-সুৰজিৎ পলাতক, পিছে পিছে খেদিছে আলফাৰ সতীৰ্থই

আমাৰ অসম, ৩০ মে’: আৱেগ নে জাতি প্ৰেম! বিদ্ৰোহী সংগঠন আলফা স্বাধীনলৈ দলে দলে অসমীয়া তেজাল যুৱক-যুৱতীৰ সোঁত বোৱাৰ সময়ত এই প্ৰশ্নই দোলা দিছে প্ৰতিজন বিবেকৱান ব্যক্তিৰ মনত৷ আনকি অসম আৰক্ষী আৰু চোৰাংচোৱাইও যুৱ প্ৰজন্মৰ আলফাগমনৰ কোনো সুনিৰ্দিষ্ট কাৰণ উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই৷ যাৰ বাবে সাংবাদিকে আলফাগমনৰ কাৰণ সুধিলেও অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ‘আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ’ শীৰ্ষক কালজয়ী কবিতাৰ পংক্তি আওৰাই গা-এৰা দিবলৈও বাধ্য হৈছে৷ শেহতীয়াকৈ  আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাস নামৰ দুজন  যুৱকক আলফাই শিবিৰতে হত্যা কৰাৰ পাছত এইবাৰ পাঁচ মাহ পূৰ্বে আলফাত যোগদান কৰা সুৰজিৎ গগৈ আৰু শ্যামল বৰুৱা নামৰ আন দুজন যুৱকক হত্যাৰ নিৰ্দেশ দিছে উগ্ৰপন্থী সংগঠনটোৰ শীৰ্ষ নেতৃত্বই৷ আৱেগৰ বশৱৰ্তী হৈ সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লৈছিল যদিও শেহতীয়াকৈ নিজৰ ভুল বুজি মূল সুঁতিলৈ উভতি অহাৰ চেষ্টা কৰাটোৱেই যেন অপৰাধ হৈ পৰিছে শ্যামল বৰুৱা ওৰফে নিয়ৰ অসম আৰু সুৰজিৎ গগৈ ওৰফে খেপৌ অসমৰ৷ আলফাৰ ম্যানমাৰ শিবিৰৰ পৰা পলায়ন কৰা এই দুই যুৱকক দেখা মাত্ৰকেই গুলীওৱাৰ নিৰ্দেশ দিছে আলফাই৷ ইতিমধ্যে আলফাৰ কেডাৰ ৰূপম অসমৰ নেতৃত্বত এটা সশস্ত্ৰ গোটে পলায়ন কৰা যুৱকদ্বয়ৰ সন্ধানত অভিযান আৰম্ভ কৰা বুলিও চোৰাংচোৰাই খবৰ লাভ কৰিছে৷ ২০২১ চনৰ ১৬ডিচেম্বৰতে তিনিচুকীয়াৰ  মামৰণি গাঁও আৰু ডিগবৈৰ নলনিগাঁৱৰ যুৱক দুজনে আলফাত যোগদান  কৰিছিল৷ সেই সময়ত যুৱক কেইজনৰ সন্ধানহীন সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীকো অভিযোগ দাখিল কৰিছিল৷ কিন্তু এই যুৱকদ্বয় হঠাতে শিবিৰৰ পৰা পলায়ন কৰাৰ পাছত আলফাৰ শীৰ্ষ নেতৃত্বই পলায়ন কৰা যুৱক দুজনক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰ কাৰ্যই তাৎপৰ্য বহন কৰিছে৷ এই নিৰ্দেশ লাভ কৰি ৰূপম অসমৰ নেতৃত্বত এটা দলে সতীৰ্থদ্বয়ৰ সন্ধানত নামি পৰিছে৷ ইপিনে আলফাই নাগালেণ্ড আৰু অৰুণাচল সীমান্তৰ গাঁওবাসীকো যুৱকদ্বয়ক দেখা পালেই কৰায়ত্ব কৰি আলফাক গতাই দিয়াৰ বাবে বাৰ্তা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷ স্বাভাৱিকতেই যুৱকদ্বয় আলফাৰ হাতত ধৰা পৰিলে মৃত্যু এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ ইপিনে প্ৰশাসনৰ ফালৰ পৰা যুৱকদ্বয়ে আলফাৰ শিবিৰৰ পৰা পলায়ন কৰাৰ কথা অৱগত কৰাত হাহাকাৰ লাগিছে পৰিয়াল দুটাত৷