Logo
image

মান ৰাখিলে শিল্পা, আয়ুসীয়ে

কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাত অসম পুনৰ সমদলৰ শেষৰ ফালে

আমাৰ অসম, ৩১ মে’: সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উজ্বলিল অসমৰ শিল্পা খনিকৰ আৰু আয়ূসী কালৱাৰ৷ কেন্দ্ৰীয় লোকসেৱা আয়োগে সোমবাৰে ঘোষণা কৰা ২০২১ বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ৫০৬ সংখ্যক স্থানত অসমৰ শিল্পা খনিকৰ আৰু ৬১৮ সংখ্যক স্থানত আয়ূসী কালৱাৰে সফলতা লাভ কৰিছে৷ গুৱাহাটীৰ হাতীগাঁও শেৱালীপথৰ বাসিন্দা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৈলজানন্দ খনিকৰ আৰু ৰুবি খনিকৰৰ একমাত্ৰ কন্যা হৈছে শিল্পা খনিকৰ৷ আনহাতে আয়ূসী কালৱাৰৰ ঘৰ হৈছে হাইলাকান্দি জিলাৰ লালা বজাৰত৷ আয়ূসীৰ  পিতৃ লক্ষ্মী নিৱাস কালৱাৰ কাটলিচেৰাৰ চালমাৰ্ছ মেম’ৰিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক৷ এইবাৰ ইউপিএছচি পৰীক্ষাত অসমৰ একমাত্ৰ শিল্পা আৰু আয়ূসীয়েই স্থান লাভ কৰা বুলি জানিব পৰা গৈছে৷ অৰ্থাৎ কেন্দ্ৰীয় অসামৰিক পৰীক্ষাত যেন ছন্দ পতন ঘটিছে অসমৰ শিক্ষাৰ্থীৰ৷ বিগত বৰ্ষতো অসমৰ এজনহে শিক্ষাৰ্থী ইউপিএছচি পৰীক্ষাত বাছনি লাভ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে ইয়াৰ পূৰ্বে প্ৰতিবাৰেই অসমৰ জ্জ-জ্জ্ব জনকৈ শিক্ষাৰ্থী বাছনি লাভ কৰাৰ উদাহৰণ আছে৷ এইবাৰৰ পৰীক্ষাত অসমৰ বহুসংখ্যক মেধাৱী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল যদিও কোনোমতে মান ৰাখিলে শিল্পা আৰু আয়ূসীয়ে৷ অসমৰ শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰীক্ষাত সফলতাৰ মুখ নেদেখা বিষয়টো এতিয়া চিন্তাৰ কাৰক হৈ পৰিছে৷ ২০১৭ চনত ইঞ্জিনীয়াৰিং স্নাতক উত্তীৰ্ণ মেধাৱী শিল্পাই ইউপিএছচি পৰীক্ষাত তিনিবাৰ অৱতীৰ্ণ হোৱাৰ পাছত কঠোৰ অধ্যৱসায়ৰ জৰিয়তে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ নিজৰ এই কৃতিত্বক লৈ অত্যন্ত সুখী বুলি প্ৰকাশ কৰিছে শিল্পাই৷ অৱশ্যে জীৱনত আগুৱাই যোৱাৰ বাবে আৰু সপোন আছে বুলিও সাংবাদিকক জানিবলৈ দিছে মেধাৱী প্ৰাৰ্থীগৰাকীয়ে৷ পিতৃ-মাতৃ, ভাতৃ আৰু বন্ধু-বান্ধৱ তথা আত্মীয়-স্বজনৰ সহায়ৰ বাবেই সফলতাৰ মুখ দেখা বুলিও সদৰী কৰিছে শিল্পাই৷ এই সন্দৰ্ভত নিজৰ অনুভৱ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত শিল্পা খনিকৰে কয়–‘এই ফলাফল মোৰ বাবে অনাকাংক্ষিত নাছিল৷ মই গুৱাহাটীৰ আনন্দ একাডেমিত স্কুলীয়া জীৱন আৰম্ভ কৰাৰপাছত কটনৰ পৰা উচ্ছতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিলো৷ ইয়াৰ পাছতে এনআইটি শিলচৰত ইলেক্টªনিকছত স্নাতক ডিগ্ৰী লোৱাৰ পাছত নাছিকত মাল্টিনেশ্যনেল এটা কোম্পানীত এবছৰ কাম কৰিছিলো৷ কিন্তু কোম্পানীটোত কাম কৰি ভাল নলগাত ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰো৷ ২০১৯ চনত প্ৰথমবাৰৰ বাবে ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈছিলো যদিও প্ৰাৰম্ভিক পৰীক্ষাত সফল নহ’লো৷ দ্বিতীয়বাৰ ২০২০ চনত পুনৰ অৱতীৰ্ণ হৈছিলো যদিও প্ৰাৰম্ভিক পৰীক্ষাত চি-ছেট প্ৰশ্নকাকতখনত উত্তীৰ্ণ হ’ব পৰা নাছিলো৷ অথচ দ্বিতীয়বাৰ অৱতীৰ্ণ হওঁতে বহু কষ্ট কৰি অধ্যয়ন কৰিছিলো৷ সেয়েহে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰাসকলক এটাই কথা ক’বলৈ বিচাৰো– কেৱল যোগ্যতা নিৰ্ণয়কাৰী প্ৰশ্নকাকত বুলি ভাবি চি-ছেট বিষয়টোক গুৰুত্ব নিদিয়াকৈ থাকিলে নহ’ব৷ আন বিষয়ৰ দৰে সমানে এইখন প্ৰশ্নকাকততো গুৰুত্ব দিব লাগে৷ অৱশ্যে তৃতীয়বাৰ ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰ মুখ দেখা পালো৷ এই ফলাফলক লৈ মই যথেষ্ট সুখী অনুভৱ কৰিছো৷’ ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকা বুলি জানিবলৈ দি মেধাৱী প্ৰাৰ্থীগৰাকীয়ে লগতে কয়– ‘প্ৰথম অৱস্থাত দিল্লীত শুভ্ৰাৰঞ্জন আইএএছ একাডেমিত ইউপিএছচি পৰীক্ষাৰ বাবে ক’চিং লৈছিলো৷ পিছলৈ ইউটিউব তথা টেলিগ্ৰামৰ বিভিন্ন গ্ৰুপৰ পৰা জ্ঞান লোৱাৰ চেষ্টা চলাইছিলো৷ প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰত্যাশী বন্ধু-বান্ধৱৰ সৈতে সততে সম্পৰ্ক ৰক্ষা কৰি থাকিলে অধ্যয়নৰ প্ৰতি মনোবল বৃদ্ধি পায় আৰু অনুপ্ৰাণিতও হ’ব পাৰি৷ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পাঠ্যক্ৰম সদায় মনৰ আগত ৰাখিব লাগিব৷ ইয়াৰ অন্যথা এগৰাকী পৰীক্ষাৰ্থীয়ে বহুত পঢ়িলেও পাঠ্যক্ৰম আগত ৰাখি নপঢ়িলে বহু অলাগতিয়াল পঢ়া হয়৷ মই নিয়মীয়াকৈ এখন ইংৰাজী বাতৰি কাকত পঢ়িছিলো৷ প্ৰথম অৱস্থাত বাতৰি কাকতখন পঢ়োতে ৩ ঘণ্টা সময় গৈছিল৷ পাছলৈ বুজি উঠিছিলো বাতৰি কাকতৰ কি কি পঢ়াটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয়তা আছে৷ সাক্ষাৎকাৰৰ পূৰ্বেহে ইণ্ডিয়ান এক্সপ্ৰেছ আৰু দি হিন্দু কাকতখন নিয়মীয়াকৈ পঢ়িছিলো৷ প্ৰাৰম্ভিক পৰীক্ষাত অনুতীৰ্ণ হ’লেও হতাশ হ’ব নালাগে৷ মই দ্বিতীয়বাৰ প্ৰাৰম্ভিক পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ পাছত ভাগি পৰিছিলো৷ পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱৰ সাহসত পুনৰ পঢ়াত মনোনিৱেশ কৰিছিলো৷ মই দৈনিক ১০ ঘণ্টাকৈ পঢ়াৰ চেষ্টা চলাইছিলো৷ নিয়মীয়াকৈ মনোযোগেৰে পঢ়িলে সফলতা এদিন আহিবই৷’ আনহাতে আয়ূসী কালৱাৰে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল হাইলাকান্দিৰ জৱাহৰ নবোদয় বিদ্যালয়ত৷ ২০১৭ চনত এনআইটি শিলচৰৰ পৰা ইঞ্জিনীয়াৰিং ডিগ্ৰী লাভ কৰা আয়ুসীয়ে বৰ্তমান বেংগালুৰুৰ এটা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰি আছে৷ ইয়াৰ মাজতে ইউপিএছ চি পৰীক্ষাৰ প্ৰস্তুতি চলাই এইবাৰ সফলতাৰ মুখ দেখিলে বৰাকৰ আয়ূসী কালৱাৰে৷ আয়ূসী বৰাকৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী হিচাপে ইউপিএছচি পৰীক্ষাত বাছনি লাভ কৰিছে৷ আয়ূসী কালৱাৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ৷ উল্লেখ্য এইবাৰৰ ইউপিএছচিৰ অসামৰিক সেৱাৰ পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰিছে উত্তৰ প্ৰদেশৰ শ্ৰুতি শৰ্মাই৷ ৬৮৫টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত শীৰ্ষ তিনিটা স্থানেই দখল কৰিছে মহিলা প্ৰাৰ্থীয়ে৷ ঘোষিত ফলাফল অনুসৰি দ্বিতীয় স্থান লাভ কৰে অংকিতা আগৰৱালা আৰু তৃতীয় স্থান লাভ কৰে যামিনী সিংলাই৷