Logo
image

আমগুৰিত ৩৪৪ কোটি টকীয়া সৌৰশক্তি প্ৰকল্প

আমাৰ অসম, ৩১ মে’: অসম চুক্তি সম্পাদনৰ প্ৰায় চাৰিটা দশক পাছত চুক্তি অনুসৰি আজি মুকলি কৰা হ’ব আমগুৰিত স্থাপিত ৭০ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতাসম্পন্ন সৌৰশক্তিৰ প্ৰকল্প৷ ৩৪০ একৰ ভূমিত স্থাপন কৰা হৈছে উক্ত প্ৰকল্প৷ ৩৪৪.২০ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত সৌৰশক্তি প্ৰকল্পৰ বাবে ২৫ বছৰ পৰ্যন্ত এ পি ডি চি এলক প্ৰতি ইউনিটত ৩.৯৮ টকা দৰত বিদ্যুৎ যোগান ধৰিব৷ সোমবাৰে এখন সংবাদমেল আয়োজন কৰি এই কথা ৰাজহুৱা কৰে শক্তিমন্ত্ৰী বিমল বৰাই৷ তেওঁ আৰু  কয়– ১৯৮৭ চনত তদানীন্তন ৰাজ্য চৰকাৰে আমগুৰিত ১১৩৩ বিঘা ভূমিত গেছ প্ৰকল্প স্থাপন কৰিবলৈ মাটি অধিগ্ৰহণ কৰি ৰাখিছিল৷ কিন্তু বিভিন্ন কাৰণত সেই মাটিত গেছ প্ৰকল্পই পূৰ্ণাংগ ৰূপ নাপালে৷  প্ৰস্তাৱিত গেছ প্ৰকল্পৰ ৩৪০ একৰ ভূমিত অসম চুক্তিৰ আধাৰত ৭০ মেগাৱাট  বিদ্যুৎ উৎপাদন ক্ষমতাসম্পন্ন সৌৰশক্তিৰ প্ৰকল্প নিৰ্মাণ কৰা হৈছে৷ ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল উক্ত সৌৰশক্তি প্ৰকল্পৰ৷ ইতিমধ্যে উক্ত প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰিবলৈ সাজু হৈ উঠিছে৷ মেছাৰ্ছ জেকচন পাৱাৰ প্ৰাঃ লিমিটেড নামৰ এটা সংস্থাই নিৰ্মাণ কৰিছে উক্ত প্ৰকল্প৷ নিবিদাৰ ভিত্তিত উক্ত প্ৰতিষ্ঠানটো বাছনি কৰা হৈছিল৷ খনিজাত ইন্ধনৰ বিকল্প হিচাপে নবীকৰণযোগ্য ইন্ধন মাত্ৰ হ’ব উক্ত সৌৰশক্তি প্ৰকল্পৰ আধাৰ৷ তেওঁ আৰু কয়– অসম চৰকাৰে ৰাজ্যত শীঘ্ৰে নবীকৰণযোগ্য শক্তিনীতি প্ৰস্তুত কৰাৰ চিন্তা-চৰ্চা কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ চৰকাৰী ভূমিত ১০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে সৌৰশক্তি প্ৰকল্প স্থাপন কৰাৰ পৰিকল্পনা কৰিছে৷ আমগুৰিৰ উক্ত সৌৰশক্তি প্ৰকল্পৰ বিদ্যুৎ উৎপাদন আৰম্ভ হ’লে অসমৰ বিদ্যুৎ ঘাটিৰ সমস্যা কমি যাব৷ মুখ্য ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ এই প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰিব৷

আমগুৰি সৌৰপ্ৰকল্প ৰাইজৰ বাবে মুকলি কৰাৰ উদ্দেশ্যে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷ এই কাৰ্যসূচীৰ বাবে ২২ মে’ত মন্ত্ৰীদ্বয় বিমল বড়া আৰু যোগেন মহনে প্ৰকল্প পৰিদৰ্শন কৰি উদ্বোধনৰ প্ৰস্তুতি বুজ লোৱাৰ লগতে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই বিগত এসপ্তাহ ধৰি তদাৰক অব্যাহত ৰাখিছে৷ উল্লেখ্য, ১৯৯০ চনৰ পৰাই চৰ্চাত থকা আমগুৰি এই প্ৰকল্পটো অৱশেষত পৰিৱৰ্তিত ৰূপত সম্পূৰ্ণ কৰি তোলা হৈছে৷  ১৯৯০ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আমগুৰিত তাপ বিদু্যৎ প্ৰকল্পৰ বাবে আধাৰশিলা স্থাপন কৰিছিল যদিও ৰাজনৈতিক অৰিয়াঅৰিত প্ৰকল্পটো হৈ নুঠিল৷ পৰৱৰ্তী সময়ত ইয়াক সৌৰপ্ৰকল্পলৈ পৰিৱৰ্তন কৰা হয়৷ ইয়াৰ পাছত ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ আধাৰশিলা স্থাপন কৰে আৰু ৭০ মেগাৱট ক্ষমতা সম্পন্ন এই প্ৰকল্পৰ নিৰ্মাণৰ দায়িত্ব দিল্লীস্থ জেকচন কোম্পানীক দিয়া হয়৷ স্মৰ্তব্য, বিগত সময়ছোৱাত কেৱল ৰাজনৈতিক কাৰণতে প্ৰকল্প সম্পূৰ্ণ হৈ নুঠিল যদিও বিজেপি চৰকাৰে কাৰ্যভাৰ লোৱাৰ পাছৰ পৰা প্ৰকল্পৰ কাম ত্বৰান্বিত হয় আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে [উৎপাদন] ইয়াৰ নিৰ্মাণৰ বাবে জেকচন কোম্পানীক দায়িত্ব দিয়ে৷ আজি মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পটো ৰাইজৰ সেৱাত উৎসৰ্গা কৰি আমগুৰিৰ জ্ঞানবিকাশ বিদ্যাপীঠৰ খেলপথাৰত এক জনসভাত ভাগ ল’ব৷