হঠাৎ বন্ধ হৈ যাব পাৰে ৰাজ্যৰ বহু পেট্ৰ’ল পাম্প
আজি পেট্ৰ’ল নিকিনে ডিপোৱে
আমাৰ অসম, ৩১ মে’: ৩১ মে’ অৰ্থাৎ মঙলবাৰে অসমকে ধৰি দেশৰ ৭০ হাজাৰ পেট্ৰ’ল পাম্পে তেল কোম্পানীৰ পৰা পেট্ৰ’ল আৰু ডিজেল ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ ফলত দেশজুৰি ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ অধিকাংশ পেট্ৰ’ল পাম্প দিনটোৰ শেষলৈ তেলশূন্য হৈ পৰাৰ আশংকাই দেখা দিছে৷ দেশৰ তেল কোম্পানী আৰু কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল ডীলাৰ্ছ অৰ্থাৎ পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰীৰ দীৰ্ঘদিনীয়া ক্ষতিৰ দাবী মানি নোলোৱাৰ বাবেই তেওঁলোকে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যিহেতু সাধাৰণ ৰাইজ অৰ্থাৎ ক্ৰেতাৰ বিৰুদ্ধে তেওঁলোকৰ কোনো অভিযোগ নাই সেয়ে ক্ৰেতাৰ যাতে অসুবিধা নহয় সেয়া নিশ্চিত কৰাৰ অৰ্থেই ৩১ মে’ত পেট্ৰ’ল ডীলাৰ্ছ এছ’চিয়েছনে পেট্ৰ’ল পাম্পসমূহ খুলি ৰখাৰ সিদ্ধান্ত লৈছে৷ দিনটোৰ শেষলৈ যদিহে পেট্ৰ’ল পাম্পৰ পেট্ৰ’ল আৰু ডিজেল শেষ হয় তেন্তে সেই সেই পাম্পসমূহ দিনটোৰ বাবে বন্ধ কৰি দিয়া হ’ব৷
২০১৭ চনৰ পৰা একেৰাহে পাঁচ বছৰ ধৰি তেল কোম্পানীসমূহে ডীলাৰৰ কমিছন বৃদ্ধি নকৰাৰ বাবে আৰু কেন্দ্ৰীয় চৰকাৰে আৱকাৰী শুল্ক হ্ৰাস কৰাৰ ফলত পেট্ৰ’ল পাম্পসমূহৰ স্বত্বাধিকাৰীৰ অনাদায় হৈ পৰি থকা কেইবাহাজাৰ কোটি টকা ঘূৰাই নিদিয়াৰ প্ৰতিবাদত সৰ্বভাৰতীয় পেট্ৰ’ল পাম্প ডীলাৰ্ছ এছ’চিয়েছনে মঙলবাৰে দেশজুৰি এই কাৰ্যসূচী গ্ৰহণ কৰিছে৷ উল্লেখ্য, যোৱা পাঁচ বছৰ ধৰি তেল কোম্পানীসমূহে ডীলাৰৰ কমিছন এপচাই বৃদ্ধি কৰা নাই৷ অথচ ইয়াৰ বিপৰীতে তেওঁলোকে দিবলগীয়া কৰ্মচাৰীৰ দৰমহা, বিদ্যুতৰ বিল, বেংকৰ মাচুল ইত্যাদি কেইবাগুণো বৃদ্ধি পাইছে৷ ২০১৭ চনত শেষবাৰৰ বাবে পেট্ৰ’ল বিক্ৰীৰ কমিছন বৃদ্ধি ঘটোৱা হৈছিল৷ সেই অনুসৰি এতিয়া পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰীয়ে প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত বিক্ৰীৰ বিপৰীতে ২ শতাংশ কমিছন লাভ কৰে৷ ২০১৭ চনত দেশৰ তেল কোম্পানীসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত হোৱা আলোচনাকালত প্ৰতি ছমাহৰ বিৰতিত কমিছন বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু তেল কোম্পানীসমূহে সেই সিদ্ধান্ত যোৱা পাঁচ বছৰে কাৰ্যকৰী কৰা নাই৷
আনহাতে কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনৰ পৰা এতিয়ালৈ মুঠতে আঠবাৰ আৱকাৰী শুল্কৰ হ্ৰাস বৃদ্ধি কৰিছে৷ ইয়াৰে পাঁচবাৰত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আৱকাৰী শুল্ক পাঁচবাৰ হ্ৰাস কৰিছে৷ শেহতীয়াকৈ দীপাৱলীৰ পূৰ্বে আৰু বিগত সপ্তাহত দুবাৰ আৱকাৰী শুল্ক হ্ৰাস কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ এনেদৰে আৱকাৰী শুল্ক হ্ৰাস কৰাৰ সময়ত প্ৰতিজন পেট্ৰ’ল ডীলাৰৰ বৃহৎ পৰিমাণৰ ধন কৰ হিচাপে পৰোক্ষভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰত্যক্ষভাৱে তেল কোম্পানীৰ ওচৰত থাকি যায়৷ প্ৰকৃততে যিটো দিনত চৰকাৰে আৱকাৰী হ্ৰাস কৰে সেই পেট্ৰ’ল-ডিজেল পাম্পসমূহে সেইদিনা অথবা তাৰ পূৰ্বে ক্ৰয় কৰে৷ সেই পেট্ৰ’ল-ডিজেল তেওঁলোকে পূৰ্বৰ বদ্ধিৰ্ত কৰ আদায় দিয়েই ক্ৰয় কৰি আনে৷ কিন্তু আৱকাৰী শুল্ক হ্ৰাস কৰাৰ দিনাৰ পৰা তেওঁলোকে কম মূল্যত পেট্ৰ’ল-ডিজেল বিক্ৰী কৰিবলগীয়া হয়৷ ফলত বদ্ধিৰ্তভাৱে আদায় দিয়া কৰৰ নামত বহু টকা তেল কোম্পানীৰ ওচৰত থাকি যায়৷ সেই ধন যিহেতু পৰোক্ষ কৰ, সেয়ে তেল কোম্পানীৰ পৰা আদায় কৰি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰীক ঘূৰাই দিব লাগে৷ ২০১৭ চনৰ পৰা এনেদৰে পাঁচবাৰ আৱকাৰী শুল্ক বৃদ্ধি কৰাৰ ক্ষেত্ৰত সোমাই থকা কৰৰ ধন আজিলৈকে পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা আদায় কৰিব পৰা নাই৷ দেশজুৰি অনাদায় হৈ পৰি থকা কৰৰ সেই ধনৰ পৰিমাণ কেইবাহাজাৰ কোটি টকা হ’ব৷ ইয়াৰ ফলত বহু সৰু-সুৰা পেট্ৰ’ল পাম্পে সেই ধন নোপোৱাত আৰু অন্যান্য ক্ষতিৰ সন্মুখীন হোৱাত বন্ধ কৰি দিবলগীয়া হৈছে৷ তেল কোম্পানীয়ে আৰু কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল ডীলাৰ্ছ এছ’চিয়েছনৰ এই দুই দাবী পূৰণ নকৰাৰ বাবেই মঙলবাৰে দেশজুৰি ৭০ হাজাৰ পেট্ৰ’ল পাম্পে তেল কোম্পানীৰ পৰা পেট্ৰ’ল-ডিজেল ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে৷ পেট্ৰ’ল পাম্পসমূহে ইণ্ডিয়ান অইল, হিন্দুস্তান পেট্ৰ’লিয়াম আৰু ভাৰত পেট্ৰ’লিয়ামৰ পৰা পেট্ৰ’ল-ডিজেল ক্ৰয় কৰে৷
ইপিনে, নৰ্থ ইষ্ট পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েছনৰ অধীনত থকা গুৱাহাটীকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ পেট্ৰ’ল পাম্পে তেওঁলোকৰ ট্ৰেড লাইচেন্স চৰকাৰক ঘূৰাই দি যিকোনো মুহূৰ্ততে নিজৰ পেট্ৰ’ল পাম্পসমূহ বন্ধ কৰি দিয়াৰ ভয়ংকৰ সিদ্ধান্ত ল’ব পাৰে৷ তেল কোম্পানীসমূহে পেট্ৰ’ল পাম্পলৈ কমকৈ টেংকাৰত তেল প্ৰেৰণ কৰাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ইতিমধ্যে উক্ত এছ’চিয়েছনৰ বৃহত্তৰ গুৱাহাটী গোটে দাবী জনাইছিল৷ যোৱা ১৩ মে’ত তেওঁলোকে বৃহত্তৰ গুৱাহাটীৰ পেট্ৰ’ল পাম্প ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি ৰাখিছিল৷ গুৱাহাটীৰ উপায়ুক্তই সেই দাবী পূৰণৰ বাবে এসপ্তাহ সময় লৈছিল৷ ফলত বৃহত্তৰ গুৱাহাটী গোটে ১৬ মে’ৰ বাবে অনিৰ্দিষ্টকালৰ বাবে পেট্ৰ’ল পাম্প বন্ধ কৰি দিয়াৰ কাৰ্যসূচী স্থগিত ৰাখিছিল৷ পিছে এসপ্তাহ উকলি যোৱা সত্ত্বেও গুৱাহাটীৰ জিলা প্ৰশাসনে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷ শেহতীয়া আলোচনাত বৃহত্তৰ গুৱাহাটী গোটে সমস্যা সমাধান নহ’লে অনিৰ্দিষ্টকালৰ বাবে পেট্ৰ’ল পাম্প বন্ধৰ উপৰি ট্ৰেড লাইচেন্সসমূহ চৰকাৰক ঘূৰাই দি পেট্ৰ’ল পাম্প একেবাৰে বন্ধ কৰি দিব বুলি লিখিতভাৱে জনাইছিল৷ নৰ্থ ইষ্ট পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েছনৰ বৃহত্তৰ গুৱাহাটী গোটৰ সভাপতি ৰাজীৱ গোস্বামীয়ে আজি ‘আমাৰ অসম’ৰ সৈতে হোৱা বাৰ্তালাপত কয়, যিহেতু পেট্ৰ’লপাম্পসমূহ এখন দোকানৰ দৰে আৰু দোকানত বিক্ৰী কৰি যদি লাভৰ পৰিৱৰ্তে লোকচান ভৰিবলগীয়া হয় তেন্তে তেওঁলোকে মহানগৰ প্ৰশাসনৰ ওচৰত পূৰ্বে জনোৱাৰ দৰে পেট্ৰ’ল পাম্প বন্ধ কৰি ট্ৰেড লাইচেন্স চৰকাৰক ঘূৰাই দিব৷ কিয়নো এয়া জনসেৱা নহয়, ব্যৱসায়হে– সেয়ে লাভ নোহোৱাকৈ ব্যৱসায় কৰি তেওঁলোকে লোকচান ভৰিব নোৱাৰে৷