Logo
image

অসমত সম্ভাৱনা দেখিছে গাভাস্কাৰে

আমাৰ অসম, ১ জুনঃ ‘অসমৰ খেলুৱৈৰ ভাৰতীয় ক্ৰিকেট দলত স্থান পোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ বাবে অসমত সঘনাই ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ প্ৰয়োজন৷’– এই ভাষ্য ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু বৰ্তমানৰ ক্ৰিকেট ধাৰাভাষ্যকাৰ সুনীল মনোহৰ গাভাস্কাৰৰ৷ মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত কিংবদন্তি ক্ৰিকেটাৰজনে লগতে কয়– ‘অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খেলুৱৈৰ বাবে যথেষ্ট সা-সুবিধা আছে৷ অসমত জিমৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণ, অনুশীলনৰ সম্পূৰ্ণ সুবিধা আছে৷  অসমত সৰুৰে পৰা নিজৰ সন্তানক পিতৃ-মাতৃয়ে খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব৷  ইয়াৰ বাবে ১৪ অনুধবৰ্, ১৬ অনুধবৰ্, ২০ অনুধবৰ্ খেলুৱৈৰ মাজত সঘনাই প্ৰতিযোগিতা, ক্লাব টুৰ্ণামেণ্ট আদি অনুষ্ঠিত হৈ থাকিব লাগিব৷ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলত দিল্লী, মুম্বাই, চেন্নাই আদিৰ মেট্ৰ’ চিটীৰ পৰা খেলুৱৈয়ে স্থান লাভ কৰিছিল৷ এতিয়া সৰু সৰু গাঁৱৰ পৰা অহা প্ৰতিভাৱান খেলুৱৈয়েও ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে৷ ইয়াৰ মূলতে হৈছে কঠোৰ অনুশীলন আৰু একাগ্ৰতা৷ উদাহৰণস্বৰূপে, মহেন্দ্ৰ সিং ধোনি ঝাৰখণ্ডৰ পৰা অহা৷ অসমৰ ক্ৰিকেটাৰেও নিজৰ প্ৰতিভাৰ প্ৰমাণ দিব পাৰিছে৷ কিন্তু ৰাষ্ট্ৰীয় দলত স্থান পাবলৈ কঠিন প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’বলগীয়া হয়৷ সেয়ে অসমত অধিক হাৰত প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকিলে প্ৰতিভাৱান খেলুৱৈসমূহ উলিয়াই অনাত সুবিধা হ’ব৷ অসমৰ ৰিয়ান পৰাগ এজন ভাল খেলুৱৈ৷  সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰ ৰিয়ানৰ উজ্জ্বল ভৱিষ্যত আছে৷ তেওঁ এজন ভাল ফিল্ডাৰো৷ তেওঁ যথেষ্ট কষ্ট কৰিব পাৰে৷ অসমত ক্ৰিকেটৰ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিলে মই অসমলৈ আহিবলৈ আগ্ৰহী৷ মোৰ খুড়াদেউ মাধৱ মন্ত্ৰীৰ জৰিয়তে মই পৰিচয় লাভ কৰিছিলোঁ৷ তেতিয়ালৈকে মোৰ কোনো সুকীয়া পৰিচয় নাছিল৷ মই বিদ্যালয় পৰ্যায়ৰ পৰা ক্ৰিকেট খেলিছিলোঁ৷ ক্ৰিকেটৰ ধাৰভাষ্যকাৰ হিচাপে যেতিয়া কোনোবাই মোক প্ৰশংসা কৰে বৰ ভাল লাগে৷ কাৰণ প্ৰথমে মই মাৰাঠী ভাষা মিহলি হিন্দী ভাষা কৈছিলোঁ৷ যেতিয়া উত্তৰ প্ৰদেশৰ ছোৱালী বিয়া পাতিলোঁ আৰু দুই তিনিবাৰ পাকিস্তানলৈ যোৱাৰ পাছত তাত ঊৰ্দু অলপ শিকিলোঁ, তাৰপাছত শুদ্ধ হিন্দীভাষা আয়ত্ত কৰিলোঁ৷ এইবাৰ সময়-সুবিধা লৈ কেইদিনমানৰ বাবে অসমলৈ অহাৰ পৰিকল্পনা আছে৷ খেলপথাৰত ক্ৰিকেট খেলা আৰু কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ মাজত পাৰ্থক্য আছে৷ কিয়নো এখন খেলত এটা দলক নেতৃত্ব দিয়া কেমেৰাৰ সন্মুখত অভিনয় কৰাতকৈ কঠিন বুলি মই ভাবোঁ৷ হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় ক্ৰিকেট দলত নতুন সম্ভাৱনা আনিছে৷ আইপিএলৰ ফাইনেলত গুজৰাট টাইটানছৰ জয়ৰ পাছত হাৰ্দিক পাণ্ডিয়াই দলটোক দিয়া সুন্দৰ নেতৃত্ব প্ৰতিফলিত হৈছে৷ ৰোহিত শৰ্মাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হোৱাৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈ হাৰ্দিক পাণ্ডিয়া৷’ ক্ৰিকেটৰ উপৰি বেডমিণ্টন ডাবলছ খেলি ভাল পোৱা গাভাস্কাৰে সুষম আহাৰ গ্ৰহণ কৰি ভাল পোৱাৰ লগতে নিয়মিত খাদ্য তালিকাত দৈ খাই নিজৰ স্বাস্থ্যৰ যত্ন লয় বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য, ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন অন্যতম শ্ৰেষ্ঠ বেট্‌ছমেন হিচাপে আখ্যা দিয়া হয়৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেট্‌ছমেন৷ নিজৰ বৰ্ণিল টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত গাভাস্কাৰে ৩৪টা শতক অৰ্জন কৰি অভিলেখ ৰচিছিল৷ দুটা দশকৰ পাছত ২০০৫ চনত সেই অভিলেখ শচীন তেণ্ডুলকাৰে ভংগ কৰে৷ টেষ্ট মেচত ১০ হাজাৰ ৰাণ কৰা গাভাস্কাৰেই হৈছে প্ৰথমজন বেট্‌ছমেন আৰু বৰ্তমান টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰাণ কৰা ১৩জন খেলুৱৈৰ ভিতৰত তেওঁ ১২ নম্বৰ স্থানত আছে৷ ১৯৮৩ চনত বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৰো তেওঁ এজন সদস্য আছিল৷  উল্লেখ্য, ভাৰতীয় ক্ৰিকেট দললৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে সুনীল গাভাস্কাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানীত কৰিছে৷