Logo
image

কাৰ্বি পাহাৰৰ বতাহত টকা উৰিছে

মুখ্যমন্ত্ৰীৰ প্ৰতিখন সভাত ২০ লাখকৈ

প্ৰতি সমষ্টিত ১ কোটিকৈ ব্যয় বিজেপিৰ

আমাৰ অসম, ১ জুনঃ কাৰ্বি আংলঙৰ জনতাই দিনে-নিশাই দাৰিদ্ৰ্যৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হয় যদিও এটা বিশেষ পৰিৱেশত এতিয়া কাৰ্বি পাহাৰত টকাৰ উজান উঠিছে৷ অনুসন্ধানত প্ৰাপ্ত তথ্য মতে, এতিয়া সেউজীয়া পাহাৰৰ বতাহতো উৰিছে টকা– চৌদিশে, চৌপাশে৷ কাৰণ অৱশ্যেই অনুমেয়৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন৷ ৮ জুনত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ আগৰে পৰাই টকাৰ নৈ বৈছে কাৰ্বি পাহাৰত৷ নক’লেও হ’ব যে কাৰ্বি পাহাৰৰ বতাহত টকা উৰুওৱা শক্তিশালী শক্তিসমূহৰ ভিতৰত শীৰ্ষস্থানত আছে ভাৰতীয় জনতা পাৰ্টী৷ পৃথিৱীৰ সবাতোকৈ চহকী ৰাজনৈতিক দল বিজেপিয়ে কোনো কাৰণতে কাৰ্বি পৰিষদ আনৰ হাতলৈ যাবলৈ নিদিয়াৰ সংকল্প লৈছে৷ সংকল্প লৈয়েই ক্ষান্ত থকা নাই দিল্লী আৰু দিছপুৰৰ শাসক দল৷ দিনে-নিশাই কষ্ট কৰিছে বিজেপিৰ নেতা-কৰ্মীসকলে৷ আৰএছএছৰ সেৱকসকলে গঢ়ি দিয়া পথেৰে বিশেষ কৌশলেৰে আগবাঢ়ি গৈছে বিজেপিৰ নেতা-কৰ্মী৷ একাংশ নেতা-কৰ্মীয়ে ৰাজহুৱা সভাৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে প্ৰচাৰ চলোৱা কামত আত্মনিয়োগ কৰিছে৷ একাংশই বিলাইছে ধন৷ প্ৰতিজন ভোটাৰক যাতে অলপ হ’লেও ধন দিব পৰা যায়, তাৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিছে বিজেপিয়ে৷ বিজেপিৰ উচ্ছস্তৰীয় সূত্ৰৰ পৰা পোৱা তথ্য মতে, প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে বিজেপিয়ে ৰ কোটিকৈ টকা খৰচ কৰাৰ আঁচনি লৈছে৷ সেইমৰ্মে ২৬টা সমষ্টিৰ বাবে খৰচ কৰা হ’ব ২৬ কোটি টকা৷ কোটিটকীয়া বাজেটৰ ভিতৰত ৪০ লাখকৈ টকা ব্যয় কৰা হ’ব প্ৰচাৰত৷ মুখ্যমন্ত্ৰীয়ে যিকেইটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব, সেইকেইটা সমষ্টিৰ বাবে সুকীয়াকৈ ২০ লাখকৈ টকাৰ বাজেট ধাৰ্য কৰিছে বিজেপিয়ে৷ উল্লেখ্য, নিৰ্বাচনী বিধি মতে পৰিষদীয় নিৰ্বাচনৰ প্ৰতিটো সমষ্টিৰ বাবে এগৰাকী প্ৰাৰ্থীয়ে সৰ্বাধিক ২৬.৫ লাখ টকা ব্যয় কৰিব পাৰে৷ কিন্তু কাৰ্বি পৰিষদৰ এইবাৰৰ নিৰ্বাচনত যি হাৰত প্ৰাৰ্থীসকলে ধন খৰচ কৰিছে, বিশেষকৈ শাসক দলে– সেয়া নেদেখিলে অনুমান কৰিব নোৱাৰি৷ এয়া সংসদীয় গণতন্ত্ৰ আৰু নিৰ্বাচনী বিধিৰ প্ৰতি আক্ষৰিক অৰ্থতেই অংগুষ্ঠ প্ৰদৰ্শনৰ লেখীয়া কথা৷ ইপিনে, কাৰ্বি পাহাৰত বিজেপিৰ সমস্ত কাম-কাজ তৎপৰতাৰে পৰ্যবেক্ষণ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ সেইসূত্ৰে কাৰ্বি পাহাৰতে বাহৰ পাতিছে মন্ত্ৰী হাজৰিকাই৷ ইপিনে, ১ জুনৰ পৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কাৰ্বি পাহাৰত প্ৰচাৰ চলাব৷ সেইসূত্ৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গতি এতিয়া দুগুণে বৃদ্ধি পাইছে৷ অভিযোগ মতে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুক্তহস্তে ভোটাৰৰ মাজত ধন বিলাইছে৷ ধনৰ বাহিৰেও কোনোবা ভোটাৰে যদি আন কিবা বস্তু দাবী কৰিছে তাৰো ব্যৱস্থা কৰি দিছে তুলিৰাম বাহিনীয়ে৷ আশ্চৰ্যজনকভাৱে বিজেপিৰ সৰ্বগ্ৰাসী নিৰ্বাচনী প্ৰচাৰৰ বিপৰীতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ ছন্দহীন, গতিহীন, শক্তিহীন আৰু বহুক্ষেত্ৰত জনসম্পৰ্কহীন৷ দুয়োটা দলৰ নিৰ্বাচনী প্ৰচাৰৰ গতি-গোত্ৰলৈ লক্ষ্য কৰিলে এই কথা স্পষ্ট হৈ পৰে যে বিজেপিয়ে ইতিমধ্যে পুনৰ কাৰ্বি পৰিষদ দখল কৰা বুলি ধৰিয়েই লৈছে আৰু কংগ্ৰেছে বিনাযুদ্ধে আত্মসমৰ্পণ কৰিছে৷ ৮ জুনত ভোটগ্ৰহণপৰ্ব অনুষ্ঠিত হোৱাৰ পাছত কাৰ্বি আংলং কংগ্ৰেছত খহনীয়াৰ সৃষ্টি হোৱাৰ আশংকাও ঘনীভূত হৈছে৷ যি সময়ত বিজেপিয়ে দিনে-নিশাই আৰু সৰ্বতোপ্ৰকাৰে শক্তিশালী ৰূপত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে, সেই সময়ত প্ৰদেশ কংগ্ৰেছৰ অধিকাংশ নেতা ব্যস্ত হৈ পৰিছে উপদলীয় কন্দল আৰু নিকৃষ্ট কাব্যচৰ্চাত৷ কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা ১২ জুনত অনুষ্ঠিত হ’ব৷

পূৰ্ণশক্তিৰে যুঁজিব পৰা নাই বিৰোধীয়ে

৮ জুনত ভাৰতৰ ভিতৰতে অন্যতম শক্তিশালী স্বায়ত্তশাসিত পৰিষদ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ত্ৰয়োদশতম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নিৰ্বাচনলৈ শাসকীয় বিজেপি দলে প্ৰায় ৬-৭ মাহ আগৰে পৰা প্ৰস্তুতি চলোৱাৰ বিপৰীতে সততে অসমত চৰকাৰ গঠনৰ দাবী কৰি অহা কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহে ২৬খন আসনবিশিষ্ট স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ২৬টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বই প্ৰদান কৰিব নোৱাৰিলে৷ অসমত ১৫টা বছৰ একে লেথাৰিয়ে কংগ্ৰেছ দলে শাসন চলোৱাৰ সময়ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদো কংগ্ৰেছ দলৰ দখলতেই আছিল৷ ৰাজ্যত বিজেপি চৰকাৰ প্ৰৱৰ্তন হোৱাৰ পাছতেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদতো পট পৰিৱৰ্তন হয় আৰু পৰিষদখন বিজেপি দলৰ শাসনলৈ যায়৷ ইয়াৰ পাছতেই ২০১৭ চনত অনুষ্ঠিত হোৱা পৰিষদৰ সধাৰণ নিৰ্বাচনত শাসকীয় বিজেপি দলে ২৪খন আসন দখল কৰি পৰিষদ গঠন কৰে৷ বিগত নিৰ্বাচনত কংগ্ৰেছ দলে এখনো আসন দখল কৰিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে দুখন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ পাছত এই দুজন নিৰ্দলীয় বিধায়কেও বিজেপি দলত যোগদান কৰাত পৰিষদখন বিৰোধীশূন্য হৈ পৰে৷ ৮ জুনত অনুষ্ঠিত হ’বলগীয়া পৰিষদৰ নিৰ্বাচনত এইবাৰ শাসকীয় বিজেপি দলে ২৬খন আসনতেই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছ দলে কেৱল ২৪খন আসনতহে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সক্ষম হয়৷ অৱশ্যে, দলটোৱে ২৬খন আসনতেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও দুটা সমষ্টিত দুজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে৷ জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচি দলেও ২৬টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সমৰ্থ নহ’ল৷ এসময়ৰ অতি শক্তিশালী এই ৰাজনৈতিক দলটোৱে প্ৰচাৰৰ ক্ষেত্ৰটো চমক সৃষ্টি কৰিব পৰা পৰিলক্ষিত হোৱা নাই৷ আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ বাবে অসমত গঢ় লৈ উঠা অগপ, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ আজিলৈকে কোনো গণভিত্তিয়েই গঢ়ি নুঠিল দুয়োখন পাৰ্বত্য জিলাত৷ যাৰ ফলত সততে অসমত পৰৱৰ্তী চৰকাৰ গঠন কৰিম বুলি দৃঢ়তাৰে মন্তব্য কৰি থকা এই আঞ্চলিক দল দুটাই অসমৰে অন্যতম শক্তিশালী স্বায়ত্তশাসিত পৰিষদখনত নিজৰ গণভিত্তি গঢ়ি তুলিব নোৱৰাটো দল দুটাৰ বিফলতাৰে চিনৰূপে পৰিগণিত হৈছে৷ কিছুদিন পূৰ্বে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ এখন আসন দখল কৰিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ প্ৰথমবাৰৰ বাবে দলটোৱে পাহাৰৰ ৰাজনীতিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও দলটোৱেও ২৬খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সমৰ্থ নহ’ল৷ দলটোৱে ৯খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ দলটোৰ নেতৃত্বত সৈতে হোৱা চমু বাৰ্তালাপত দলটোৱে পৰীক্ষামূলকভাৱেহে যেন পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাৰ্তা দিলে৷ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ সৈতে যুটী বান্ধি ১২ বছৰ পৰিষদৰ লগতে পাহাৰৰ ৰাজনীতি নিয়ন্ত্ৰণত ৰখা বামপন্থী দল চিপিআই [এমএল] দল সম্প্ৰতি পাহাৰত শক্তিহীন হৈ পৰিছে৷ দলটোৱে কেৱল অস্তিত্ব ৰক্ষাৰ স্বাৰ্ততেই পৰিষদৰ নিৰ্বাচনত ১২খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ আৰু এটা সপ্তাহ বাকী থকা অৱস্থাত পৰিষদৰ নিৰ্বাচনত কোনো কোনো সমষ্টিত এইবাৰ বিৰোধী দলসমূহতকৈ নিৰ্দলীয় প্ৰাৰ্থীয়েহে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে কিছু প্ৰত্যাহ্বান অনা পৰিলক্ষিত হৈছে৷ পাহাৰৰ ৰাজনীতিৰ চালিকা শক্তিৰূপে পৰিচিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিৰোধী দলসমূহে পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ’ব নোৱৰাটো বিৰোধী শক্তিৰ অন্যতম বিফলতাৰূপে পৰিচিত হৈছে৷ মুঠ ১৫৪জন প্ৰাৰ্থী আগন্তুক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিছে আৰু অহা ১২ জুনত প্ৰকাশ হ’বলগীয়া ফলাফলত নিৰ্ধাৰিত হ’ব এই ১৫৪জন প্ৰাৰ্থীৰ ভাগ্য৷