Logo
image

সেনাৰ আশ্ৰয়ত দুই পলাতক আলফা

আমাৰ অসম, ১ জুনঃ থকা-খোৱাত কষ্ট পোৱাৰ বাবেই আলফা শিবিৰৰ পৰা পলাই আহিছিল দুই কেডাৰ খেপৌ অসম আৰু নিয়ৰ অসমে৷ ২৫ মে’ত ম্যানমাৰৰ শিবিৰৰ পৰা চাউল আনিবলৈ বুলি অহাৰ চলৰে পলায়ন কৰিছিল তিনিচুকীয়াৰ মাকুমৰ মামৰণি গাঁৱৰ শ্যামল বৰুৱা ওৰফে নিয়ৰ অসম আৰু পেঙেৰীৰ ২ নং নলনিগাঁৱৰ সুৰজিৎ গগৈ ওৰফে খেপৌ অসমে৷ স্বাধীন অসমৰ লক্ষ্যৰে আৱেগতে বিদ্ৰোহী সংগঠনটোত যোগদান কৰা যুৱকদ্বয়ে সুদীৰ্ঘ পাঁচটা দিন ভোকে-লঘোণে দুৰ্গম অৰণ্য অতিক্ৰম কৰি সোমবাৰে অৰুণাচল-ম্যানমাৰ সীমান্তৰ লাজুঙত আছাম ৰাইফলছৰ ওচৰত ধৰা দিয়ে৷ মঙলবাৰে আছাম ৰাইফছে যুৱকদ্বয়ক অৰুণাচলৰ খুনচা আৰক্ষীক চমজাই দিয়ে৷ পৰৱৰ্তী সময়ত খুনচা আৰক্ষীৰ জিম্মাৰ পৰা আলফা সদস্যদ্বয়ক তিনিচুকীয়াত নিয়োজিত সেনাৰ এটা দলে চমজি লৈ তিনিচুকীয়ালৈ লৈ আনে৷ বৰ্তমান যুৱকদ্বয়ক জেৰা অব্যাহত ৰাখিছে সেনা আৰু আৰক্ষীৰ এটা শীৰ্ষ দলে৷ উল্লেখ্য, ২০২১ চনৰ ১৬ ডিচেম্বৰত আলফাত যোগদান কৰিছিল শ্যামল আৰু সুৰজিতে৷ অৰুণাচল সীমান্তৰ জয়ৰামপুৰ হৈ ম্যানমাৰৰ শিবিৰত উপস্থিত হৈছিলগৈ যুৱকদ্বয়৷ সুৰজিৎ গগৈ ওৰফে খেপৌ অসমৰ পত্নী আৰু ১০ মহীয়া এটা সন্তানো আছে৷ কিন্তু চাউল অনাৰ চলে ম্যানমাৰৰ হাচি কেম্পৰ পৰা সদস্যদ্বয়ে পলায়ন কৰাৰ পাছতেই আলফাৰ শীৰ্ষ নেতৃত্বই যুৱকদ্বয়ক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিছিল৷ এই লক্ষ্যৰে ৰূপম অসমৰ নেতৃত্বত আলফাৰ সশস্ত্ৰ দলে গভীৰ অৰণ্যত অভিযান চলাইছিল যদিও পলায়ন কৰা সদস্যদ্বয়ৰ সন্ধান উলিওৱাব পৰা নাছিল৷ ইপিনে সদস্যদ্বয়ক হত্যাৰ নিৰ্দেশ দিয়াৰ খবৰ সংবাদ মাধ্যম আৰু প্ৰশাসনৰ ফালৰ পৰা লাভ কৰাৰ পাছতেই দুয়োটা পৰিয়ালতে কান্দোলৰ ৰোল উঠিছিল৷ অৱশ্যে সৌভাগ্য ক্ৰমে আলফাৰ হাতত ধৰা পৰাৰ পৰা ৰক্ষা পৰিছিল সদস্যদ্বয়ে৷ ইপিনে অৰুণাচলৰ খুনচা থানাত সংবাদ মাধ্যমৰ আগত খেপৌ অসমে আলফাৰ শিবিৰত থাকি ভাল নোপোৱাৰ বাবেই পলায়ন কৰা বুলি সদৰী কৰিছে৷ আলফাত যোগদান কৰাৰ পাছত শীৰ্ষ নেতা চন্দন অসমৰ নেতৃত্বত তিনি মাহ প্ৰশিক্ষণ লোৱা বুলি প্ৰকাশ কৰি খেপৌ অসমে বৰ্তমান কামাণ্ডাৰ গোলাপ অসমে পৰিচালনা কৰা হাচি কেম্পত ২৫-২৭ জন কেডাৰ থকা বুলিও জানিবলৈ দিছে৷ ইপিনে সংবাদ মাধ্যমৰ আগত নিয়ৰ অসম ওৰফে শ্যামল বৰুৱাই শিবিৰত বহুত কষ্ট পোৱা বুলি প্ৰকাশ কৰি বৰ্তমান ম্যানমাৰস্থিত আলফাৰ হাচি কেম্পত তিনিগৰাকী মহিলা কেডাৰ থকাৰ কথা সদৰি কৰিছে৷

ম্যানমাৰৰ হাচি শিবিৰত এতিয়াও আছে দুকুৰি আলফা

দুৰ্ধৰ্ষ আলফা নেতা ৰূপম অসমৰ উদ্যত অত্যাধুনিক ৰাইফলৰ পৰা সৰকি অহা গুলীয়ে যিকোনো মুহূৰ্ততে প্ৰাণ কাঢ়ি নিয়াৰ তীব্ৰ আশংকা বুকুৰ মাজত লৈ অৱশেষত সুস্থ শৰীৰেৰে আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ হাতত পৰিলহি তিনিচুকীয়াৰ সুৰজিত আৰু শ্যামল৷ আৱেগৰ বশৱৰ্তী হৈ সংগ্ৰামৰ পথ বাচি লৈ প্ৰায় জ্জ্ব মাহ পূৰ্বে আলফাত যোগদান কৰিছিল তিনিচুকীয়া জিলাৰ পেঙেৰীৰ সুৰজিত গগৈ আৰু লক্ষ্মীপথাৰৰ শ্যামল বৰাই৷ নিষিদ্ধ সংগঠনত তেওঁলোকৰ নাম হৈছিল ক্ৰমে সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰা ওৰফে নিয়ৰ অসম৷ কিন্তু দিন পাৰ হোৱাৰ লগে লগে তেওঁলোকৰ ক্ৰমাণ্বয়ে সশস্ত্ৰ পন্থাৰ প্ৰতি মোহভংগ হ’বলৈ ধৰে৷ নিজৰ ভুল উপলব্ধি কৰি কেইদিনমান পূৰ্বে মূলসুঁতিলৈ উভতি অহাৰ বাবে আলফাৰ শিবিৰৰ পৰা পলায়ন কৰে দুই যুৱকে৷ কিন্তু গোপনে শিবিৰ ত্যাগ কৰা এই দুই যুৱকক দেখা মাত্ৰকেই গুলীওৱাৰ নিৰ্দেশ জাৰী কৰে আলফাৰ শীৰ্ষ নেতৃত্বই৷ দুৰ্ধৰ্ষ আলফা নেতা ৰূপম অসমৰ নেতৃত্বত আলফাৰ এটা সশস্ত্ৰ গোট পলায়ন কৰা সদস্যদ্বয়ৰ সন্ধানত নামি পৰাৰ বাতৰিয়ে শংকিত কৰি তোলা দুই যুৱকৰ পৰিয়ালে কান্দি-কাটি আলফাৰ নেতৃত্বক সুৰজিত আৰু শ্যামলক হত্যা নকৰিবলৈ আনুৰোধ জনায়৷ সুৰজিত আৰু শ্যামলক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎকণ্ঠাৰ মাজতে সোমবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী নগল’ ভিলেজৰ সমীপত আছাম ৰাইফলছ আৰু টিৰাপ আৰক্ষীয়ে দুয়োকে আটক কৰিবলৈ সক্ষম হয়৷ সুৰজিত আৰু শ্যামল শীৰ্ষ আলফা নেতা স্বয়ম্ভু মেজৰ জেনেৰেল মাইকেল ডেকাফুকনৰ অধীনত নিষিদ্ধ সংগঠনটোৰ ম্যানমাৰস্থিত জেনেৰেল মিলিটেৰী হেডকোৱাৰ্টাৰ বুলি পৰিচিত হাচি শিবিৰত আছিল বুলি সূত্ৰত প্ৰকাশ৷ সূত্ৰমতে, তেওঁলোকে প্ৰকাশ কৰা অনুসৰি, উক্ত শিবিৰত বৰ্তমান ৪০ জনমান সদস্য আছে৷ ইতিমধ্যে দুই যুৱক সোঁশৰীৰে সেনা আৰু অৰুণাচল আৰক্ষীৰ জিম্মাত থকা বুলি তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হৈছে৷