Logo
image

ক’ভিডৰ পাছত কাজিৰঙাৰ ৰেকৰ্ড

আমাৰ অসম, ২ জুনঃ সংৰক্ষণৰ দিশত সফলতাৰে শতবৰ্ষ গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ পৰ্যটকৰ আগমনে ইতিহাস ভংগ কৰিলে৷ আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে উদ্যান কৰ্তৃপক্ষই বন্ধ ঘোষণা কৰি জানিবলৈ দিয়া মতে, ২০২১-২২ বৰ্ষত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি মুঠ ২,৫৫, ৬৭৬জন দেশ-বিদেশৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে৷ ইয়াৰে ১,৬৭৮জন বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰাৰ লগতে ২,৫৩,৯৯৮জন দেশীয় পৰ্যটকে উদ্যান ভ্ৰমণ কৰাত বন বিভাগে মুঠ ৬, ২৪, ৮, ৬৫৪ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, এইবাৰৰ পৰ্যটন বৰ্ষৰ প্ৰধান আকৰ্ষণ আছিল ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন৷ ইয়াৰ উপৰিও দেশৰ বহুসংখ্যক ভি ভি আই পি তথা বিশেষ লোকৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ৷ ইফালে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বলিউডৰ তাৰকা অক্ষয় কুমাৰে এক কোটি অনুদান আগবঢ়োৱা বাতৰিয়েও পৰ্যটকৰ দৃষ্টি আকৰ্ষণ বৃদ্ধি কৰে৷ উল্লেখ্য, ২০২১-২২ পৰ্যটন বৰ্ষৰ মুঠ পৰ্যটকৰ ভিতৰত সৰ্বাধিক ডিচেম্বৰ মাহত ৫৫, ৭৭৩জন পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে৷ ইফালে বছৰৰ মে’ মাহত বাৰিষা অৰ্থাৎ বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ কাৰণে পৰ্যটকৰ বাবে উদ্যান বন্ধ ৰখা হয় যদিও এইবাৰ সম্পূৰ্ণ মে’ মাহটো খোলা ৰখাত অতিৰিক্তভাৱে কেৱল মে’ মাহতেই ১৫, ৯৮৯জন পৰ্যটকে উদ্যান ভ্ৰমণ কৰে৷ বৰ্তমান সামাজিক মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ কথা বহুলভাৱে প্ৰচাৰ হোৱাত দিনকদিনে কাজিৰঙালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে বুলি উদ্যান কত্তৃৰ্পক্ষই মত প্ৰকাশ কৰে৷ অন্যহাতে, মহামাৰী ক’ভিডৰ কিছু বাধ্য বাধকতাৰ বাবে এইবাৰ কাজিৰঙালৈ বিদেশী পৰ্যটকৰ আগমন কমিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ বিদেশৰ পৰ্যটকৰ আগমন বৃদ্ধি পালে ৰাজহো আৰু বৃদ্ধি পাব৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ যোৱা কোনো পৰ্যটকেই বিমুখ হ’বলগা নহয়৷ গঁড়, হাতী, ঢেঁকীয়াপতীয়া বাঘ, এছীয় ম’হ, পাঁচ শতাধিকতকৈও অধিক প্ৰজাতিৰ পক্ষী খাল, বিলকে ধৰি জীৱ বৈচিত্ৰ্য্যৰে ভৰপূৰ এই ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিবলৈ অহা সকলোধৰণৰ পৰ্যটকে আনন্দ লাভ কৰিবলৈ সক্ষম হয় বুলি পৰ্যটন ব্যৱসায়ীয়ে মত প্ৰকাশ কৰে৷ উল্লেখ্য, এইবাৰ কাজিৰঙালৈ পৰিয়ালৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দে দৰ্শন কৰাৰ ফলতো কাজিৰঙাৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাইছে বুলি পৰ্যটন ব্যৱসায়ীয়ে জানিবলৈ দিয়ে৷ এটা গুৰুত্বপূৰ্ণ কথা যে ১৯০৫ চনত কাজিৰঙাক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ পাছত ১৯৩৮ চনত উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল৷ বিগত ৯৪ বছৰীয়া ইতিহাস ভংগ কৰি এইবাৰ সৰ্বাধিক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উদ্যান ভ্ৰমণ কৰি অভিলেখ সৃষ্টি কৰাটো পৰ্যটন ব্যৱসায়ীৰ বাবে এক শুভলক্ষণ বুলি পৰ্যটনৰ সৈতে জড়িত লোকে জানিবলৈ দিয়ে৷