Logo
image

কেকেৰ মৃত্যু স্বাভাৱিক, প্ৰতিকূল পৰিস্থিতিত হৃদৰোগেই হ’ল কাল

শোকস্তব্ধ সংগীত জগত

আজি মুম্বাইত শেষকৃত্য

আমাৰ অসম, ২ জুনঃ ‘হাম, ৰহেঁ য়া না ৰহেঁ কাল৷ কাল য়াদ আয়েংগে য়ে পল...৷’ কাইলৈ মই নাথাকিবও পাৰোঁ৷ এই মুহূৰ্তবোৰ মনত থাকি যাব...৷ অন্তিম যাত্ৰাৰ সুৰৰ ঐক্যতান তেওঁ আগনিশাই স্থিৰ কৰি দিছিল৷ ঠিক আগনিশা নহয়, বহুদিন পূৰ্বেই তেওঁ গাইছিল এই গীত আৰু মঙলবাৰে নিশা কলকাতাৰ নজৰুল মঞ্চৰ শেষৰ গীতটোও আছিল সেইটোৱেই– যেন তেওঁ জানিছিল, অদৃষ্টই তেওঁক তেনে এটা বিষাদপূৰ্ণ যাত্ৰাৰ বাবে সাজু কৰি তুলিছে, যি শেষ যাত্ৰাৰ সুৰ সমলয় হ’ব– হাম, ৰহেঁ য়া না ৰহেঁ কাল...৷ আৰু ঠিক কলকাতাৰ ৰবীন্দ্ৰ সদনৰ পৰা বুধবাৰৰ বিষণ্ণ বিয়লি আৰম্ভ হোৱা কেকেৰ অন্তিম যাত্ৰাত মৃদু লয়ত বাজি উঠিল সেই গীতটো৷ বিষাদসিক্ত হৈ উঠিল চৌপাশৰ পৰিৱেশ৷ আকুল জনতাৰ কান্দোনৰ ৰোল উঠিল তাৰো পূৰ্বে, যেতিয়া কেকেৰ কফিনবন্দী দেহৰ কাষলৈ আহি সৰু কাঁচৰ মাজেৰে শেষবাৰলৈ স্বামীৰ মুখমণ্ডল চাই উচুপি উঠিল পত্নী জ্যোতি কৃষ্ণা আৰু কফিনত হাত ফুৰাই নিশব্দে আঁতৰি গ’ল পুত্ৰ নকুল কৃষ্ণ৷ ঠিক তেতিয়াই ৰবীন্দ্ৰ সদনৰ নৈশব্দক আঘাত কৰি আৰম্ভ হ’ল একৈশটা টোপধবনি৷ বন্দুকৰ গুলীৰ কৰ্কশ শব্দ যেন বেদনাভৰা কান্দোনৰ সৈতে এক হৈ গ’ল৷

মঙলবাৰে নিশা কলকাতাত এটা সংগীতানুষ্ঠানৰ উজ্জীৱিত সামৰণি মাৰি নিজৰ জীৱন নাট আকস্মিকভাৱে সামৰা দেশৰ সাম্প্ৰতিক কালৰ অন্যতম জনপ্ৰিয় গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ মৃত্যুৰ ঘটনা এতিয়া আৰু দেশবাসীৰ বাবে বাতৰি হৈ থকা নাই৷ যাৰ সুৰীয়া কণ্ঠই তেওঁৰ অনুৰাগীক শোকবিহ৩ল কৰি তুলিব পাৰে, যাৰ গীতে অনেকৰ হূদয়ত বিষাদৰ সৃষ্টি কৰে, সেই কৃষ্ণকুমাৰ কুন্নাথ বা সকলো সংগীত অনুৰাগীৰ বাবে কেকে হিচাপে পৰিচিত, তেওঁৰ অকাল মৃত্যুত এতিয়া দেশত চৌপাশে শোকৰ লহৰ৷ মঙলবাৰৰ অপ্ৰত্যাশিত, অনাকাংক্ষিত অকাল মৃত্যুৰ খবৰ নিশাটো বিশ্বাস-অবিশ্বাসৰ মাজত ৰাখি আজি বুধবাৰে কেকেৰ মৃত্যুৰ পৰৱৰ্তী দিনটোত সকলো অনুৰাগীয়েই শোকত আচ্ছন্ন৷ আক্ষৰিক অৰ্থতে শোকস্তব্ধ সমগ্ৰ দেশ৷

এনে মৃত্যুও কি সম্ভৱ? সেই প্ৰশ্নই বিগত ২৪ ঘণ্টা ধৰি সমগ্ৰ দেশবাসীক আমনি কৰিছে৷ এটা উত্তাল-উজ্জীৱিত সংগীতানুষ্ঠান এককভাৱে সম্পূৰ্ণ কৰি, এটা এটাকৈ ২০টা গীত গাই শ্ৰোতাক আপ্লুত কৰি তাৰ পিছমুহূৰ্ততে এজন ৫৪ বছৰীয়া সুন্দৰ-সুঠাম ব্যক্তিৰ মৃত্যু কেনেদৰে সম্ভৱ? কলকাতাৰ বিবেকানন্দ কলেজৰ অনুষ্ঠানৰ বাবে কেকেই উল্টাডাংগাৰ যিটো প্ৰেক্ষাগৃহত মঙলবাৰে সংগীত পৰিৱেশন কৰিছিল, সেই নজৰুল মঞ্চত যোৱানিশা দৰ্শকৰ অভাৱনীয় ভিৰ হৈছিল৷ ২০০০-২৫০০ দৰ্শকাসন থকা নজৰুল মঞ্চত সোমাইছিল ৭০০০ৰো অধিক দৰ্শক৷ ফলত বাতানুকুল হোৱা সত্ত্বেও নজৰুল মঞ্চৰ এচিয়ে শীত সৰবৰাহ কৰিব পৰা নাছিল৷ তীব্ৰ গৰমত উত্তপ্ত হৈ পৰিছিল নজৰুল মঞ্চ৷ দৰ্শকক ছত্ৰভংগ দিয়াবৰ বাবে আয়োজকে ‘ফায়াৰ একষ্টিংগুইচাৰ’ ব্যৱহাৰ কৰিবলগীয়া হৈছিল৷ অনুষ্ঠান পৰিৱেশনৰ সময়ত দৰ দৰকৈ ঘামিছিল কেকে৷ বাৰে বাৰে তেওঁ শৰীৰৰ ঘাম মছিবলগীয়া হৈছিল৷ সম্ভৱতঃ তেওঁ তেতিয়াই অসুস্থ হৈ পৰিছিল৷ সেয়ে অনুষ্ঠানৰ মাজতে কেকেই অসুস্থতা বোধ কৰি ১০ মিনিট সময় বিৰতিও লৈছিল৷ পুনৰ তেওঁ আহিছিল মঞ্চলৈ আৰু এটা এটাকৈ শেষ কৰিছিল মঙলবাৰে নিশাটোৰ বাবে চয়ন কৰা কুৰিটা গীত৷ নিশা ৯ বজাত সংগীতানুষ্ঠানৰ সমাপ্তি ঘটাৰ লগে লগে সামান্য অসুস্থ, অস্বস্তি আৰু অসহজ বোধ কৰা কেকেক আয়োজকে দৌৰাদৌৰিকৈ লৈ গৈছিল নিউমাৰ্কেটৰ দ্য গ্ৰেণ্ড হোটেললৈ, যাতে জনতাৰ ভিৰৰ পৰা আঁতৰি তেওঁ স্বস্তিৰে উশাহ ল’ব পাৰে৷ হোটেলত প্ৰৱেশ কৰাৰ পাছতে অনুৰাগীৰ ছেলফিৰ আব্দাৰ উপেক্ষা কৰি কেকে নিজৰ কোঠালৈ যায় আৰু সেই সময়তে তেওঁ হঠাৎ বাগৰি পৰে আৰু অজ্ঞান হৈ যায়৷ তেওঁক দৌৰাদৌৰিকৈ চিএমআৰআই নামৰ এখন বেচৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ কেকেৰ অস্বাভাৱিক মৃত্যুৰ অভিযোগ তুলি নিউমাৰ্কেট থানাত গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ অনেকেই অতিৰিক্ত দৰ্শকেৰে ভৰা প্ৰেক্ষাগৃহত অত্যাধিক গৰমত দমবন্ধ হৈ যোৱা পৰিৱেশ সহ্য কৰিব নোৱাৰিয়েই কেকেৰ মৃত্যু হোৱা বুলি আয়োজকৰ অব্যৱস্থাক দোষাৰোপ কৰিছে৷ ওম পুৰীৰ প্ৰাক্তন পত্নী নন্দিতা পুৰীয়ে কলকাতাই কেকেক হত্যা কৰা বুলি মুকলি অভিযোগ কৰিছে৷ পশ্চিম বংগৰ কংগ্ৰেছ নেতা অধীৰ চৌধুৰী, বিজেপিৰ নেতা দিলীপ ঘোষেও চৰকাৰৰ গাফিলতি কেকেৰ মৃত্যুৰ কাৰণ বুলি মমতা বেনাৰ্জী চৰকাৰক দোষাৰোপ কৰিছে৷ বুধবাৰে কেকেৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদনে অৱশ্যে তেনে সকলো আশংকা দূৰ কৰিছে৷ কলকাতাৰ এছ এছ কে এম হাস্পতালত কৰা মৰণোত্তৰ পৰীক্ষাৰ মতে কেকেৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক৷ হূদৰোগত আক্ৰান্ত হৈয়েই তেওঁৰ মৃত্যু হৈছে৷ সম্ভৱতঃ অনুষ্ঠানৰ মাজতে তেওঁৰ ‘মেছিভ হাৰ্ট এটেক’ হৈছিল৷ মূৰত যি সামান্য আঘাতৰ চিহ্ন আছে, সেয়া অজ্ঞান হৈ পৰি যোৱাৰ ফলত হোৱা বুলি প্ৰাৰম্ভিক মৰণোত্তৰ প্ৰতিবেদনত প্ৰকাশ৷

‘হাম দিল দে চুকে সনম’ ছবিত ছলমান খানৰ ওঁঠত ‘তড়প তড়প’  গীতটো গায়েই দেশৰ শ্ৰোতাৰ হৃদয়ত স্থায়ী আসন লৈছিল মালয়ালী যুৱকজনে, যি কেতিয়াও সংগীতৰ কিম্বা শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক শিক্ষা লোৱা নাছিল৷ বলীউডত ভৰি থোৱাৰ পূৰ্বেই তেওঁ ১১টা ভাষাত প্ৰায় চাৰে তিনি হাজাৰ বিজ্ঞাপনৰ গান গাইছিল৷ ১৯৯৯চনৰ বিশ্বকাপ ক্ৰিকেটত কেকেই টীম ইণ্ডিয়াৰ বাবে ‘জোছ অব ইণ্ডিয়া’ শীৰ্ষক গীতটোত কণ্ঠ দিছিল৷ কেকে-ক প্ৰথম ছবিত গান গোৱাৰ সুযোগ দিছিল এ আৰ ৰেহমানে ১৯৯৬ চনত তামিল ছবি ‘কদাল দেশম’ত৷ সেই ছবিৰ ‘কলেজ ষ্টাইল’ গীতটোৰ জৰিয়তে কেকে-ই প্ৰথম জনপ্ৰিয়তা অৰ্জন কৰে৷ তাৰ পাছত ১৯৯৯ চনত ‘হাম দিল দে...’ ছবিৰ ‘তড়প তড়প কে ইছ দিল ছে...’ গীতে কেকে-ক ছবিৰ নেপথ্য শিল্পীৰূপে নিগাজী আসন দিয়ে৷ সেয়া আছিল তেওঁৰ বলীউডত আত্মপ্ৰকাশ আৰু একেলগে আত্মপ্ৰতিষ্ঠা৷ একে বছৰতে মুক্তি লাভ কৰে কেকে-ৰ বিখ্যাত এলবাম ‘পল’৷ যিটো এলবামৰ ‘হাম, কাল ৰহেঁ য়া না ৰহেঁ কাল...’ নিশাটোৰ ভিতৰতে অসামান্য জনপ্ৰিয় হৈ উঠে৷ ঠিক তেতিয়াই তেওঁ ছবি উদ্যোগ আৰু অনুৰাগীৰ ওচৰত কেকেৰূপে পৰিচিত হৈ পৰে৷ হিন্দী, তামিল, তেলুগু, কান্নাড়, মালায়ালম, মাৰাঠী, বাংলা, গুজৰাটী আৰু সৰ্বোপৰি অসমীয়া ভাষাতো কেকেই গীত গাইছে৷ ২০০৯ চনত ‘খুদা জানে’ গীতটোৰ বাবে কেকেই ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰে৷ জীৱদ্দশাত কেকেই কেৱল হিন্দীত ৫০০ৰো অধিক আৰু অন্যান্য ভাষাত ২০০ৰো অধিক গীতত কণ্ঠ দিছে৷ কোৱা হয়, উদাসভৰা, বিষাদসিক্ত কণ্ঠ, সুৰেৰে কেকেই উচ্ছগ্ৰামত যিদৰে সংগীত পৰিৱেশন কৰিছিল, সেই সংগীতে বলীউডত বৈপ্লৱিক পৰিৱৰ্তন আনে৷ ’৯০ দশৰ প্ৰজন্মৰ বাবে কেকেৰ গীত অনন্য আৰু অনবদ্য পচন্দ হিচাপে বিবেচিত হয়৷ তেওঁৰ ‘আলবিদা’, ‘অ’ মেৰী জান’, ‘কোই কহে কহতা ৰহে’, ‘সঁচ কহে ৰহা হ্যে দিৱানা’, ‘তুহি মেৰা শব হ্যে’, ‘দিল ইবাদত’– ইত্যাদি কেকেৰ গীতে দেশৰ শ্ৰোতাৰ হৃদয়ত স্থায়ী আসন অধিকাৰ কৰি আছে৷ মালয়ালী পৰিয়ালৰ সন্তান কিন্তু দিল্লীত জন্ম আৰু ডাঙৰ দীঘল হোৱাৰ বাবে কেকেৰ হিন্দী উচ্ছাৰণ আছিল সঠিক আৰু সেইবাবেই তেওঁৰ হিন্দী গীত জনপ্ৰিয় হৈ পৰিছিল৷ তেওঁ অধ্যয়ন কৰিছিল দিল্লীৰ ছেইণ্ট মেৰী স্কুল আৰু কিৰোৰী মল কলেজত৷ কোৱা বাহুল্য মাথোঁ, কেকেৰ গীত ‘ইউএছপি’ বা ‘ইউনিক ছেলিং পইণ্ট’ আছিল অৱশ্যেই বিষাদ আৰু বেদনা৷ নিজৰ গীত আৰু কণ্ঠৰ দৰেই অনুৰাগীক বিষাদ আৰু বেদনা দি কেকে আঁতৰি গ’ল৷ বুধবাৰে মমতা বেনাৰ্জী চৰকাৰে কলকাতাৰ পৰা ‘গান চেল্যুটে’ৰে বিদায় দিয়া কেকেৰ শেষকৃত্য হ’ব বৃহস্পতিবাৰে মুম্বাইত৷ অনুৰাগীৰ মনত চিৰদিনৰ বাবে ৰৈ যাব কেকেৰ জনপ্ৰিয় গীতৰ ঝংকাৰ৷