Logo
image

পানীত বুৰ গৈছে দিশাহীন ৰাষ্ট্ৰীয় পথ, গাড়ী পৰিছেগৈ খাৱৈত

আমাৰ অসম, ২ জুনঃ ৰাজ্যৰ বহু ঠাইত এতিয়া ৰাজপথো দিশাহীন৷ পানীত বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল, ৰাজপথৰ বৃহৎ অংশ৷ সেইবাবেই পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ পানীৰ বাবে আগ-পিছ গুণিব নোৱৰাৰ সূত্ৰে খাৱৈত পৰিছেগৈ গাড়ী৷ উল্লেখ্য, বৰষুণৰ বাবে গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত ৰঙামাটি আৰু বাদুলীপাৰৰ মাজত আজি একেদিনাই দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত এখন গাড়ী বিধবস্ত হোৱাৰ লগতে ইয়াৰ চালকজন আঘাতপ্ৰাপ্ত হয়৷ অৱশ্যে, আনখন গাড়ী সামান্যভাৱে ক্ষতিগ্ৰস্ত হয়৷ বৰষুণত চাৰিলেনযুক্ত পথটো পানীৰে উপচি থকা বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ ঘটনাৰ বিৱৰণী মতে আজি দুপৰীয়াৰ ভাগত বৰষুণ হৈ থকাৰ মাজতে ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বোকাখাতৰ দিশৰ পৰা দেৰগাঁও নগৰৰ দিশে আহি থকা এখন স্কৰপিঅ’ গাড়ীয়ে দিকবিদিক হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে৷ এই দুৰ্ঘটনাত গাড়ীখন সামান্যভাৱে ক্ষতিগ্ৰস্ত হয় যদিও কোনো লোক হতাহত হোৱা নাই৷ ইয়াৰ কিছু সময়ৰ পাছতে ঘটনাস্থলীৰ পৰা কিছু নিলগত অনুৰূপ ধৰণে আন এখন হোণ্ডাই গাড়ীয়েও নিয়ন্ত্ৰণ হেৰুৱাই চাহ বাগিচাৰ কাষত পৰেগৈ৷ ফলত হোণ্ডাই গাড়ীখন বিধবস্ত হোৱাৰ লগতে চালকৰ আসনত থকা লোকজন আঘাতপ্ৰাপ্ত হয়৷ অৱশ্যে তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যাবলৈ দিয়া হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ¸৷ 

যোৰহাটত ট্ৰাকৰ খুন্দাত নিহত স্কুটী আৰোহী

যোৰহাটৰ পুলিবৰ থানাৰ অন্তৰ্গত ৭১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পানীচকুৱাত মঙলবাবে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়৷ নিহত লোকজনক পানীচকুৱাৰ অনিল দাস বুলি চিনাক্ত কৰা হৈছে৷ জানিব পৰা মতে মঙলবাৰে নিশা প্ৰায় ১১.০০ বজাত অনিল দাসে এখন স্কুটীৰে গৃহাভিমুখে গৈ থকাৰ সময়ত গুৱাহাটী অভিমুখী এখন ট্ৰাকে মহতীয়াই নিয়ে৷ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে স্কুটীখন বিধবস্ত হয়৷  লগে লগে তেওঁক যোৰাহট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও মূৰত আঘাত পোৱাৰ বাবে তেওঁ চিকিৎসালয়ত মৃত্যুক সাবটি লয়৷ আৰক্ষীয়ে স্কুটীখন উদ্ধাৰ কৰে যদিও দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনে পলায়ন কৰে৷

আছুৰে আন্দোলনৰ পাছতে বিধবস্ত ৰাজপথৰ মেৰামতি আৰম্ভ

২০১৫ চনতে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে যোৰহাটৰ পৰা ডিব্ৰুগড় পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ছোৱা [বৰ্তমান ৭১৫নং] চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ বাবে আধাৰশিলা স্থাপন কৰাৰ ৭ বছৰ সম্পূৰ্ণ হ’ল যদিও মোদী চৰকাৰৰ ৮ বছৰীয়া সফলতা জাহিৰ কৰা চৰকাৰখনে পথছোৱা উন্নীত কৰাৰ ক্ষেত্ৰত সামান্যভাৱেহে অগ্ৰসৰ হয়৷ যাৰ ফলত যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত বৃহৎ গাঁত হোৱাত যান-বাহন চলাচল কৰাটো বিপজ্জনক হৈ পৰিছে৷ তদুপৰি এজাক বৰষুণতে বোকাপানীৰে এই গাঁতবোৰ কদৰ্য হৈ পৰে৷ পথছোৱাৰ এনে কদৰ্য ৰূপত অতিষ্ঠ হৈ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু টীয়ক নাগৰিক সমিতিয়ে আজিৰে পৰা দুদিন ধৰি পথ বন্ধ আৰু [এনএইচআইডিচিএল] ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুমকি দিয়ে৷ আছুৰ এই হুমকিৰ পাছত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ হস্তক্ষেপত কালি এনএইচআইডিচিএলৰ মহাপ্ৰবন্ধক বিজয় কুমাৰ, মনোজ কুমাৰ সিং, ঠিকাদাৰী প্ৰতিষ্ঠান বিজেতা প্ৰজেক্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিঃ আৰু চুইটি ইনফ্ৰাষ্টাকচাৰ প্ৰাঃ লিঃ প্ৰকল্প পৰিচালক জাভেদ খানৰ উপস্থিতিত আছুৰ প্ৰতিনিধিৰ সৈতে এখন সভা জিলা উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত হয়৷ উপায়ুক্ত বৰ্মন আৰু অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ উপস্থিতিত হোৱা আলোচনা মৰ্মে কোম্পানী দুটাই আজিৰ পৰা মেৰামতিৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ সেইমতে আজি লাহদৈগড়ৰ পৰা কদৰ্য পথছোৱাত মেৰামতিৰ কাম আৰম্ভ কৰা হয়৷ নিৰ্মাণ কোম্পানী দুটাৰ লগতে এনএইচআইডিচিএলৰ পলমকৈ হ’লেও এই তৎপৰতাত আছু আৰু টীয়ক নাগৰিক সমিতিয়ে সন্তোষ প্ৰকাশ কৰিছে৷