Logo
image

মহানগৰীৰ জু ৰোডত সংঘটিত পথ দুৰ্ঘটনা

আমাৰ অসম, ০৩ ডিচেম্বৰঃ মহানগৰীৰ জু ৰোডত সংঘটিত হয় এক পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে জু ৰোডত অৱস্থিত অম্বিকা পেট্ৰল পাম্পৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা। ভুল দিশেৰে অহা AS-01-HC- 7446 নম্বৰৰ মেজিক বাহন খনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই এখন স্কুটী আৰু এগৰাকী চাইকেল আৰোহীক খুন্দা মাৰে। স্কুটী আৰোহী গৰাকী কোনোমতে ৰক্ষা পৰে যদিও চাইকেল আৰোহী গৰাকী আঘাতপ্ৰাপ্ত হয়। আহত চাইকেল আৰোহী গৰাকী চিকিৎসালয়লৈ লৈ যোৱা হয়। দুৰ্ঘটনাটোত কোনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই।