Logo
image

১৩ টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে

আমাৰ অসম, ০৩ ডিচেম্বৰঃ বৃহস্পতিবাৰে মহানগৰীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনৰ সমীপত ১৩ টা বিৰোধী ৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে। চৰকাৰে APDCL ক ব্যক্তিগতকৰণ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে এই প্ৰতিবাদ। ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণ মৰ্চা, এল ডি পি, আপ, আৰ জে ডি, অসম সংগ্ৰামী মঞ্চ, এন চি পি, চিপি আই(এম), চি পি আই, চি পি আই (এম-এল) আৰু আৰ চি পি আই এই ১৩ টা বিৰোধী ৰাজনৈতিক দলে যৌথ বিক্ষোভ প্ৰদৰ্শন কৰে।