Logo
image

৯ জুনৰ বিয়লি ৩ বজাত সম্প্ৰসাৰণ, মন্ত্ৰী হ’ব নন্দিতা

আমাৰ অসম, ৭ জুনঃ আচম্বিতে দিল্লী যাত্ৰা স্থগিত হ’ল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ মন্ত্ৰীসভাৰ বহু চৰ্চিত সম্প্ৰসাৰণৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মা দিল্লীলৈ গৈ হাইকামাণ্ডাৰে বৈঠকত মিলিত হোৱাৰ কথা আছিল৷ কিন্তু এতিয়া দিল্লীলৈ যোৱাৰ পৰিৱৰ্তে হাইকামাণ্ডৰে ফোনতে কথা পাতি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বিষয়টো চূড়ান্ত কৰিব৷ কাৰ্বি পাহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সকলোকে আচৰিত কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্ত ঘোষণা কৰাৰ লগতে কৈছিল যে ৬ জুনত তেওঁ নতুন দিল্লীলৈ যাব৷ নতুন দিল্লীত দলৰ হাইকামাণ্ডৰে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে সবিশেষ কথা পাতি নতুন মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ’বলগীয়া সকলৰ নাম ৮ জুনত ঘোষণা কৰিব৷ ৯ জুনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব৷ ক্ষুদ্ৰ পৰিসৰত হ’বলগীয়া এই সম্প্ৰসাৰণত অন্তৰ্ভুক্ত হ’বলগীয়া মন্ত্ৰীসকলৰ নাম হাইকামাণ্ডৰে আলোচনা কৰাৰ পিছতহে ঘোষণা কৰাৰ কথা আছিল৷ কিন্তু এতিয়া দিল্লীলৈ যোৱাৰ পৰিৱৰ্তে হাইকামাণ্ডৰে ফোনতে এই সন্দৰ্ভত কথা পাতি চূড়ান্ত কৰা হ’ব নতুন মন্ত্ৰীৰ নাম৷ উল্লেখ্য যে ৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন৷ ১২ জুনত ভোট গণনা৷ এইবাৰৰ সম্প্ৰসাৰণত পাহাৰৰ এজন বিধায়কে স্থান লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰি থৈছে৷ আনহাতে বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ এজন বিধায়ক এইবাৰৰ সম্প্ৰসাৰণ স্থান লাভ কৰিব বুলি দলটোৰ মুৰব্বী প্ৰমোদ বড়োৱে দলীয় কৰ্মী সভাত ঘোষণা কৰিছে৷ বৰ্তমান ড॰ শৰ্মা মন্ত্ৰীসভাত ৫টা মন্ত্ৰীৰ পদ খালী হৈ আছে যদিও ইয়াৰ এটা অংশহে পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে নিজে ইতিমধ্যে ঘোষণা কৰিছে৷ অৰ্থাৎ এইবাৰৰ সম্প্ৰসাৰণত এজন বা দুজন মন্ত্ৰী নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ সম্ভাবনাই অধিক৷ এই ক্ষেত্ৰত পাহাৰৰ প্ৰতিনিধি হিচাপে হাফলং সমষ্টিৰ বিধায়ক নন্দিতা গালোৰ্ছা আৰু ইউ পি পি এলৰ গোবিন্দ বসুমতাৰী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব বুলি বাজপেয়ী ভৱনৰ সূত্ৰত প্ৰকাশ৷ মন্ত্ৰী পদ নপোৱা পৰ্যন্ত বিটি আৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা পদত্যাগ নকৰে বুলি বহু পূৰ্বে ঘোষণা কৰি থৈছে দলটোৰ নেতা গোবিন্দ বসুমতাৰীয়ে৷ এইবাৰৰ সম্প্ৰসাৰণত বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাই আদি নাম সৰ্বাধিক চৰ্চালৈ আহিছে যদিও পৰিৱৰ্তীত ৰাজনৈতিক সমীকৰণৰ ফলত বিজেপিৰ এইসকল মন্ত্ৰিত্ব প্ৰত্যাশীৰ আশাত চেচা পানী পৰাৰ আশংকা বল হৈ পৰিছে৷ বিশেষকৈ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাইৰ হুংকাৰৰ পিছতে মপ্ৰন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সমগ্ৰ সমীকৰণে ওলোট পালট হোৱাৰ আশংকা প্ৰবল হৈ পৰিছে৷ আনহাতে মুখ্যমন্ত্ৰীৰ হঠাৎ দিল্লী যাত্ৰা বাতিলৰ পিছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সমগ্ৰ বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে দলৰ একাংশ নেতা আৰু মন্ত্ৰিত্ব প্ৰত্যাশীসকল৷ বাজপেয়ী ভৱনৰ সূত্ৰটোৰ মতে ৯ জুনৰ বিয়লি নতুন মন্ত্ৰীসকলে শপতগ্ৰহণ কৰিব আৰু এই পৰ্যন্ত নন্দিতা গাৰ্লোচাৰ নামতহে হাইকামাণ্ডে অনুমতি দিছে৷ কৌশলগত কাৰণে নন্দিতা গাৰ্লোচাৰ নামত মোহৰ মাৰিছে দল শীৰ্ষ নেতৃত্বই৷