Logo
image

গোহাঁইৰ লগত কোন?

বিজেপিত ন-পুৰণি বিতৰ্ক

আমাৰ অসম, ৭ জুনঃ বিজেপিৰ অভ্যন্তৰত সৃষ্টি হোৱা ন-পুৰণি সংঘাট যেন ক্ৰমাৎ তুংগত উঠিছে৷ বিশেষকৈ দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে দেওবাৰে কৰা মন্তব্যৰ পিছতে ৰাজনৈকি ধুমুহাৰসৃষ্টি হৈছে বাজপেয়ী ভৱনত৷ মন্ত্ৰীসভাৰ আগন্তুক সম্প্ৰসাৰণত দলৰ দুই প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যেন একপ্ৰকাৰে সকীয়নিয়ে দিলে গোহাঁয়ে৷ আনকি ক্ষমতা পোৱাৰ বাবে অহংকাৰী নহ’বলৈও বৰ্তমানৰ দলৰ নেতৃত্বক নীতিশিক্ষা দিছিলে দলৰ জ্যেষ্ঠ নেতাজনে৷ দল আৰু চৰকাৰত পুৰণি নেতা-কৰ্মীক যথাযোগ্য সন্মান আৰু মৰ্যাদা নিদিয়া বুলি ৰাজেন গোহাঁয়ে দীৰ্ঘদিন ধৰি ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰি আহিছে৷ দেওবাৰেও অনুৰূপ অভিযোগ উত্থাপন কৰি দলৰ পুৰণি কৰ্মীক গুৰুত্ব দিবলৈ দাবী জনায় বৰ্তমানৰ নেতৃত্বক, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ ৰাজ্যৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাহিৰৰ পৰা দললৈ আনি মুখ্যমন্ত্ৰী পতা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে৷ উল্লেখ্য, বিজেপিৰ অভ্যন্তৰত ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজত দীৰ্ঘদিন ধৰি উমি উমি জ্বলি থকা ক্ষোভ আৰু অসন্তুষ্টিৰ বহিঃপ্ৰকাশ দেওবাৰে যেন ৰাজেন গোহাঁইৰ ভাষ্যৰ মাজেদি ঘটিল৷ ৰাজেন গোহাঁইৰ কঠোৰ সকীয়নিৰ প্ৰভাব মন্ত্ৰীসভাৰ আগন্তুক সম্প্ৰসাৰণ কৰিব পাৰে বুলি শংকিত হৈ পৰিছে মন্ত্ৰিত্বপ্ৰত্যাশী একাংশ ন-বিজেপি বিধায়ক৷ ৰাজেন গোহাঁয়ে দেওবাৰে নিজৰ ক্ষোভৰ বিস্ফোৰণ ঘটালেও এইপৰ্যন্ত অন্য কোনো পুৰণি বিজেপি নেতাই অৱশ্যে মুখ খুলি এই সন্দৰ্ভত একো কথা কোৱা নাই৷ কিন্তু দলটোৰ বহু পুৰণি ক্ষোভিত নেতা-কৰ্মী ৰাজেন গোহাঁইক সন্মুখত ৰাখি ন-বিজেপিৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ সাঁজু হোৱা বুলি দলৰ এক সূত্ৰত প্ৰকাশ৷ অৱশ্যে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে সোমবাৰে ৰাজেন গোহাঁইৰ অভিযোগ আৰু অসন্তুষ্টিক সমৰ্থন জনাই সংবাদ মাধ্যমৰ আগত কয়– ৰাজেন গোহাঁইৰ মন্তব্য একেবাৰে অমূলক নহয়৷ তেখেতে কোৱা কথাখিনি বেয়া নহয়৷ পূৰ্বৰ যিবিলাক বিজেপি তেওঁলোকে বহু কষ্ট কৰিছে৷ তেওঁলোকৰ কষ্টৰ বিনিময়ত বিজেপি শাসনলৈ আহিছে৷ আজি কোনোবাই কষ্ট কৰিছে বুলিয়ে যে বিজেপি শাসনলৈ আহিছে এনে নহয়৷ পুৰণা বিজেপিয়ে মন্ত্ৰিত্ব পাব লাগে৷ অৱশ্যে মন্ত্ৰী কাক দিব সেইটো মুখ্যমন্ত্ৰীৰ কথা৷ পুৰণি বিজেপি বঞ্চিত হোৱা বুলি কথাটো কোৱা কথাহে মাত্ৰ৷ মন্ত্ৰিত্ব জনগাঁথনি আৰু যোগ্যতাৰ ভিত্তিত দিব লাগে৷ মই মন্ত্ৰিত্ব আশা নকৰোঁ৷ মন্ত্ৰী হৈ কি লাভ আছে৷