Logo
image

স্কুলৰ বাছচালকৰ কন্যা স্নেহাৰ বিৰাট সাফল্য

আমাৰ অসম, ৮ জুনঃ পেছাত দেউতাক গাড়ী চালক৷ গাড়ী মান স্কুল বাছৰ চালক৷ দেউতাকে চলোৱা স্কুল বাছতে উঠি নিতৌ বিদ্যালয়লৈ অহা-যোৱা কৰে ছাত্ৰীগৰাকীয়ে৷ স্কুল বাছ চলোৱা দেউতাকে পৰিয়াল চলোৱাৰ বাবে সময় মিলাই দিন হাজিৰাও কৰে৷ পিতৃয়ে এনেদৰে কেঁচা ঘাম মাটিত পেলাই কৰা কষ্ট মৰ্মে মৰ্মে অনুভৱ কৰিছিল ছাত্ৰীগৰাকীয়ে৷ দেউতাকৰ কষ্ট লাঘৱ কৰাৰ বাবে যিমান পাৰে মনোযোগেৰে পঢ়াশুনা কৰি গৈছে মেধাৱী ছাত্ৰীগৰাকীয়ে৷ মনতে তাই মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এদিন প্ৰতিষ্ঠিত হোৱাৰ লগতে দেউতাকক আৰু কষ্ট কৰিবলৈ নিদিয়াৰ সংকল্প লৈছে৷ আজি সকলো প্ৰত্যাহ্বান যেন নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিল সেই গৰাকী মেধাৱী বাছ চালকৰ কন্যা স্নেহা শইকীয়া৷ সৰুপথাৰৰ ত্ৰিদিপ শইকীয়া আৰু স্বপ্না শইকীয়াৰ কন্যা স্নেহাই বুধবাৰে ঘোষিত মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থানত উত্তীৰ্ণ হৈছে৷ সৰুপথাৰৰ দয়ানন্দ বিদ্যা নিকেতন নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখনৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হৈ ৬০০ নম্বৰৰ ভিতৰত ৫৯৪ নম্বৰ লাভ কৰে ছাত্ৰীগৰাকীয়ে৷ স্নেহাৰ দেউতাকে বিগত কেইবাবছৰ ধৰি দয়ানন্দ বিদ্যা নিকেতনৰ স্কুল বাছ চলাই আহিছে৷ কেৱল স্নেহা শইকীয়াই নহয়, গাড়ী চালকৰ কন্যা ছাদিকা আহমেদেও হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে৷ বৰপেটাৰ ঢকুৱা হাইমাদ্ৰাছৰ মেধাৱী ছাত্ৰী ছাদিকাৰ পিতৃ ছাইজুদ্দিন আহমেদে গাড়ী চলাই পৰিয়াল পোহপাল দি আহিছে৷ স্নেহা শইকীয়াৰ দৰে ছাদিকায়ো পিতৃৰ গাড়ীতে মাজে-সময়ে মাদ্ৰাছালৈও অহা-যোৱা কৰিছিল৷ আৰ্থিক সমস্যাৰ মাজতে কন্যাৰ এই সাফল্যক লৈ অত্যন্ত সুখী বুলিও প্ৰকাশ কৰিছে পিতৃ ছাইজুদ্দিনে৷ বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখিছে ছাদিকা আহমেদে৷ কন্যাৰ এই সপোন পূৰণৰ বাবে ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰিছে দৰিদ্ৰ পিতৃ-মাতৃয়ে৷ ইপিনে উৰুখা পজাৰ পৰাই হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত উজলি উঠিল লখিমপুৰৰ শ্বাহনাজ পাৰবিনে৷ ভেন্সাৰ স্কুলত শিক্ষকতা কৰা শ্বাহনাজৰ পিতৃ আবু চৈয়দৰ মৃত্যু হোৱাত মাতৃ খুদেজা খাতুনে অতি কষ্টৰে পঢ়োৱাইছে কন্যা শ্বাহনাজক৷ দৰিদ্ৰতাৰ সৈতে যুঁজ দি সাফল্য কঢ়িয়াই অনা শ্বাহনাজেও চিকিৎসক হোৱাৰ সপোন দেখিছে৷ আনহাতে বুধবাৰে ঘোষিত মেট্ৰিক পৰীক্ষাত এজন দিন হাজিৰা কৰা পিতৃৰ সু-পুত্ৰ উজলি উঠিছে৷ দৰঙৰ নগাঁও আঞ্চলিক হাইস্কুলৰ ছাত্ৰ প্ৰাণজিৎ বৰদলৈয়ে ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিছে৷ বীৰেশ্বৰ বৰদলৈ আৰু নিৰুপমা বৰদলৈৰ পুত্ৰ প্ৰাণজিতে দৰিদ্ৰতাৰ মাজতো চিকিৎসা বিজ্ঞানত অধ্যয়নৰ সপোন দেখিছে৷ স্বাভাৱিকতেই মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাত কৃতিত্ব লাভ কৰা স্নেহা, ছাদিকা, শ্বাহনাজ আৰু প্ৰাণজিতে প্ৰমাণ কৰিলে সাফল্যৰ সৰ্বোচ্ছ  আৰোহণ কৰাত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ হাজাৰ প্ৰত্যাহ৩ান নেওচি ফুলকুমলীয়া বয়সতে সফলতা লাভ কৰি দেখুৱাই দিয়া স্নেহা, শ্বাহনাজহঁত এতিয়া বহুতৰ বাবে সাহস হৈ পৰিছে৷ জীৱন সংগ্ৰামৰ যাত্ৰাত যুঁজিবলৈ আৰু জিকিবলৈ যেন প্ৰেৰণা হৈ পৰিছে এই কেইজন মেধাৱী কণমানি৷

স্নেহাৰ ঘৰত আনন্দৰ বন্যা

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ ইংৰাজী মাধ্যমৰ আগশাৰীৰ বিদ্যালয় দয়ানন্দ বিদ্যা নিকেতনৰ মেধাৱী ছাত্ৰী স্নেহা শইকীয়াই ৫৯৪ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান দখলেৰে গৌৰবান্বিত কৰিলে সমগ্ৰ ধনশিৰিবাসীক৷ সৰুপথাৰ নগৰৰ ৭ নং ৱাৰ্ড নিৱাসী তথা গাড়ীচালক ত্ৰিদীপ শইকীয়া আৰু মাতৃ স্বপ্না শইকীয়াৰ কন্যা স্নেহাৰ এই বৃহৎ সফলতাত উৎফুল্লিত হৈ পৰিছে স্নেহাৰ পৰিয়াল,বিদ্যালয় কৰ্তৃপক্ষৰ লগতে সমগ্ৰ ধনশিৰিবাসী ৰাইজ৷ সৰুপথাৰৰ নাহৰণিত ১৯৯০ চনতে স্থাপিত দয়ানন্দ বিদ্যা নিকেতন বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান দখল কৰা এনে সফলতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে আজি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনসহ বহু লোকৰ আগমন হয় স্নেহাৰ সৰুপথাৰৰ বাসগৃহৰ লগতে তেওঁ অধ্যয়ন কৰা বিদ্যালয়ত৷ বিধায়ক বিশ্বজিৎ ফুকনৰ উপৰিও বিভিন্ন দল-সংগঠনে স্নেহাক ঘৰতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয়৷ ইয়াৰ পাছতে স্নেহাক তেওঁ অধ্যয়ন কৰা দয়ানন্দ বিদ্যা নিকেতন বিদ্যালয়লৈ আনে আৰু তাতো বিদ্যালয়ৰ কৰ্তৃপক্ষৰ হৈ অধ্যক্ষা প্ৰতিমা মহন্ত,ধনশিৰি মহকুমা প্ৰশাসনৰ হৈ মহকুমাধিপতি দিনচেংফা বৰুৱা, বিধায়ক বিশ্বজিৎ ফুকন, ৰাজহ চক্ৰ বিষয়া হেমাংগ নবিছসহ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে৷ ‘ফুটুকানীতো বাঘ থাকে’ বোলা আপ্ত বাক্যশাৰী আজি সঁচা প্ৰতিপন্ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰুপথাৰৰ স্নেহাই সৰ্বমুঠ ৫৯৪ নম্বৰ লাভ কৰে৷ ইংৰাজী মাধ্যমত শিক্ষাগ্ৰহণ কৰিয়ে আজি অসমৰ ভিতৰত চতুৰ্থ স্থান দখল কৰা স্নেহাই ক’লে প্ৰতিভা বিকাশত মাধ্যম কেতিয়াও অন্তৰায় নহয়৷ নিষ্ঠা, একাগ্ৰতা আৰু আত্মবিশ্বাসেৰে অসমীয়া অথবা ইংৰাজী মাধ্যমৰ যিকোনো বিদ্যালয়তে নপঢ়ক কিয় সফলতা নিশ্চয় আহিবই বুলি কয়৷ ৰাজ্যৰ প্ৰথম দহটা স্থানৰ ভিতৰত কোনোবা এটা স্থান পাব বুলি আশা কৰিছিল স্নেহাই৷ স্নেহাৰ এনে সফলতাৰ আঁৰত তেওঁৰ পিতৃ মাতৃ, ককা-আইতা,বন্ধুবৰ্গৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যথেষ্ট প্ৰেৰণা থকা বুলি কোৱা স্নেহাই দিনটোত প্ৰায় ১৪/ ১৫ ঘণ্টাকৈ প্ৰতিদিনে পঢ়া-শুনা কৰিছিল৷ স্নেহাই তেওঁৰ নিজঘৰৰ ওচৰতে থকা সৰুপথাৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰি অধ্যয়ন কৰাৰ পাছত ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে৷ আজৰি সময়ত ছবি অঁকাৰ লগতে মাতৃৰ সৈতে ফুল পুলি ৰোপণ কৰি ভাল পোৱা স্নেহাই ENCYCLOPAEDIA নামৰ দৰে সাধাৰণ জ্ঞানৰ কিতাপ পঢ়ি ভাল পাইছিল৷ উল্লেখ্য যে, স্নেহাই যিখন বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ অসমৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে সেই বিদ্যালয়তেই স্নেহাৰ পিতৃয়ে এজন সাধাৰণ গাড়ী চালক হিচাপে কাম কৰিছিল৷ এজন সাধাৰণ গাড়ী চালকৰ কন্যাই ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি সমগ্ৰ ধনশিৰি মহকুমাবাসীক গৌৰবান্বিত কৰা কাৰ্যত স্নেহাৰ পিতৃ মাতৃৰ পৰিয়ালটোলৈও মহকুমাবাসী ৰাইজে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷