Logo
image

সুৰাপান কমাবৰ বাবেই মদৰ দাম বৃদ্ধি!

আমাৰ অসম, ৮ জুনঃ মদৰ দাম বৃদ্ধিৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সুৰাৰ দাম বৃদ্ধি হ’লেও মদাহীয়ে ৰাজপথত প্ৰতিবাদ নকৰাৰ সুযোগ লৈ চৰকাৰে বিলাতী সুৰাৰ দাম বৃদ্ধি কৰা বুলিও অভিযোগ কৰিছে বিৰোধীয়ে৷ অৱশ্যে এইবাৰ সুৰাৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত মুখ খুলিছে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ সুৰাপান কমাবৰ বাবেহে মদৰ দাম বৃদ্ধি কৰা বুলি আজৱ যুক্তি দিছে অবকাৰী মন্ত্ৰী শুক্লবৈদ্যই৷ মন্ত্ৰী শুক্লবৈদ্যৰ যুক্তি – সুৰাৰ দাম বৃদ্ধি হ’লে মানুহে কমকৈ মদ্যপান কৰিব ? সুৰাপায়ীসকলৰ স্বাস্থ্য ভালহে হ’ব৷ উল্লেখ্য, ১৫ জুনৰ পৰা ৰাজ্যত বিদেশী সুৰাৰ দাম বৃদ্ধি কৰা হ’ব বুলি আবকাৰী বিভাগে ২ জুনত এক অধিসূচনা জাৰি কৰিছিল৷ সুৰাৰ দাম বৃদ্ধিক লৈ ৰাজ্যত একাংশই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সময়তে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই দাম বৃদ্ধিৰ সপেক্ষত যুক্তি প্ৰদৰ্শন কৰি চৰকাৰে মানুহক সুৰাৰ পৰা আঁতৰাই ৰাখি এটা সুস্থ জীৱন যাপন কৰাত সহায় কৰাৰ চেষ্টা চলোৱা বুলিহে মন্তব্য কৰে৷ সোমবাৰে  সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত মন্ত্ৰী শুক্লবৈদ্যই কয়– সুৰাৰ দাম বৃদ্ধিৰ আঁৰৰ ধাৰণাটো হ’ল মানুহক [মদ্যপানকাৰীক] সুৰাৰ পৰা আঁতৰাই নি সুস্থ জীৱন যাপন কৰাত সহায় কৰা৷ মদৰ দাম বৃদ্ধি হ’লে মানুহে কমকৈ মদ খাব৷ যিজনে দৈনিক তিনিটাকৈ পেগ  পান কৰে তেওঁ এতিয়া সুৰাৰ দাম বৃদ্ধি হ’লে দৈনিক দুটাকৈহে পেগ খাব৷ ফলত সুৰাপায়ীজনে সুস্থ হৈ থাকিব পাৰিব৷ চৰকাৰে ৰাজ্যখনক সুৰামুক্ত কৰিব নোৱাৰে বা মানুহক মদ্যপান কৰাত বাধা দিবও নোৱাৰে৷ এনে কৰিলে ৰাইজে প্ৰতিবাদ আৰম্ভ কৰিব৷ এবাৰ সুৰাৰ দাম বৃদ্ধি হ’লে দাম হ্ৰাস কৰাৰ চৰকাৰৰ কোনো পৰিকল্পনা নাই৷