Logo
image

বিদায় পৰত সৰ্বমুঠ ৫,৫১,১৫২ টকাৰ হিচাপ দি গ’ল লুৰিণ জ্যোতি গগৈয়ে...

আমাৰ অসম, ০৩ ডিচেম্বৰঃ বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল’লে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। বিদায় পৰত আছুৰ মজিয়াত বিগত সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে সদৌ অসম ছাত্র সন্থাই ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ত চলোৱা গোচৰৰ বাবে আগবঢ়োৱা ধন ৰাশিৰ জমা ধনৰ পৰিমানৰ হিচাপ দি গ’ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে। বিদায় অনুষ্ঠানত ৰাহি থকা সৰ্বমুঠ ৫,৫১,১৫২ টকাৰ হিচাপ দিলে লুৰিণ জ্যোতি গগৈয়ে। ৰাহি ধন নাগৰিকত্ব সংশোধনী আইনৰ পৰৱৰ্তী পৰ্যায়ৰ আইনী যুঁজ চলাবলৈ সদৌ অসম ছাত্র সন্থাৰ সন্মানীয় সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ হাতত অৰ্পণ কৰে বিদায়ী প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। ৰাইজে আগবঢ়োৱা ধন ৰাশিৰ জমা ধনৰ পৰিমান এনেধৰণৰ-

চাঁচনীৰ ধানৰ ৰাহি ধন: 2,30,000/-, তালাপ মহিলা সমিতি: 10,500/-, ডাঙৰী মিৰিপথাৰবাসী: 1,800/-, চিৰাজুলি, ঢেকিয়াজুলি: 21,100/-, তালাপ বাকৰিতলি গাঁও: 1,500/-, বৃহত্তৰ কলিয়াপানী আঞ্চলিক যুৱ সমাজ: 21,000/-, সংগ্ৰাম সজাগতা সচেতন মহিলা, কোঁৱৰবাম, কাকজান হাবি আৰু কমাৰগাঁও: 10,001/-, গোলাঘাট মাৰোৱাৰী সমাজ: 1,00,000/-, ডিব্ৰুগড় লেঙেৰীৰ চাউলৰ ধন: 81,140/-, টিংখং: 44,210/-, চিলাপথাৰ বামগাঁৱৰ মহিলা সমাজ: 30,000/- সৰ্বমুঠ =5,51,152 টকা।