Logo
image

আলফা সক্ৰিয় দিল্লী উদ্বিগ্ন

দিল্লীতো আলফাৰ সদস্যভৰ্তি

আমাৰ অসম, ৮ জুনঃ অসমৰ গাঁৱে-ভূঞে, চুকে-কোণেই নহয়, দেশৰ ৰাজধানী চহৰ ৰাজধানী চহৰ নতুন দিল্লীত ব্যাপক সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে বিদ্ৰোহী সংগঠন আলফা স্বাধীনে৷ দিল্লীৰ নৰ্থ চেণ্ট্ৰেল ৰিজন অৰ্থাৎ এন চি আৰত কৰ্মৰত অসমীয়া যুৱক-যুৱতীক বিদ্ৰোহী সংগঠনটোত যোগদান কৰোৱাৰ বাবে তৎপৰ হৈ পৰিছে আলফা৷ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই এই বিস্ফোৰক তথ্য অৱগত কৰাৰ পাছতেই উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আলফাৰ সাংগঠনিক তৎপৰতাক গুৰুত্ব সহকাৰে লৈ সমগ্ৰ বিষয়টো ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ক তদন্তৰ নিৰ্দেশ দিছে৷ শেহতীয়াকৈ অসমৰ বিভিন্ন স্থানৰ পৰা আলফালৈ যুৱক-যুৱতীৰ ব্যাপক মাত্ৰাত সোঁত বৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ বাবে প্ৰচেষ্টা লোৱাৰ দৰে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাইও সমান্তৰালভাৱে সংগঠনটোলৈ সদস্য ভৰ্তি অভিযান অব্যাহত ৰাখিছে৷ আলফালৈ অসমীয়া যুৱক-যুৱতীৰ সোঁত বৃদ্ধি পোৱাত অসম আৰক্ষীয়ে নিজাকৈ চোৰাংচোৱাগিৰিৰ লক্ষ্যৰে যুৱক-যুৱতী প্ৰেৰণ কৰা বুলিও অভিযোগ উঠিছে৷ শেহতীয়াকৈ আলফাই আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দুজনকৈ যুৱকক হত্যা কৰাৰ কথা ৰাজহুৱাকৈ স্বীকাৰ কৰিছিল৷ কিন্তু ইয়াৰ পাছতো জনপ্ৰিয় গায়ক, ৰাজনৈতিক নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, আৰক্ষী তথা আন চৰকাৰী কৰ্মচাৰীকে ধৰি বিভিন্নজনে পত্নী-সন্তান তথা বৃদ্ধ পিতৃ-মাতৃক এৰি আলফাত যোগদান কৰা দেখা গৈছে৷ শেহতীয়াকৈ আৰক্ষী চোৰাংচোৱাই ৰাজ্যত অইল আৰু অ’ এন জি চিৰ কৰ্মচাৰীক অপহৰণকে ধৰি ব্যাপক কূটাঘাটকমূলক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ তথ্য লাভ কৰিছে৷ তদুপৰি কৰ্ম সংস্থাপন তথা শিক্ষাৰ বাবে দিল্লীত থকা অসমীয়া যুৱক-যুৱতীক সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰি সদস্য ভৰ্তি কৰাৰ তথ্যও লাভ কৰা বুলিও চোৰাংচোৱা সংস্থাই দাবী কৰিছে৷ আনকি বিদ্ৰোহী সংগঠনটোৱে দিল্লী এন চি আৰত কূটাঘাটৰ চেষ্টা চলোৱাৰ চাঞ্চল্যকৰ তথ্য চোৰাংচোৱা প্ৰতিবেদনত প্ৰকাশ পাইছে৷ চোৰাংচোৱাৰ এই বিস্ফোৰক প্ৰতিবেদন লাভ কৰাৰ পাছতেই চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷ যাৰ পৰিপ্ৰেক্ষিতত আলফাৰ সদস্য ভৰ্তি অভিযান আৰু কূটাঘাটৰ পৰিকল্পনাৰ সমগ্ৰ বিষয়টো ‘নিয়া’ক তদন্তৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷