Logo
image

অভিনেতা জাহিৰ ইকবালৰ সৈতে সোণাক্ষী সিন্‌হাৰ প্ৰেম!

আমাৰ অসম, ৮ জুনঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিন্‌হা আৰু অভিনেতা জাহিৰ ইকবালৰ মাজত চলি অহা প্ৰেমৰ সম্পৰ্কক লৈ ব্যাপক চৰ্চা হৈ আহিছে৷ ‘নোটবুক’ৰ অভিনেতা জাহিৰ ইকবাল তেওঁৰ প্ৰেমৰ সম্পৰ্কক লৈ দীৰ্ঘদিনৰ পৰাই ব্যাপক চৰ্চাত আছে৷ বিশেষকৈ সোণাক্ষীৰ সৈতে ইকবালৰ যে গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছে, তাকে লৈ নেটিজেনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দুয়োজন৷ কিন্তু দুয়োজনেই প্ৰেমৰ সম্পৰ্কৰ বিষয়ে কোনো কথা খুলি কোৱা নাই৷ কিন্তু অলপতে জাহিৰ ইকবালে ছ’চিয়েল মিডিয়াত দিয়া এটা নতুন পোষ্টৰ জৰিয়তে সোণাক্ষী সিন্‌হালৈ প্ৰেম প্ৰকাশ কৰি দুয়োৰে সম্পৰ্কৰ সন্দৰ্ভত কিছু ইংগিত দিয়ে৷ উল্লেখ্য, ২ জুনত সোণাক্ষীৰ জন্মদিন আছিল৷ তেতিয়াই জাহিৰে ইনষ্টাগ্ৰামত সোণাক্ষীৰ বাবে এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত সোণাক্ষীৰ বাবে প্ৰেম নিবেদনৰ ইংগিত দিয়ে৷