Logo
image

‘মিল্কী বিউটী’ তামান্না

‘কান’ৰ ৰেড কাৰ্পেটত খোজ দি তামান্নাৰ চমক

তামান্না ভাটিয়া৷ যাক ‘মিল্কী বিউটী’ হিচাপে আখ্যা দিয়া হয় গ্লেমাৰ জগতত৷ একেধাৰে তেলেগু, তামিল আৰু হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী তামান্না৷ বাহুৱলী, কেজিএফ চেপ্টাৰ-১, এফ-৩, চিটীমাৰ, এণ্টাৰটেনমেণ্ট আদি ছবিৰ জনপ্ৰিয় নায়িকা তামান্না এগৰাকী মডেলৰ লগতে পাকৈত নৃত্যশিল্পীও৷ ৭৫সংখ্যক কান চলচ্ছিত্ৰ মহোৎসৱত তামান্নাই ৰেড কাৰ্পেটত খোজ দি সকলোকে চমক দিয়ে৷ ২০০৫ চনত ‘চান্দ চে ৰৌচন চেহেৰা’ৰ যোগেদি অভিনয় জগতত খোজ পেলায় তামান্নাই৷ ইয়াৰ পূৰ্বে  ইণ্ডিয়ান আইডল-১ বিজয়ী অভিজিতৰ এটা মিউজিক ভিডিঅ’ত মডেল হিচাপে আত্মপ্ৰকাশ কৰিছিল তামান্নাই৷ সেই বৰ্ষতে তেলেগু ছবি ‘শ্ৰী’ৰ যোগেদি চলচ্ছিত্ৰ জগতত ভৰি দিয়ে৷ পৰৱৰ্তী সময়ত তামিল ছবি ‘কেডি’ত অভিনয় কৰে৷ তেওঁ অয়ন, পাইয়া, চিৰুথাই, ১০০% লাভ, থাড়াকা, আগাডু, দেৱী, বেংগল টাইগাৰ আদি দক্ষিণৰ ছবিত অভিনয় কৰিছিল৷ বাহুৱলীত প্ৰভাসৰ বিপৰীতে অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা তামান্নাই এটা ভিডিঅ’ই নেট নাগৰিকক আপ্লুত কৰিছে৷ ছ’চিয়েল মিডিয়াত বেচ সক্ৰিয় অভিনেত্ৰীগৰাকী৷ ‘বৰি মুস্কিল বাবা বৰি মুস্কিল’ শীৰ্ষক গীতত গ্ৰীণ শাৰী পৰিহিত গ্লেমাৰাছ লোক আৰু পেণ্ট-ছাৰ্ট জেকেট পিন্ধা ল’ৰাৰ ইমেজ তামান্নাই ইষ্টাগ্ৰামত আপলোড কৰাৰ পাছতে বাৰুকৈয়ে ভাইৰেল হৈ পৰে৷ তদুপৰি তেওঁৰ এটা আইটেম গানে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ কিৰণ কোৱাপাতী পৰিচালিত ছবি ‘ঘানি’ত আইটেম গাৰ্ল হিচাপে তামান্নাই সকলোকে মুগ্ধ কৰিছে৷ এই পৰ্যন্ত তেওঁ তামিল, তেলেগু, হিন্দী মিলি  ১৭ খনৰো অধিক ছবিত অভিনয় কৰিছে৷ শেহতীয়াকৈ  তামান্না-ভেংকটেশ অভিনীত ছবি ‘এফ-৩’ মুক্তি পাইছে৷ মুক্তিৰ তিনি দিনতে ছবিখনে ৬৩ কোটি টকা আয় কৰিছে৷ কোৱা হয় বলীউডতকৈ কিছু কিছু ক্ষেত্ৰত দক্ষিণৰ নায়িকা আগবঢ়া৷ অভিনয়ৰ ক্ষেত্ৰতো দক্ষিণৰ নায়িকা একাঠি চৰা৷ দৈহিক সৌন্দৰ্যতকৈ মন-মগজুৰ সৌন্দৰ্যত অধিক গুৰুত্ব দিয়ে দক্ষিণৰ অভিনেত্ৰীয়ে৷ পাৰিশ্ৰমিকো পায় যথেষ্ট৷ এই ধৰণৰ সকলো ক্ষেত্ৰতে এগৰাকী নায়িকা হিচাপে আগবঢ়া তামান্না ভাটিয়া৷