Logo
image

ধৰ ঝাড়ু ধৰ ভাই

আমাৰ অসম, ৯ জুনঃ ঝাড়ুদাৰৰ ৰূপত সৰ্বানন্দ সোণোৱাল৷ ৰাজহুৱা স্থানত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে জনসাধাৰণক আহ্বান জনোৱাৰ লগতে এইক্ষেত্ৰত দৃষ্টান্ত দাঙি ধৰাৰ উদ্দেশ্যে পুনৰ হাতত ঝাড়ু তুলি ল’লে সোণোৱালে৷ উল্লেখ্য, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে ইটানগৰস্থিত আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান [আৰএআৰআই] পৰিদৰ্শন কৰে৷ প্ৰতিষ্ঠানখন পৰিদৰ্শন কৰাৰ পাছত এখন সংবাদমেল সম্বোধন কৰে সোণোৱালে৷ সংবাদমেলত অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়ি তোলাৰ যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে৷ তেওঁ কয় যে, উত্তৰ-পূব ভাৰতৰ উন্নতিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে দেখুওৱা সদিচ্ছা, দূৰদৰ্শী নেতৃত্ব আৰু অটল প্ৰতিশ্ৰুতিৰ ফলতে অঞ্চলটোত স্থায়ী শান্তি আৰু ইয়াৰ অৰ্থনৈতিক পুনৰুত্থান ঘটিছে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে উচ্ছপদস্থ বিষয়াবৰ্গ আৰু স্থানীয় নাগৰিকসকলৰ সৈতে প্ৰতিষ্ঠানখনৰ প্ৰাংগণত এক স্বচ্ছতা অনুষ্ঠানতো অংশগ্ৰহণ কৰে৷ ২০১৪ চনত শাসনলৈ অহাৰ পাছত মোদী চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী নীতিৰ বিষয়ে উল্লেখ কৰি সোণোৱালে কয়– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ নীতিৰ দ্বাৰা প্ৰতিজন নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ দিশত অহৰহ কাম কৰি আছে৷ জল জীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্জ্বলা আঁচনি, সৌভাগ্য আঁচনি, প্ৰধানমন্ত্ৰী কিষাণ আঁচনি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, আয়ুষ্মান ভাৰত, মিছন ইন্দ্ৰধনুষ, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, জন ধন যোজনা আদি চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহে সৰ্বসাধাৰণক যথেষ্ট সকাহ দিছে৷ ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশত জল জীৱন মিছনৰ অধীনত ২.২০ লাখৰো অধিক গ্ৰাম্য পৰিয়ালে নলৰ পানীৰ সংযোগ লাভ কৰিছে৷ একেদৰে, অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩৪ সহস্ৰাধিক ঘৰ সম্পূৰ্ণ, সৌভাগ্য আঁচনিৰ অধীনত বৈদু্যতিকৰণৰ কাম, উজ্জ্বলা যোজনাৰ অধীনত ৪৮ সহস্ৰাধিক ৰন্ধন গেছৰ সংযোগ আৰু বহু কল্যাণমূলক আঁচনিৰ জৰিয়তে সৰ্বসাধাৰণৰ মাজত সমৃদ্ধিৰ হাঁহি কঢ়িয়াই অনাৰ বাবে চৰকাৰে অক্লান্ত পৰিশ্ৰম কৰি আছে৷ ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে উত্তৰ-পূবৰ ভূমিকাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে কয়– বিগত আঠটা বছৰত প্ৰধানমন্ত্ৰীৰ মোদীৰ বলিষ্ঠ নেতৃত্বত উত্তৰ-পূবত যাতায়াত-যোগাযোগ ব্যৱস্থা যথেষ্ট সুচল আৰু উন্নত হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আন্তঃৰাজ্যিক আৰু আন্তঃ-আঞ্চলিক সংযোগ গঢ়ি তোলাত দিয়া গুৰুত্বই লজিষ্টিক আৰু পৰিবহণৰ ক্ষেত্ৰত সংযোগ বৃদ্ধি কৰিছে৷ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত বাণিজ্যিক বিমানৰো চলাচল আৰম্ভ হৈছে৷ বিমানসমূহে ডিব্ৰুগড়-পাছিঘাট আৰু তেজু-লীলাবাৰীক সংযোগ কৰিছে৷ দিল্লীলৈ পোনপটীয়া ৰে’ল চলাচলৰ দ্বাৰা নাহৰলগুন ৰে’ল ষ্টেচন দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে৷ বগীবিল দলং আৰু ধলা-শদিয়া দলঙৰ দৰে বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্প বাস্তৱায়িত হৈছে, ইম্ফল-জিৰিবাম লাইনত বিশ্বৰ আটাইতকৈ ওখ গিৰ্ডাৰ ৰে’ল দলং নিৰ্মাণৰ কাম চলি আছে, অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূবত বিভিন্ন পথৰ নিৰ্মাণ হৈছে, অঞ্চলটোৰ অৰ্থনৈতিক আৰু ব্যৱসায়িক সম্ভাৱনা বৃদ্ধিৰ বাবে জলপথ পৰিবহণ পুনৰ বৃদ্ধি কৰা হৈছে৷ সোণোৱালে আৰু কয় যে অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূব ভাৰতত পৰ্যটনৰ বিশাল সম্ভাৱনা নিহিত হৈ আছে৷ এইক্ষেত্ৰতো চৰকাৰে গুৰুত্বসহকাৰে কাম কৰি আছে৷ অঞ্চলটোত ঔষধি উদ্ভিদৰ সমৃদ্ধ বৈচিত্ৰই আয়ুষ খণ্ডত বিশাল সম্ভাৱনা কঢ়িয়াই অনাত সহায় কৰিব বুলিও সোণোৱালে উল্লেখ কৰে৷