Logo
image

আজি আচল চমক দপ্তৰ ৰদ-বদলত

জয়ন্ত, নন্দিতা মন্ত্ৰী হ’ল

আমাৰ অসম, ৯ জুনঃ বহু উৎকণ্ঠাৰ ওৰ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত মোহৰ মাৰিলে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ নিজৰ পূৰ্বৰ ঘোষণা অনুসৰি ৯ জুনতেই সম্প্ৰসাৰণ হ’ব মন্ত্ৰীসভাৰ৷ নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলং বিধানসভা সমষ্টিৰ বিধায়ক নন্দিতা গাৰ্লোছাক অন্তৰ্ভুক্ত কৰা হ’ব মন্ত্ৰীসভাত৷ এই সন্দৰ্ভত জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে প্ৰেছবাৰ্তা৷ কাইলৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নন্দিতা গাৰ্লোছা আৰু জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰীৰূপে শপত ল’ব৷ প্ৰায় এমাহ পূৰ্বে দুজনক মন্ত্ৰীৰূপে অন্তৰ্ভুক্ত কৰাৰ বাবে দিল্লীৰ পৰা অনুমোদন কৰি ৰাখিছিল মুখ্যমন্ত্ৰী শৰ্মাই৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত খালী হৈ আছিল প্তটা মন্ত্ৰীৰ পদ৷ ইয়াৰ ভিতৰত দুটা পদ পূৰণ কৰি মন্ত্ৰীসভাখনৰ কিছু সম্প্ৰসাৰণ কৰা হৈছে যদিও কাইলৈ আন এক চমক হৈ পৰিব দপ্তৰ ৰদ-বদলক লৈ৷ দুজন বিধায়কক নতুনকৈ মন্ত্ৰীৰূপে অন্তৰ্ভুক্ত কৰাৰ পাছতে পূৰ্বৰ কোনো কোনো মন্ত্ৰীৰ যে দপ্তৰ কৰ্তন হ’ব সেয়া বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বাবে কিছুমান বিভাগত ৰদ-বদলৰ পূৰ্ণ সম্ভাৱনা আছে৷ জনস্বাস্থ্য কাৰিকৰি, পৰিবহণ, উদ্যোগ, বন, জলসিঞ্চন, শক্তি আৰু সমবায় বিভাগত ৰদ-বদল হোৱাৰ সম্ভাৱনা উজ্বল৷ নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত জয়ন্ত মল্ল বৰুৱাক একাধিক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়াটো প্ৰায় নিশ্চিত৷ তেওঁক দিয়া হ’ব পাৰে জনস্বাস্থ্য কাৰিকৰী আৰু আন গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব৷ প্ৰথমবাৰৰ বাবে বিধায়কৰূপে নিৰ্বাচিত হোৱা হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোছাক শক্তি আৰু সমবায় বিভাগৰ দায়িত্ব দিয়াটো প্ৰায় নিশ্চিত৷ দুই নতুন মন্ত্ৰীৰ ওপৰত গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ কেইবাজনো মন্ত্ৰীৰ পৰা কৰ্তন হ’ব বহু গুৰুত্বপূৰ্ণ বিভাগ৷ দুই বিধায়কক নতুন মন্ত্ৰীৰূপে ঘোষণা কৰাৰ পাছতে এতিয়া অন্য এক চমক হৈ পৰিব কাৰ পৰা কৰ্তন হয় ক্ষমতা৷ ইতিমধ্যে অসম চৰকাৰে মহিলা আৰু শিশু কল্যাণ, সামাজিক ন্যায় আৰু সৱলীকৰণ আৰু ভৈয়াম জনজাতীয় পৰিক্ৰমা নামৰ তিনিটা নতুন বিভাগ মুকলি কৰা হৈছে৷ পূৰ্বৰ সমাজকল্যাণ আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ পৰা উক্ত তিনিটা বিভাগ মুকলি কৰা হৈছে৷ বিভাগকেইটা নতুনকৈ মুকলি কৰাৰ সমান্তৰালভাৱে বিভাগকেইটাৰ সঞ্চালকালয়ো নতুনকৈ গঠন কৰা হৈছে৷

জয়ন্তমল্ল জিন্দাবাদ! নলবাৰীত আবতৰীয়া দেৱালী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নাম অন্তৰ্ভুক্ত হোৱাত আজি নলবাৰীত ব্যাপক উৎসাহ পৰিলক্ষিত হয়৷ বিধায়কজনৰ নাম অসম মন্ত্ৰীসভাত নাম অন্তৰ্ভুক্ত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পাছতেই চহৰখনত এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰে৷ চহৰত বিজেপিকৰ্মী-সমৰ্থকসকলে ফটকা ফুটাই এক আবতৰীয়া দেৱালী পালন কৰা দেখা যায়৷ নলবাৰী নাট্য মন্দিৰত আজি অনুষ্ঠিত দলৰ এখন বিশেষ সাংগঠনিক সভাৰ পাছতেই দলৰ নেতা-কৰ্মীসকলে নাট্য মন্দিৰ চৌহদত বহুসময় ধৰি ফটকা ফুটাই এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ উল্লেখ্য, কাইলৈ বিয়লি তিনি বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত বিধায়কজনে শপতগ্ৰহণ কৰিব৷ লক্ষণীয়ভাৱে অগপৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত নগেন শৰ্মাৰ পাছত বিগত ২২বছৰে নলবাৰী বিধানসভা সমষ্টিৰ পৰা কোনো এজন বিধায়কে অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ এনে পৰিস্থিতিত নলবাৰী সমষ্টিবাসীয়ে সদৰ সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত দীৰ্ঘদিন ধৰি এজন মন্ত্ৰী বিচাৰি আছিল৷ অৱশেষত আজি ২২ বছৰ পাছত সমষ্টিটোৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰী হিচাপে পাই সমষ্টিৰ ৰাইজে আনন্দ-উলাহ কৰা পৰিলক্ষিত হয়৷ উক্ত উছৱমুখৰ পৰিৱেশত উপস্থিত থকা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই বিধায়ক জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এজন দক্ষ বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰা বুলি মন্তব্য কৰে৷ সাংসদ শইকীয়াই কয় যে জিলাখনৰ ধৰ্মপুৰ সমষ্টিৰ পৰা চন্দ্ৰমোহন পাটোৱাৰীয়ে ইতিমধ্যে মন্ত্ৰিত্ব লাভ কৰাৰ পাছত আজি পুনৰ নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰীসভাত স্থান লাভ কৰাত জিলাখনৰ উন্নয়ন পূৰ্বতকৈ অধিক ক্ষিপ্ৰতৰ হোৱাটো নিশ্চিত হৈ পৰিল৷

মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ নাম অন্তৰ্ভুক্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে নলবাৰীত উৎফুল্ল পৰিৱেশৰ সৃষ্টি হৈছে৷ বিজেপিৰ বিধায়কজনক সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰাত সমষ্টিটোৰ বিজেপি নেতা-কৰ্মী আৰু সমৰ্থিত ৰাইজ অতিকৈ উৎসাহিত হৈ পৰিছে৷ আজি নলবাৰী সদৰ সমষ্টিৰ বিধায়কজনৰ নাম নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ ঘোষণা হোৱাৰ পাছতে সমষ্টিৰ বিভিন্ন ঠাইত সমৰ্থক-ৰাইজ উৎফুল্লিত হৈ পৰে৷ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বাঁহজানীৰ চান্দকুছি গাঁৱৰ বাসগৃহতো বহুসংখ্যক সমৰ্থকে উৎসাহ প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে, নলবাৰী সমষ্টিটোৰ পৰা মন্ত্ৰিত্ব দিয়াৰ বাবে বিগত পোন্ধৰ বছৰীয়া তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ আৰু পৰৱৰ্তী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক সমষ্টিবাসীয়ে দাবী জনাই আহিছিল৷ কিন্তু কোনো কাম নিদিলে৷ ২০০০ চনৰ ২৭ ফেব্ৰুৱাৰীত ভূতপূৰ্ব মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ বন আৰু গড়কাপ্টানি মন্ত্ৰী নগেন শৰ্মাৰ আততায়ীৰ বোমা বিস্ফোৰণত মৃত্যু হোৱাৰ পাছত তেতিয়াৰে পৰা ‘নলবাৰী সমষ্টি’ মন্ত্ৰীশূন্য হৈ পৰে৷ সুদীৰ্ঘ ২২ বছৰৰ মূৰত নলবাৰী সমষ্টিৰ পৰা বিধায়ক জয়ন্ত মল্ল বৰুৱাই অসম মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা খবৰে সমষ্টিবাসীক উৎসাহিত কৰি তুলিছে৷

প্ৰথম মহিলা মন্ত্ৰী, পাহাৰত উছাহৰ ঢল

বহু জল্পনা-কল্পনাৰ পাছত অসম মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণৰ বাবে দুগৰাকী মন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পাছত পাহাৰীয়া জিলা ডিমা হাচাওত উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান লাভ কৰা হাফলং বিধানসভা সমষ্টিৰ বিধায়ক নন্দিতা গাৰ্লোছাই পাহাৰৰ তিনিখন জিলাৰ পৰা অসম মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথমগৰাকী মহিলাৰূপে ইতিহাস সৃষ্টি কৰিলে৷ বিগত বিধানসভা নিৰ্বাচনত হাফলং বিধানসভা সমষ্টিৰ পৰা বিপুল ভোটত জয় লাভ কৰিছিল নন্দিতা গাৰ্লোছাই৷ প্ৰথম অৱস্থাত মন্ত্ৰিত্বৰ পৰা বঞ্চিত হ’লেও ডিমা হাচাও জিলাৰ পৰা ১৫ বছৰে মন্ত্ৰিত্ব বঞ্চিত হৈ থকাৰ ধাৰা আজি ভংগ কৰে৷ উল্লেখ্য যে ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰো নিৰ্বাচিত সদস্য নন্দিতা গাৰ্লোছা৷ ইয়াৰোপৰি গাৰ্লোছা পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰূপেও কাৰ্যনিৰ্বাহ কৰি আছে৷ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান লাভ কৰা গাৰ্লোছাই ২০০৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কটন মহাবিদ্যালয়ৰ পৰা এমএছ ডিগ্ৰী গ্ৰহণ কৰে৷ উচ্ছ শিক্ষিতা গাৰ্লোছাৰ নাম আজি মন্ত্ৰীৰূপে ঘোষণা কৰাৰ লগে লগে হাফলং চহৰত উছৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ হাফলঙস্থিত বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি আবতৰীয়া দিপাৱলীৰ সৃষ্টি হয়৷ বিজেপি নেতা-কৰ্মীসকল আনন্দ-উল্লাসত ফাটি পৰাৰ লগতে মিঠাই বিতৰণ কৰা পৰিলক্ষিত হয়৷