Logo
image

মন্ত্ৰিত্ব নাহিল, ৰূপজ্যোতিৰ ঘৰলৈ আহিল চিএম ভিজিলেন্স

আমাৰ অসম, ৯ জুনঃ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সময়তে মৰিয়নি বিধানসভা সমষ্টিৰ ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাসগৃহত বুধবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলায়৷ গুৱাহাটীৰ পৰা অহা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা তিনিজনীয়া দল যোৰহাটৰ চিনামৰা ৰূপনগৰস্থিত বিধায়ক কুৰ্মীৰ বাসগৃহত উপস্থিত হয়৷ মন কৰিবলগীয়া যে, হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ৰূপজ্যোতি কুৰ্মীও অন্তৰ্ভুক্ত  হ’ব বুলি ৰূপজ্যোতি কুৰ্মীৰ লগতে মৰিয়নিবাসীয়ে আশা কৰি আছিল৷ আনকি সাধাৰণ নিৰ্বাচনত মৰিয়নি সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰা সত্ত্বেও কুৰ্মীয়ে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ গোচৰৰ পৰা ৰক্ষা পৰা আৰু মন্ত্ৰিত্ব লাভৰ আশাত দলত্যাগ কৰি গেৰুৱা বসন পিন্ধিছিল বুলি ব্যাপক চৰ্চা হৈছিল৷ সেয়ে মধ্যৱৰ্তীকালীন নিৰ্বাচনত কুৰ্মীয়ে বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে৷ কিন্তু কুৰ্মীৰ আশাত চেঁচাপানী ঢালি মন্ত্ৰীসভাত অন্তৰ্ভুক্তকৰণৰ বাবে দুজন বিধায়কৰ নাম ঘোষণা কৰাৰ দিনাই ৰূপজ্যোতি কুৰ্মীৰ বিধায়ক পুঁজি ব্যৱহাৰত অনিয়ম অভিযোগত তেওঁৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত আৰম্ভ কৰে৷ উল্লেখ্য, কংগ্ৰেছ চৰকাৰৰ তিনিটা কাৰ্যকালত শাসকীয় দলৰ বিধায়ক হিচাপে ৰূপজ্যোতি কুৰ্মীয়ে  মৰিয়নি সমষ্টিক প্ৰতিনিধিত্ব কৰে৷ কিন্তু তেওঁৰ এই তিনিটা কাৰ্যকালত ২০১১-১২বৰ্ষৰ পৰা ২০১৬-১৭ বৰ্ষলৈ বিধায়ক উন্নয়ন পুঁজি ব্যৱহাৰত অনিয়ম হোৱাৰ অভিযোগ তুলি ২০১৭ চনত এসময়ৰ অগপ নেতা আৰু বৰ্তমান বিজেপি নেতা দুলেন নায়কে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযোগ দিয়ে৷ সেইমৰ্মে দুৰ্নীতি নিবাৰক শাখাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত অনুসন্ধান চলোৱাৰ লগতে মৰিয়নিৰ বিভিন্ন স্থানতো চৰজমিন তদন্ত চলায়৷ ইয়াৰ পাছতো ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীয়ে চতুৰ্থবাৰৰ বাবে কংগ্ৰেছী বিধায়কৰূপে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে৷ ইয়াৰ কেইমাহমান পাছতে কুৰ্মীয়ে বিজেপিত যোগদান কৰে৷ ইয়াৰ পাছতে বিধায়কজনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্ত স্তব্ধ হৈ পৰে৷ কিন্তু বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই দুজন নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰি ৯ জুনত শপতগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে  ৰূপজ্যোতি কুৰ্মীৰ বাসগৃহত বিধায়ক পুঁজি ব্যৱহাৰত সংঘটিত অনিয়মৰ তদন্তৰ বাবে দুৰ্নীতি নিবাৰক শাখা উপস্থিত হোৱা কাৰ্যই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা সম্প্ৰসাৰণত ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী মন্ত্ৰিত্বপ্ৰত্যাশী বিধায়কসকলৰ ভিতৰত অন্যতম বুলি চৰ্চিত হৈছিল৷ এনে অৱস্থাত তেওঁৰ বাসগৃহত অভিযান চলাই ৰূপজ্যোতি কুৰ্মীৰ মন্ত্ৰীত্বৰ দৌৰ স্তব্ধ কৰা বুলি চৰ্চা চলিছে৷ অৱশ্যে আন একাংশই ক’ব খোজে যে মন্ত্ৰীসভাত ৰূপজ্যোতি কুৰ্মীক অন্তৰ্ভুক্ত কৰাৰ বাবে তদাৰকী কোষে বিধায়কজনৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত প্ৰক্ৰিয়া সমাপন কৰি শীঘ্ৰে ক্লীন শ্বিট দিয়াৰ প্ৰস্তুতি চলাইছে৷ যদিহে দুৰ্নীতি গাপ দিবৰ বাবেই এনেদৰে তদাৰকী কোষে এখন নাটকৰ সৃষ্টি কৰিছে তেনেহ’লে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিবিৰোধী অভিযান ভেকোঁভাওনাত পৰিণত হ’ব বুলিও একাংশই ক’ব খোজে৷ উল্লেখ্য, আজি তদন্তকাৰী দলটোৱে মৰিয়নি নগৰ সমিতি আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে মৰিয়নিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক বিতৰণ কৰা বিধায়ক পুঁজি সঠিক ব্যৱহাৰ সম্পৰ্কে চৰজমিন তদন্ত চলায়৷ আনহাতে, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা  হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মৰিয়নিত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সংঘটিত কৰা দুৰ্নীতি-অনিয়ম প্ৰমাণিত হ’লে বৰ্তমান বিজেপি দলৰ বিধায়কজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব বুলিও ৰাইজে মন্তব্য কৰিছে৷