Logo
image

আন্তৰ্জাতিক ফেশ্বন মেগাজিনৰ প্ৰচ্ছদত লাভলীনা

আমাৰ অসম, ১০ জুনঃ টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী, বিশ্বমানৰ বক্সাৰ, অসম তনয়া লাভলীনা বৰগোহাইক লৈ প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন মেগাজিন ‘গ্ৰাজিয়া’ৰ শেহতীয়া প্ৰচ্ছদ৷ বিশ্বৰ ২৬খন দেশত প্ৰকাশ পোৱা আলোচনীখনৰ ভাৰত সংস্কৰণৰ প্ৰচ্ছদত প্ৰকাশ পাইছে লাভলীনাৰ ছবি৷ অতি জনপ্ৰিয় সাপ্তাহিক ফেশ্বন আলোচনীখনৰ প্ৰচ্ছদৰ উপৰি লাভলীনাৰ বাবে এইবাৰ আলোচনীখনে আগবঢ়াইছে কেইবাটাও বিশেষ পৃষ্ঠা৷ য’ত এডিডাছ আৰু গুচ্ছিৰ বিশেষ কষ্টিউম পৰিধান কৰিছে লাভলীনাই৷ উল্লেখ্য যে গুচ্ছিৰ সঞ্চালক এলেচান্দ্ৰ মিছেলে ডিজাইন কৰা এডিডাছ-গুচ্ছি ক্লাৱ প্ৰজেক্টতো অংশগ্ৰহণ কৰে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্ছ সন্মান ‘খেলৰত্ন’ প্ৰাপক অসম তনয়া লাভলীনাই৷ স্মৰ্তব্য যে ‘গ্ৰাজিয়া’ নামৰ আন্তঃৰাষ্ট্ৰীয় সাপ্তাহিক ফেশ্বন আলোচনীখনৰ পূৰ্বে লাভলীনাক লৈ বিখ্যাত ‘ভোগ’ আলোচনীয়েও প্ৰকাশ কৰিছিল বিশেষ সংস্কৰণ৷ গ্ৰাজিয়া নামৰ আলোচনীখনৰ সংস্কৰণসমূহ বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলক লৈ প্ৰকাশ কৰা হয়৷ উক্ত আলোচনীখনৰ প্ৰচ্ছদত লাভলীনাৰ ছবি প্ৰকাশ হোৱাটোৱে অসমৰ বাবে গৌৰৱ বিষয় বুলি একাংশই মত পোষণ কৰিছে৷