Logo
image

পৰকীয়া! ঘৰ ভাগিছে ছাকিৰা-পিকেৰ

২০১০ বিশ্বকাপৰ সেউজ   দলিচাত ফুটবলৰ ছন্দৰ ৱাকা ৱাকা ৰে ৰে....’ গাই জগত জিনিছিল ছাকিৰাই৷ জনপ্ৰিয় গায়িকাৰ উত্তাল গীত সংগীতৰ মায়াজালত নাচিছিল সমগ্ৰ বিশ্ব৷ সেই দক্ষিণ আফ্ৰিকা বিশ্বকাপত স্পেইনে আজুৰি আনিছিল বিশ্বশ্ৰেষ্ঠৰ মুকুট৷ বিশ্বকাপত ৱাকা ৱাকা ৰে ৰে....’ গাই যিদৰে সুৰৰ তাৰকা ছাকিৰাই জোৱাৰ আনিছিল, সেইদৰে ফুটবল ষ্টেডিয়ামত দুভৰিৰ যাদুৰে স্পেনিছ ডিফেণ্ডাৰ জেৰাৰ্ড পিকেই ধুমুহাৰ সৃষ্টি কৰিছিল৷ দক্ষিণ আফ্ৰিকা বিশ্বকাপত ফুটবল ষ্টেডিয়ামৰ বাহিৰে-ভিতৰে ছুনামিৰ সৃষ্টি কৰিছিল স্পেনিছ ফুটবল তাৰকা জেৰাৰ্ড পিকে আৰু কণ্ঠৰ সম্ৰাজ্ঞী ছাকিৰাৰ প্ৰেম-ৰোমাঞ্চকৰ খবৰে৷ সুদীৰ্ঘ ১২ বছৰে ধৰি দুয়ো একেলগে সহবাস কৰিছিল৷ শেহতীয়াকৈ স্পেনিছ সংবাদ মাধ্যমে সদৰি কৰা মতে চেলিব্ৰিটী দ্বয়ৰ সম্পৰ্কত ফাট মেলিছে আৰু দুয়ো এৰাএৰি হৈছে৷ দুয়োৰে বেকআপ হোৱাৰ কাৰণ হ’ল পৰকীয়া প্ৰেম৷ তাৰকা ফুটবলাৰজনৰ দ্বিতীয় ইনিংছ আৰম্ভ হৈছে৷ আনকি পৰকীয়াত মজি থকা অৱস্থাত বাৰ্চিলোনাত ডিফেণ্ডাৰজনক হাতে-লোটে ধৰা পেলাইছিল ছাকিৰাই৷ তেতিয়াৰ পৰা দুয়ো বেলেগে থাকিবলৈ লয়৷ বৰ্তমান ফুটবলাৰ পি কে থাকিবলৈ লয় বাৰ্চিলোনাৰ বেচ্ছেলৰ হাউছত৷ পিকেৰ এজন সতীৰ্থ ফুটবলাৰে সদৰি কৰা মতে প্ৰতিৱেশী নাৰীৰ সৈতে পিকেই নৈশ যাপনো কৰিছে৷ শেহতীয়াকৈ ফুটবলাৰজনৰ প্ৰতি ক্ষোভ উজাৰি এটা গানো প্ৰস্তুত কৰিছে ছাকিৰাই৷ গীতটোৰ যোগেদি কোৱা হৈছে যে– মই জানিব পাৰিছো যে তুমি মিছলীয়া৷ মই তোমাক ভালদৰেই জানিছো তুমি মিঠ্যাবাদী৷ সন্দেহ নাই তুমি ভাল অভিনেতা, আশা কৰো তোমাৰ অভিনয় চলি থাকিব৷ অভিনন্দন জনালো......৷৷ দুয়ো তাৰকাৰ মাজত সম্পৰ্কত ফাট মেলাত দুয়োৰে যোগাযোগ বন্ধ হৈ পৰিছে৷