Logo
image

এইকেইটা লক্ষণে দেখা দিলেই ওজন কমাওক

শৰীৰৰ ওজন বৃদ্ধিৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ ওজন বৃদ্ধিৰ পাছতো বহুতেই তাক অৱহেলা কৰে৷ যাৰ বাবে প্ৰতিদিনেই শৰীৰৰ ওজন বাঢ়ি গৈ থাকে আৰু হঠাৎ বিভিন্ন শাৰীৰিক জটিলতাৰ সন্মুখীন হয়৷ কেইটামান লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে শৰীৰৰ ওজন হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিব লাগে৷

◾নাকৰ শব্দঃ ওজন বৃদ্ধি হ’লে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়৷ তেতিয়া স্বাভাৱিক অৱস্থাতো উশাহ-নিশাহ ল’লে নাকৰ শব্দ হ’ব পাৰে৷ 

◾সঘনাই মাংসপেশীত বিষঃ সঘনাই মাংসপেশীত বিষ অনুভৱ হ’লে শৰীৰৰ ওজন পৰীক্ষা কৰিব লাগে৷ ওজন বৃদ্ধিৰ ফলত মাংসপেশীত বিষ অনুভৱ হয়৷ 

◾খোৱাৰ পাছতে ভোক লাগিলেঃ কেতিয়াবা আহাৰ গ্ৰহণ কৰাৰ কিছু পাছতে ভোক লাগিব পাৰে৷ কেইবাদিনো ধৰি যিকোনো আহাৰ খোৱাৰ পাছত ভোক লগা যেন অনুভৱ হৈ থাকিলে সিও ওজন বৃদ্ধিৰ আন এক লক্ষণ হ’ব পাৰে৷ 

◾সকলো সময়তে ভাগৰুৱা অনুভৱঃ সকলো সময়তে ভাগৰুৱা যেন অনুভৱ হ’লে সি শৰীৰৰ ওজন বৃদ্ধিৰ আন এক কাৰণ হ’ব পাৰে৷ 

◾হাতৰ বিষঃ সাধাৰণভাৱে কাম কৰাৰ পাছতেই হাতত বিষ উঠাযেন অনুভৱ হ’ব পাৰে৷ শৰীৰৰ ওজন বাঢ়িলেও হাতৰ বিষত আক্ৰান্ত হ’ব পাৰে৷ এনেধৰণৰ লক্ষণে দেখা দিলেই প্ৰথমতে শৰীৰৰ ওজন জুখি চোৱা উচিত৷ 

◾ৰক্তচাপ আৰু কলেষ্ট’ৰেলৰ সমস্যাঃ শৰীৰৰ ওজন বৃদ্ধিৰ আন এক লক্ষণ হ’ব পাৰে উচ্ছ ৰক্তচাপ আৰু কলেষ্ট’ৰেলৰ সমস্যা৷ অতিৰিক্ত ওজনৰ পৰা শৰীৰ মুক্ত হ’লে কলেষ্ট’ৰেলৰ লগতে উচ্ছ ৰক্তচাপজনিত সমস্যাৰ পৰাও হাত সাৰিব পাৰি৷   

◾কঁকালৰ মাপঃ কঁকালৰ জোখ যদি ৩৫ বা তাতোকৈ বেছি হয় তেতিয়া শৰীৰৰ ওজন কমাবলৈ চেষ্টা কৰিব লাগে৷ ৩৫ ইঞ্চিতকৈ বাঢ়িলে হৃদপিণ্ডৰ সমস্যাত ভুগিব পাৰে৷ সেয়ে এইকেইটা লক্ষণে দেখা দিলে প্ৰথমে শৰীৰৰ ওজন পৰীক্ষা কৰাৰ লগতে এনেধৰণৰ সমস্যাই দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ 

◾ব্যায়াম কৰোতে অস্বস্তি অনুভৱঃ শৰীৰ চৰ্চা কৰোঁতে অস্বস্তি অনুভৱ হ’লে ই শৰীৰৰ ওজন বৃদ্ধিৰ বাবেও হ’ব পাৰে৷ অলপ সময় ব্যায়াম কৰিলেই ভাগৰ লগা যেন অনুভৱ হোৱা বা ফোপনি উঠিলে শৰীৰৰ ওজন বৃদ্ধিৰ বাবে হ’ব পাৰে৷