Logo
image

মাতৃ হোৱাৰ দিশে আলিয়া ভাট

আমাৰ অসম, ২৮ জুনঃ দুমাহ পূৰ্বে বিয়াত বহা বলীউডৰ তাৰকা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ মাজলৈ অতি সোনকালেই আহিব নতুন অতিথি৷ দেৱশিশুৰ কল্লোলেৰে ভৰি উঠিব দুয়োৰে সংসাৰ৷ অলপতে বিয়াত বহা ৰণবীৰ আৰু আলিয়া ভাটে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা প্ৰকাশ কৰে৷ আলিয়া ভাটে ইনষ্টাগ্ৰামৰ জৰিয়তে দুখন ফটো শ্বেয়াৰ কৰি এই বিশেষ খবৰটো অনুৰাগীক জানিবলৈ দিয়ে৷ ফটোত হাস্পতালৰ বেডত আলিয়াক আৰু কাষত স্বামী ৰণবীৰক দেখা গৈছে৷ তেওঁৰ এই ঘোষণাই সকলোকে আচৰিত কৰি দিয়ে৷ এই আচৰিত খবৰ পাই দুয়োৰে অনুৰাগীসকল আনন্দিত হৈ পৰে আৰু অভিনন্দনেৰে ওপচাই পেলায়৷ ৰণবীৰৰ ভগ্নী ৰিদ্ধিমা কাপুৰ, ব্ৰহ্মাস্ত্ৰত ৰণবীৰৰ সৈতে অভিনয় কৰা মৌনী ৰয় আৰু ৰকুল প্ৰীতেও দুয়োকে শুভেচ্ছা জনায়৷ উল্লেখ্য, চাৰি বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত এপ্ৰিলত বিয়াত বহিছিল ৰণবীৰ আৰু আলিয়াই৷ বিয়াৰ প্ৰায় দুমাহৰ পাছতে দুয়ো এই আচৰিত খবৰটো দিয়ে অনুৰাগীক৷