Logo
image

ৰাজ্যৰ চাহ উদ্যোগত সংকট

অত্যধিক বৃষ্টিপাতৰ বাবে হ্ৰাস পাইছে চাহপাতৰ উৎপাদন

আমাৰ অসম, ১৩ জুলাইঃ অসমত প্ৰবল বৃষ্টিপাতত বিপৰ্যস্ত হৈছে ৰাজ্যৰ চাহ খেতি৷ প্ৰবল বৃষ্টিপাতৰ বাবে অভাৱনীয়ভাৱে হ্ৰাস পাইছে চাহৰ উৎপাদন৷ ফলত বিস্তৰ  ক্ষতিসাধন হৈছে চাহ উদ্যোগৰ৷ তীব্ৰ বৰষুণৰ ফলত অসমৰ দৰে পশ্চিমবংগতো চাহৰ উৎপাদন অভানীয়ভাৱে হ্ৰাস পাইছে৷ উল্লেখ্য, দেশৰ মুঠ উৎপাদিত চাহৰ ৮০ শতাংশ উৎপাদন হয় অসম আৰু পশ্চিম বংগত৷ টি এছ’চিয়েশ্বন অৱ  ইণ্ডিয়াৰ সচিব  প্ৰধান পি কে ভট্টাচাৰ্যই সদৰি কৰিছে এই কথা৷ তেওঁ কয়– জুনত তীব্ৰ বৰষুণৰ ফলত ‘চানচাইন আৱাৰ’ অতি কম হৈ গৈছে৷ জুন মাহটোত প্ৰায় ১১দিন ৰ’দেই নাপালে চাহ গছসমূহে৷ একেৰাহে কেইবাদিন ধৰি হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত উষ্ণতাও  সাংঘাতিকভাৱে হ্ৰাস পাইছে৷ ফলত চাহৰ উৎপাদন উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ জলবায়ুৰ এনে পৰিবৰ্তনৰ ফলত বৰাক- ব্ৰহ্মপুত্ৰ উপত্যকাত চাহৰ উৎপাদন ২০-২৫ শতাংশ হ্ৰাস পাইছে৷ ইয়াৰ উপৰি বান-খহনীয়াত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ চাহ উদ্যোগ৷ ইণ্ডিয়ান টি এছোছিয়েশ্বনৰ তথ্যমতে জুনত হোৱা বানৰ ফলত বৰাকৰ প্ৰায় ১৫০ হেক্টৰ চাহ বাগিচাৰ ভূমি খহনীয়াত জাঁহ গৈছে৷ প্ৰায় ৩০০হেক্টৰ এলেকাৰ চাহ খেতি এসপ্তাহ ধৰি পানীৰ তলত আছিল৷ উক্ত স্থানৰ বাহ বাগিছাত একেৰাহে ৭-১০দিন ধৰি কোনো কাম কৰিব পৰা নগ’ল৷ এছোছিয়েশ্বনৰ সচিব সুজিৎ পাত্ৰই সদৰি কৰা মতে বিগত বৰ্ষৰ তুলনাত জুনমাহৰ উৎপাদন ২০-২৫ শতাংশ হ্ৰাস পাব৷ এই বেলি এপ্ৰিল আৰু মে’- মাহত চাহৰ উৎপাদন অভিলেখ সংখ্যক আছিল৷ কিন্তু প্ৰৱল বৃষ্টিপাত, বান, খহনীয়াৰ ফলত জুনত চাহৰ উৎপাদনত বিৰূপ প্ৰভাৱ পৰিছে৷ প্ৰবল বৃষ্টিপাত, বান-খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে  ক্ষুদ্ৰ আৰু বৃহৎ চাহ খেতিয়কসকল৷ যিসকলে কেৱল উজনি অসমত চাহ উৎপাদন কৰে তেওঁলোকৰ উৎপাদন ৩০ শতাংশ পৰ্যন্ত  হ্ৰাস পাইছে৷ ইতিমধ্যে বহু চাহ বাগিচাৰ চাহ গছ ভেকুৰ সদৃশ ৰোগত আক্ৰান্ত হৈছে৷ ইয়াৰ প্ৰভাব আগন্তুক ১৫-২১ দিনত পৰিব বুলি চাহ খেতিয়কসকলে আশংকা কৰিছে৷ অসমৰ কাৰণে উদ্বেগৰ বিষয় যে প্ৰিমিয়াম কোৱালিটি চাহ মূল ৰাজহৰ উৎস, কিন্তু   এনে ৰাজহ আহৰণকাৰী খণ্ডটো অভাৱনীয়ভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ চাহ উদ্যোগীসকলৰ লোকচানৰ ফলত পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত হ’ব চাহ বাগিচাৰ কৰ্মীসকল৷ ইয়াৰ উপৰি শ্ৰীলংকাৰ বৰ্তমানৰ পৰিস্থিতিয়েও বিৰূপ প্ৰভাৱ পেলাব  ৰাজ্যৰ চাহ উদ্যোগত৷ কিয়নো ভাৰতীয় চাহ উদ্যোগৰ ৰপ্তানী শ্ৰীলংকাৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যে  বন্ধ হৈ পৰিছে সেই কথা বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷