Logo
image

স্কুটীত উঠি বিধবস্ত মথাউৰিত মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৫ জুলাইঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই  আজি ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈয়ে মথাউৰি ছিগি জলপ্ৰলয়ৰ সৃষ্টি কৰা পৰিস্থিতি স্ব-চক্ষে পৰ্যৱেক্ষণ কৰে৷ গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে গৈ ৰঙিয়াস্থিত সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ হেলিপেডত অৱতৰণ কৰি তাৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰীয়ে সদলবলে বগৰীবাৰীলৈ যায়৷ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীক সংগ দিয়ে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৱে৷ মুখ্যমন্ত্ৰীয়ে বগৰীবাৰীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ উল্লেখ্য, যোৱা জুন মাহত পুঠিমাৰী নৈয়ে বগৰীবাৰীৰ  মথাউৰি ভাঙি জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল৷ ফলত বানত ডুব গৈছিল বহুকেইখন গাঁও৷ গৃহহাৰা হৈছিল শ শ লোক৷ মুখ্যমন্ত্ৰীয়ে ১২ কিলোমিটাৰ অঞ্চলৰ পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰি উক্ত মথাউৰিটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে৷ মুখ্যমন্ত্ৰীয়ে মথাউৰিৰে স্কুটী চলাই বানবিধবস্ত ৰাইজৰ দুখ-দুৰ্দশাৰো বুজ লয়৷ পুঠিমাৰী নৈয়ে তচনচ কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি  মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বানত আক্ৰান্ত অঞ্চলটোৰ লোকসকলৰ অৱস্থা খুবেই বেয়া, গতিকে পুঠিমাৰী নৈৰ বাৰ কিঃমিঃ দূৰত্বৰ ভগ্ন মথাউৰি বিজ্ঞানসন্মতভাৱে নতুনকৈ পুনৰ নিৰ্মাণ কৰা হ’ব৷ তাৰ বাবে বিভাগীয় মন্ত্ৰীৰ সৈতে আলোচনা কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সন্মুখত সদৰী কৰে৷ এই ক্ষেত্ৰত আই আই টিৰ বিশেষজ্ঞৰ সৈতেও আলোচনা কৰি মেথামেথিকেল মডেল বনাই অঞ্চলটোৰ জনসাধাৰণক সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি তেওঁ কয়৷ বানত সম্পূৰ্ণৰূপে ধবংস হোৱা ১৭টা পৰিয়াল আৰু সৰ্বোচ্ছ হেৰুওৱা ১৬০টা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়া বুলি তেওঁ জানিবলৈ দিয়ে৷ লক্ষণীয়ভাৱে উৎকট গৰমকো নেওচি আজিৰ পৰিদৰ্শন কালত এখন স্কুটী চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁৰ লগত আৰোহী হিচাপে যায় কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই৷ আন এখন স্কুটী চলাই বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আৰু তেওঁৰ লগত আৰোহী হিচাপে যায় প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ ভগ্ন মথাউৰি পৰিদৰ্শনৰ পাছত মুখ্যমন্ত্ৰী সমন্বিতে বিধায়ক-বিষয়াসকলে ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে৷  উক্ত বৈঠকতে মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক যথাসম্ভৱ শীঘ্ৰে ভগ্ন মথাউৰি পুনৰ নিৰ্মাণ আৰু বানত সৰ্বোচ্ছ হেৰুওৱাসকলক সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে৷