Logo
image

বিদ্যুৎ বিলৰ গইনা লৈ চাইবাৰ অপৰাধীৰ হৰিলুট

ধুৰন্ধৰ দুৰ্বৃত্তৰ আগ্ৰাসনত দিশহাৰা অসম আৰক্ষী

আমাৰ অসম, ১৫ জুলাইঃ ‘প্ৰিয় গ্ৰাহক, আপোনাৰ বিদ্যুৎ সংযোগ আজি নিশা ৯.৩০ বজাত বিচ্ছিন্ন কৰি দিয়া হ’ব৷ আপোনাৰ যোৱা মাহৰ বিল আপডেটৰ বাবে বিলিং অফিছাৰক ৮৬৪৯৮২১৬৪৮ নম্বৰত যোগাযোগ কৰক৷’ –বিভিন্নজনে হয়তো এপিডিচিএলৰ নামত প্ৰেৰণ কৰা এনে এটা এছ এম এছ মোবাইলত লাভ কৰিছে৷ উৎকট গৰমে দহি নিয়াৰ সময়ত ভূতৰ ওপৰত দানহ পৰা দি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ আকস্মিক এছ এম এছ লাভ কৰিলে নিশ্চয়কৈ এপিডিচিএলৰ উক্ত ফোন নম্বৰটোত আপোনাৰো যোগাযোগ কৰিবলৈ মন যাব৷ কিন্তু উক্ত ফোন নম্বৰটোত ক’ল কৰিলেই সিটো মূৰৰ পৰা এপিডিচিএলৰ বিষয়া বুলি পৰিচয় দি হিন্দী ভাষাত কোনো ব্যক্তিয়ে বিদ্যুৎ সংযোগ কৰ্তনৰ সন্দৰ্ভত আপোনাৰ সৈতে কথা পাতিব৷ অৱশ্যে হিন্দীভাষী ব্যক্তিজনৰ কথাত যদিহে ভোল গৈ তেওঁৰ নিৰ্দেশ মৰ্মে কাম কৰে তেনেহ’লে আপোনাৰ বিপদ নিশ্চিত৷ কিয়নো ফোনৰ সিটো মূৰৰ পৰা হিন্দীভাষী ব্যক্তিজনে বিদ্যুৎ বিল আপডেট হোৱা নাই বুলি আঁভুৱা-ভাৰি বিভাগীয় এছ এম এছৰ বাবে গ্ৰাহক হিচাপে আপোনাক ৩০ টকা আদায় দিবলৈ নিৰ্দেশ দিব৷ উক্ত ৩০ টকাটো আদায় দিবলৈ সেই ব্যক্তিজনে ইউ পি আইৰ এটা ‘বাৰক’ড’ প্ৰেৰণ কৰিব আপোনাৰ হোৱাটছএপ নম্বৰত৷ উক্ত ইউ পি আই বাৰক’ডটো গুগল পে’, ফোন পে’, পেটিএম, এছ বি আই য়ুন আদি মোবাইল এপ’ত স্কেন কৰাৰ লগে লগে আপোনাৰ বেংকৰ সকলো গোপনীয় তথ্য লাভ কৰিব হিন্দীভাষী বিলিং অফিচাৰ বুলি পৰিচয় দিয়া ব্যক্তিজনে৷ আৰু মুহূৰ্তৰ ব্যৱধানতে আপোনাৰ বেংক একাউণ্টৰ পৰা সাঁচতীয়া সকলো ধন লুট কৰি নিব সেই হিন্দীভাষী ব্যক্তিজনে৷ অৰ্থাৎ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ চলেৰে আপোনলৈ এছ এম এছ প্ৰেৰণ কৰা বা বিলিং অফিছাৰ বুলি নিৰ্দিষ্ট ফোন নম্বৰটোত হিন্দী ভাষাত কথা পতা ব্যক্তিজন প্ৰকৃততে এপিডিচিএলৰ কোনো কৰ্মচাৰীয়েই নহয়৷ এইসকল প্ৰকৃততে একো একোজন চাইবাৰ প্ৰৱঞ্চক৷ এক কথা বিদ্যুৎ বিলৰ গইনা লৈ এটা চাইবাৰ অপৰাধী চক্ৰই ৰাজ্যৰ জনসাধাৰণৰ ওপৰত চলাইছে হৰিলুট৷ চাইবাৰ অপৰাধী চক্ৰটো ইমানেই ধুৰন্ধৰ আৰু পাকৈত যে এতিয়া সিহঁতক চিনাক্ত কৰিবলৈ গৈও দিশহাৰা হৈ পৰিছে স্মাৰ্ট অসম আৰক্ষী৷ এই চাইবাৰ প্ৰৱঞ্চক চক্ৰটোৰ ফান্দত পৰি বেংকৰ একাউণ্টৰ পৰা বিভিন্নজনৰ লগতে শিক্ষিত ব্যক্তিয়েও ধন হেৰুৱালগীয়া হৈছে৷ লক্ষণীয় বিষয়টো হৈছে বিগত এপ্ৰিলৰ পৰা একেটা কৌশলেৰে চাইবাৰ অপৰাধী চক্ৰটোৱে এছ এম এছ প্ৰেৰণ কৰি গ্ৰাহকৰ পৰা ধন লুট কৰি আহিছে যদিও বিয়াগোম আৰক্ষী বাহিনীয়ে অপৰাধী চক্ৰটোক নাকী লগাবলৈ সক্ষম হোৱা নাই৷ আনকি এপিডিচিএল কতৃৰ্পক্ষইও এই প্ৰৱঞ্চনাৰ সন্দৰ্ভত লিখিতভাৱে অভিযোগ দিয়াৰ পাছতো স্মাৰ্ট অসম আৰক্ষীয়ে প্ৰৱঞ্চক চক্ৰটোৰ কোনো অস্তিত্বই বিচাৰি পোৱা নাই৷ ছ’চিয়েল মিডিয়াত দুই এটা বিদ্ৰোহী কথা লিখিলেই ইউ এ [পি] আইনৰ ধাৰা জাপি দি কম বয়সীয়া যুৱক- যুৱতীক জে’ললৈ প্ৰেৰণ কৰি বীৰত্ব প্ৰদৰ্শন কৰা শীৰ্ষ আৰক্ষী বিষয়া ভাস্কৰজ্যোতি মহন্ত, জিপি সিঙৰ দৰে বিষয়াসকলে চাইবাৰ অপৰাধীৰ ক্ষেত্ৰত অসহায় হৈ পৰাটো বিষয়টোৱে তাৎপৰ্য বহন কৰিছে৷ এক কথাত চাইবাৰ অপৰাধীক নিয়ন্ত্ৰণত অসম আৰক্ষীৰ ছাইবাৰ অপৰাধ ছেল সম্পূৰ্ণৰূপে যে ব্যৰ্থ হৈছে সেয়া স্পষ্ট৷