Logo
image

ব্যক্তিগত খণ্ডলৈ চাহ নিগমৰ ১২খন বাগিচা

দৰিদ্ৰ চাহ শ্ৰমিকৰ স্বাৰ্থলৈ পিঠি দিছে চৰকাৰে

আমাৰ অসম, ১৫ জুলাইঃ অসম চাহ নিগমৰ অধীনস্থ ১২খনকৈ চাহ বাগিচা ৩০ বছৰৰ বাবে ব্যক্তিগত খণ্ডক লীজত দিয়াৰ বাবে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ইতিপূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ তৎপৰ হৈ পৰিছে দিছপুৰ৷ এই প্ৰসংগক কেন্দ্ৰ কৰি স্বাভাৱিকতে তীব্ৰ বিতৰ্ক, প্ৰতিক্ৰিয়া আৰু ৰহস্যৰ সৃষ্টি হৈছে৷ ইতিমধ্যে বিভিন্ন কাৰণত অসমৰ চাহ উদ্যোগ ভয়াৱহ সংকটৰ সন্মুখীন হৈছে৷ সেই সংকটৰ পৰা ৰেহাই পোৱা নাই বৃহৎ বৃহৎ ব্যক্তিগত খণ্ডৰ চাহ কোম্পানী৷ ব্যক্তিগত মালিকানাধীন বহু কোম্পানীৰ নিজৰ বাগিচাৰ শ্ৰমিকক নিয়মীয়াকৈ দৰমহা আৰু অন্যান্য সা-সুবিধা দিয়াৰ পৰা বিৰত আছে– একমাত্ৰ লোকচানৰ দোহাই দি৷ কিন্তু ইয়াৰ পাছতো অসম চৰকাৰে কি যুক্তিত, কিহৰ ভিত্তিত ১২খনকৈ চাহ বাগিচা ব্যক্তিগত খণ্ডৰ হাতত গতাব বিচাৰিছে? বহুসংখ্যক ব্যক্তিগত খণ্ডই যিসময়ত নিজেই লোকচানৰ ভাৰত ভাৰাক্ৰান্ত, সেই সময়ত অসম চাহ নিগমৰ বাগিচাত কিদৰে লাভৰ মুখ দেখুৱাব ব্যক্তিগত খণ্ডই– সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে৷ ইয়াৰ পূৰ্বেও অসম চৰকাৰে একাধিক লাভজনক চাহ বাগিচা ব্যক্তিগত খণ্ডৰ হাতত গতাই দিছে৷ ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি ১২খন চাহ বাগিচা ক্ৰমে চৈকতা, নাগিনীজান, ৰজাবাৰী, চৰাইদেউ, দীপলিং, নেঘেৰিটিং, ৰঙামাটি, দিজুভেলী, লুংচুং, আমলখি, ইচাবিল আৰু লংগাই চাহ বাগিচা অসম চাহ নিগমে ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ যো-জা কৰিছে৷  এই সন্দৰ্ভত অসম চাহ নিগমৰ শীৰ্ষ কতৃৰ্ত্বই জনাইছে যে লীজত দিয়াৰ বাবে ঠিক কৰা ১২খন বাগিচাৰ মূল্য ৩১ পৰা ১১কোটি টকালৈ ধাৰ্য কৰা হৈছে৷ নিবিদাৰ অন্তিম তাৰিখ হৈছে ২৪ জুলাই৷ ১৯৭২ চনত চৰকাৰে গ্ৰহণ কৰা এই বাগিচাসমূহ চৰকাৰে ইমান বছৰে ভালকৈয়ে পৰিচালনা কৰি আছিল যদিও আশা কৰা অনুসৰি লাভৰ মুখ নেদেখাৰ বাবে লীজত দিয়াৰ পৰিকল্পনা কৰা হৈছে৷ ব্যক্তিগত মালিকানাধীন হ’লে বাগিচা কেইখন ভালকৈ পৰিচালিত হ’ব বুলি আমি আশাবাদী৷ লক্ষণীয় যে চৰকাৰৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি চাহ নিগমৰ বাগিচাই বাগিচাই আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ আৰু বিক্ষোভ৷ এই সম্পৰ্কে শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰি কয়– পৰিচালন গোষ্ঠীৰ সম্পূৰ্ণ ভুল নীতিৰ বাবেই এটা সময়ত লাভৰ মুখ দেখি থকা বাগিচাসমূহ আজি ক্ৰমাৎ লোকচানৰ দিশলৈ গতি কৰিছে৷  কৰ্মচাৰীসকলে আজিও বহু বকেয়া পাবলৈ বাকী আছে৷ ইফালে, উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি, অসমৰ মুখ্য আহ৩ায়ক ৰমেন দাস আৰু পংকজ কুমাৰ দাসে অসম চাহ নিগমৰ  চাহ বাগিচাকেইখন অসম চৰকাৰে লীজত দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাই বাগিচা কেইখন ৰাজহুৱা খণ্ডতে পুনৰুজ্জীৱিত কৰাৰ দাবী কৰিছে৷ সমিতিৰ নেতাদ্বয়ে এই সন্দৰ্ভত কয়– ‘বিজেপি চৰকাৰে চাহ নিগমৰ সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু বাগিচাসমূহ পুনৰুজ্জীৱিতকৰণৰ কোনো পদক্ষেপেই নল’লে৷ আনকি নিগমৰ বাগিচাৰ শ্ৰমিকে শ্ৰম আইন মতে পাব লগা প্ৰাপ্যসমূহো পোৱা নাই৷ পিএফৰ ধনৰ বাবে উচ্ছতম ন্যায়ালয়ৰ হস্তক্ষেপত ১০০ কোটি টকা পিএফৰ ধন আদায় দিবলৈ বাধ্য হৈছে৷ আৰু এতিয়া এই বৃহৎ অংকৰ অনাদায় ধন আদায় দিয়াৰ পাছত বাগিচা কেইখন ব্যক্তিগত খণ্ডৰ হাতত গটাই দিবলৈ যো-জা কৰা কাৰ্যই ব্যক্তিগত চাহ মালিক বা কোম্পানীৰ স্বাৰ্থহে ৰক্ষা কৰিলে৷ অৰ্থাৎ ১০০ কোটি টকা ৰেহাই দিয়া হ’ল৷ নিগমৰ বাগিচা লীজত লোৱাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ মালিকে কোনো অনাদায় ধনৰ দায়িত্বই ল’ব নালাগে, পানীৰ দৰত লীজত লোৱাৰ সুবিধা কৰি দিয়া হৈছে৷ যি অজুহাতত নিগমৰ বাগিচা ব্যক্তিগত খণ্ডত দিব বিচাৰিছে, সেই একে যুক্তিতে পি এফৰ ধন আদায় দিবলৈ বাকী থকা ব্যক্তিগত খণ্ডৰ বাগিচা এতিয়া কাক গটাই দিব? সেয়ে শ্ৰমিক সকলক বিপদৰ মুখলৈ ঠেলি দি বাগিচাসমূহ মোটা ধনৰ অংকৰ কমিছনৰ বিনিময়ত লীজত দিয়াৰ সিদ্ধান্ত কোনো যুক্তিত মানিব নোৱাৰি৷ অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত নাম লিখোৱাৰ কথা কোৱা আৰু চৰকাৰৰ ধনৰ অভাৱ নাই বুলি সততে জাহিৰ কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন উদ্যোগ গঢ়াৰ সলনি উদ্যোগ বন্ধ তথা বিক্ৰীৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ’বলৈহে প্ৰতিযোগিতাত নমা পৰিলক্ষিত হৈছে৷ ব্যক্তিগত মালিক বা কোম্পানীৰ বাগিচা যদি লাভত থাকিব পাৰে, তেন্তে অসম চাহ নিগমৰ বাগিচাসমূহে কিয় লোকচান ভৰিব লগা হৈছে? ইয়াৰ বাবে দিছপুৰীয়া মন্ত্ৰী-বিষয়াৰ কমিছনৰাজে জগৰীয়া৷ লীজত দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি চাহ শ্ৰমিকসকলৰ জীৱন-জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি দাবী জনাইছোঁ৷’