Logo
image

দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত প্ৰতিবাদ-চুম্বন একাকাৰ

আমাৰ অসম, ১৫ জুলাইঃ ভয়ংকৰ আৰ্থিক সংকটৰ মাজতে প্ৰতিবাদ-হিংসাত জৰ্জৰ শ্ৰীলংকাত এতিয়া অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ ৰাষ্ট্ৰপতিৰ পলায়নৰ পাছত এতিয়া প্ৰধানমন্ত্ৰী ৰণিল ৱিক্ৰমেসিংঘেই তত্ত্বাৱধায়ক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাতৰি আহিছে৷ কিন্তু প্ৰতিবাদকাৰী জনতাই প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী জনাই তেওঁৰ চৰকাৰী বাসগৃহত প্ৰৱেশ কৰে৷ আনকি নেশ্বনেল এছেম্বলীৰ অধ্যক্ষৰ কাৰ্যালয়ৰ বাহিৰতো প্ৰতিবাদ অব্যাহত আছে৷ তেনে সময়তে শ্ৰীলংকাৰ পৰা এনে এখন ছবি ভাইৰেল হৈছে, যিখনক লৈ বিশ্বজুৰি ব্যাপক চৰ্চা হৈছে৷ প্ৰতিবাদকাৰী আৰু আৰক্ষী-সোনাৰ মাজত হতাহতি লাগি এজন লোকে প্ৰাণ হেৰুৱাইছে৷ আৰক্ষীয়ে লাঠী-কন্দুৱা প্ৰয়োগ কৰিছে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ৷ কিন্তু বুধবাৰে প্ৰতিবাদকাৰী জনতাই প্ৰধানমন্ত্ৰীৰ চৰকাৰী আবাস কব্জা কৰাৰ পাছত আনন্দ-উল্লাস প্ৰদৰ্শন কৰে৷ তেতিয়াই প্ৰধানমন্ত্ৰী আবাসৰ বেলকনিত এহাল পুৰুষ-মহিলাই চুম্বনত লিপ্ত হোৱাৰ ছবি বিশ্বজুৰি বিয়পি পৰিছে৷ শ্ৰীলংকাৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ দখল কৰাৰ আনন্দতে তেওঁলোকে এনেদৰে চুম্বনত লিপ্ত হয়৷