Logo
image

বলীউডৰ অভিনেতা কিশোৰ অমানক গ্ৰেপ্তাৰ

আমাৰ অসম,২৩ ছেপ্টেম্বৰঃ এন চি বিৰ জেৰাত বলীউডৰ বহু তাৰকাৰ নাম উল্লেখ কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যু ঘটনাই আৰু জটিলতাৰ ফালে গতি কৰিছে৷ মুম্বাই পুলিচ, বিহাৰ পুলিচ, ইডি, চি বি আইৰ পাছত সুশান্তৰ মৃত্যু ঘটনাৰ তদন্তত নামিছে নাৰকটিকছ কন্ট্ৰল ব্যুৰ’৷ এতিয়া বলীউডৰ অনেক নক্ষত্ৰৰ ওপৰত  এন চি বিৰ তীক্ষ্ণ নজৰ৷ ইয়াৰ মাজতে বলীউডৰ বিখ্যাত অভিনেতা কিশোৰ অমান চেট্টীক  ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে মাংগালুৰু আৰক্ষীয়ে৷ বলীউডৰ ছুপাৰ হিট ছবি ‘এ বি চি ডি’ত চৰ্চিত হৈছিল কিশোৰৰ নাম৷ শনিবাৰে  নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷ তেওঁৰ লগতে আকিল নাউশিল নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে৷ দুয়োৰে মোবাইল জব্দ কৰা হৈছে৷ উল্লেখ্য মুম্বাইত ড্ৰাগছ ক্ৰয় কৰি  কৰ্ণাটকৰ বাংগালুৰুত দুয়োজনে ব্যৱসায় কৰাৰ তথ্য পোহৰলৈ আহিছে৷