Logo
image

ক’ভিডৰ হটস্পট হোৱাৰ দিশে গুৱাহাটী

আমাৰ অসম, ১৫ জুলাইঃ ৰাজ্যত ক’ভিডে পুনৰ বিপদজনক ৰূপ ধাৰণ কৰিছে৷ দিছপুৰৰ লগতে স্বাস্থ্য বিভাগে ক’ভিড সংক্ৰমণৰ বিষয়টোক কোনো গুৰুত্ব দিব নিবিচাৰিলেও ৰাজ্যৰ ক’ভিড পৰিস্থিতি উদ্বেগৰ কাৰক হৈ পৰিছে৷ কিয়নো অতি সংগোপনেৰে ক’ভিড ভাইৰাছৰ দৈনিক সংক্ৰমণে ৫০০ৰ ঘৰ অতিক্ৰম কৰিলে৷ ক’ভিডৰ এনে দ্ৰুত সংক্ৰমণৰ পাছতো ৰাজ্য চৰকাৰে কোনো ক’ভিড বাধা নিষেধাজ্ঞা আৰোপ কৰিব নিবিচাৰিলেও জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দুখনকৈ জিলাৰ প্ৰশাসনে নিজাববীয়াকৈ এছ অ’ পি জাৰি কৰিবলৈ বাধ্য হৈছে৷ একমাত্ৰ ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনে চৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা স্থানত মাস্ক আৰু সামাজিক ব্যৱধান বাধ্যতামূলক কৰিছে৷ আনকি মাস্ক নিপিন্ধা ব্যক্তিক পেট্ৰ’ল পাম্প আৰু ব্যৱসায় প্ৰতিষ্ঠানত সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে৷ একেদৰে তিনিচুকীয়া জিলা উপায়ুক্তইও বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ মঙলবাৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে ক’ভিড-১৯ সম্বন্ধীয় ৬টাকৈ স্বাস্থ্য বিধি কঠোৰভাৱে পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনাই নিৰ্দেশনা জাৰি কৰে৷ সেই অনুসৰি ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে ৰাজহুৱা স্থানত মুখত মাস্ক পৰিধান কৰিবলৈও কোৱা হৈছে৷ তদুপৰি ৰাজহুৱা স্থানত থু-পিক নেপেলাবলৈ আহ্বান জনোৱাৰ লগতে ৰাজহুৱা স্থানত জনসাধাৰণৰ অপ্ৰয়োজনীয় সমাৱেশ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ একেদৰে ক’ভিড ১৯ৰ যিকোনো লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে নিকতৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ পৰামৰ্শ দি হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ তথা সঘনাই চাবোনেৰে হাত ধুবলৈ ৰাইজক আহ্বান জনাইছে৷ ইফালে বিগত এটা সপ্তাহৰ পৰা বৰাকত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ কাছাৰ জিলাৰ প্ৰশাসনে জিলাখনৰ জনসাধাৰণৰ বাবে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা৷ চৰকাৰী বিষয়া, চিকিৎসক, পেৰামেডিকেল কৰ্মচাৰীকে ধৰি সকলোলোকৰ বাবে মাস্ক পৰিধান আৰু ক’ভিড নীতি-নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হৈছে৷ কাছাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে মঙলবাৰে জাৰি কৰা নিৰ্দেশনাত যিকোনো ধৰণৰ সমাৱেশত অংশগ্ৰহণ কৰাৰ সময়ত সকলো লোকে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰিব লাগিব বুলিও স্পষ্ট কৰি দিছে৷ আনহাতে সকলো দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানে হেণ্ড চেনিটাইজাৰ, সামাজিক দূৰত্বকে ধৰি ক’ভিড আচৰণ সুনিশ্চিত কৰিব লাগিব বুলিও নিৰ্দেশনাত উল্লেখ আছে৷ দোকান, পেট্ৰ’ল পাম্প, বেংক, মল আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰাত বাধ্যতামূলকভাৱে ‘ন’ মাস্ক ন’ এণ্ট্ৰি’ ফলক আঁৰি থব লাগিব৷ লক্ষণীয় বিষয়টো হৈছে বুধবাৰে ৰাজ্যত ৫৯০ জন লোক ক’ভিড আক্ৰান্ত হৈছিল৷ আনহাতে বুধবাৰৰ দিনটো গুৱাহাটী মহানগৰীত পুনৰ এজন ক’ভিড ৰোগীৰ মৃত্যু হৈছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এইবাৰৰ ক’ভিড বিপদজনক নহয় বুলি দাবী কৰিছিল যদিও দৈনিক এজন-দুজনকৈ ক’ভিড ৰোগীৰ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি বিগত দহটা দিনতে গুৱাহাটীত ৭৫৯জন লোকে ক’ভিডত আক্ৰান্ত হৈছে৷ গুৱাহাটী মহানগৰী ক’ভিডৰ হটস্পটত পৰিণত হৈছে যদিও এই পৰ্যন্ত প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ফালৰ পৰাও মহানগৰবাসীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো দূৰৰে কথা ৰাইজক মাস্ক পৰিধানৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত কোনো সজাগতা চলোৱা নাই৷ কেৱল গুৱাহাটীয়েই নহয়, ৰাজ্যৰ গাঁৱে-ভূঞে এতিয়া ক’ভিডৰ গণসংক্ৰমণ আৰম্ভ হৈছে৷ ইফালে, বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৭০৭জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ দুৰ্ভাগ্যজনকভাৱে বৃহস্পতিবাৰৰ দিনটোত দুজন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ মৃত ৰোগী দুজন হৈছে দৰং আৰু কামৰূপ [ম] জিলাৰ৷ আনহাতে বিগত ২৪ ঘণ্টাত যোৰহাটত সৰ্বাধিক ৯৩ জন, গুৱাহাটীত ৬৯জন, ডিব্ৰুগড়ত ৬৭জন, গোৱালপাৰাত ৫৮জন, ধুবুৰীত ৪৫জন আৰু নগাঁৱত ৪৩ জন লোক আক্ৰান্ত হৈছে৷ স্বাস্থ্য বিভাগৰ তথ্য মতে বৰ্তমান ৰাজ্যত ক’ভিড সংক্ৰিয় হৈ আছে ৩,১৫০ জন লোক৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ১৪৫ দিনৰ ব্যৱধানৰ পাছত ভাৰতত দৈনিক ক’ভিড-১৯ত ২০,০০০ ৰো অধিক আক্ৰান্ত হৈছে৷ আনহাতে, সক্ৰিয়ৰ সংখ্যা ৰ,৩৬,০৭৬ লৈ বৃদ্ধি পাইছে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত এই বিষয়ে উল্লেখ কৰা হৈছে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাৰ ব্যৱধানত ২০,১৩৯জন নতুনকৈ ক’ভিডত ১৯ত আক্ৰান্ত হয়৷ ইয়াৰ ফলত এই সংখ্যা ৪,৩৬,৮৯,৯৮৯ লৈ বৃদ্ধি পালে৷ প্ৰকাশ কৰা তথ্য অনুসৰি ৩৮জন লোকৰ নতুনকৈ মৃত্যু হোৱাত মৃতকৰ সংখ্যা ৫,২৫,৫৫৭ লৈ বৃদ্ধি পালে৷ মন্ত্ৰণালয়ৰ মতে দৈনিক আক্ৰান্তৰ হাৰ ৫.১০ শতাংশ হৈছে৷ ইপিনে, সাপ্তাহিক পজিটিভৰ হাৰ ৪.৩৭ শতাংশ বুলি একেটা সূত্ৰই উল্লেখ কৰিছে৷ মন্ত্ৰণালয়ৰ মতে দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ১৯৯.২৭ কোটি পালি প্ৰদান কৰা হৈছে৷

হোজাই ডবকাত জাপানিজ এনকেফেলাইটিচৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যবাসীৰ কাৰণে এক ভয়ংকৰ খবৰ৷ বানৰ পাছত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ৷ হোজাই জিলাত ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছৰ প্ৰথমটো ৰোগী৷ জিলাখনৰ ভিতৰত এইটোৱেই প্ৰথমটো ঘটনা৷ এই খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷  জিলাখনৰ ডবকাৰ জংগলব্লকত এই ঘটনা সংঘটিত হৈছে৷ ডবকা জংগলব্লকৰ আলা উদ্দিন আহমেদ নামৰ এজন ৰোগীৰ দেহত ধৰা পৰিছে JE ৰ উপস্থিতি, যুদ্ধকালিন তৎপৰতাৰে নামি পৰিছে জিলা প্ৰশাসন৷ ইতিমধ্যে স্বাস্থ্য বিভাগে চিনাক্ত কৰিছে গাঁওখন৷ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ বুজ লৈছে গাঁওখনত৷ আলাউদ্দিনৰ পৰিয়াল আৰু প্ৰতিবেশীৰ ঘৰৰ পৰাও সংগ্ৰহ কৰিছে JE ৰ নমুনা৷ যুদ্ধকালিন তৎপৰতাৰে চলিছে সকলো প্ৰক্ৰিয়া৷ উল্লেখ্য যে, আলাউদ্দিনৰ নাই কোনো ভ্ৰমণৰ তথ্য৷ তাৰ প্ৰতি লক্ষ্য কৰি চিন্তিত স্বাস্থ্য বিভাগ৷ অনুমান কৰা হৈছে যে বানৰ পৰা জাপানিজ হোৱাৰ সম্ভাৱনা৷ ইতিমধ্যে সজাগতাও চলাইছে জিলা প্ৰশাসনে৷

মেৰাপানীত জাপানিজ এনকেফেলাইটিচত এজনৰ মৃত্যু

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাৰ্দুভাৱ৷ শেহতীয়াকৈ গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমাৰ মেৰাপানী অঞ্চলত ৪ জনকৈ লোক আক্ৰান্ত হোৱাৰ লগতে কালি মেৰাপানীৰ কৃষ্ণস্বামী গাঁৱৰ নৰেশ্বৰ শৰ্মা নামৰ লোকজনৰ মৃত্যু হয়৷ উল্লেখ্য যে,  লোকজন কিছুদিনৰ পূৰ্বে জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত কালি লোকজনে মৃত্যুক আঁকোৱালি লয়৷ অন্যহাতে, ৬ নং ক’লাজানৰ সীমান্ত কছাৰী[১৩],  গমাৰীগুৰি অ’ এন জি চিৰ কেম্পৰ সমীপৰ সুধাংশু প্ৰসাদ [৫৭] আৰু কাছমাৰী দক্ষিণ নেঘেৰীৰ এগৰাকী কন্যাশিশু এতিয়াও চিকিৎসাধীন হৈ আছে৷ মেৰাপানী সামূহিক চিকিৎসালয়ৰ মেলেৰীয়া বিভাগে অঞ্চলটোৰ আক্ৰান্ত গাঁওসমূহত আঁঠুৱা ঔষধিকৰণ, তেজৰ নমুনা পৰীক্ষা, ধোঁৱা দিয়া আদি ব্যৱস্থা কৰিছে যদিও ৰোগবিধৰ দ্ৰুত বাহকৰ তুলনাত ই যথেষ্ট নহয় বুলি অভিযোগ উঠিছে৷ তদুপৰি, মেৰাপানী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত তৰাণি, কৃষ্ণশ্ৰামী, কাছমাৰী, গমাৰী আদি অঞ্চলত প্ৰাৰ্দুভাৱ ঘটিছে এনকেফেলাইটিছ ৰোগৰ৷  ইফালে অঞ্চলটোত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তৎপৰতা গ্ৰহণ কৰি জনসাধাৰণক সজাগ হোৱাৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷

শিৱসাগৰত কৰ’না, এনকেফেলাইটিচৰ পুনৰুত্থান

ৰাজ্যজুৰি অভাৱনীয় বানে সৰ্বস্বান্ত কৰাৰ পিছতেই এইবাৰ মহামাৰীৰ ৰূপত পুনৰ আত্মপ্ৰকাশ ঘটিছে ক’ভিড ১৯ ৰ৷ বিগত তিনিটা বছৰত অভাৱনীয় ক্ষতিৰে দেশবাসীৰ লগতে ৰাজ্যবাসীক জুৰুলা কৰাৰ পাছত পুনৰ ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰতো চিনাক্ত হৈছে কৰ’নাত আক্ৰান্ত ৰোগী৷ প্ৰায় আঠমাহৰ বিৰতিৰ অন্তত শিৱসাগৰত চিনাক্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ২৪ জন৷ ক’ভিড ১৯ ৰ দুটাকৈ পালি গ্ৰহণ কৰাৰ লগতে বুষ্টাৰ ড’জ গ্ৰহণ কৰাৰ পাছতো পুনৰ কৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ ঘটনাই সাধাৰণ ৰাইজৰ মাজত চিন্তাৰ বিষয় হৈ পৰিছে৷ শিৱসাগৰ জিলাখনত আজিৰ দিনটোত ২৪জনকৈ ব্যক্তি কৰ’নাত আক্ৰান্ত হোৱাৰ তথ্য আজি নিশা জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে৷ ইফালে ভূতৰ ওপৰত দানহ পৰাদি শিৱসাগৰ জিলাখনত আৰম্ভ হৈছে জাপানিজ এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছসদৃশ ৰোগৰ আতংক৷ বিগত কেইদিনত জিলাখনত জাপানিজ এনকেফেলাইটিছসদৃশ ৰোগত ২২জন ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে জাপানিজ এনকেফেলাইটিছ ৰোগত ১২জন ব্যক্তি আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷  আনহাতে, বিগত ৮ জুলাইৰত আমগুৰি ম’ৰাবজাৰৰ নিৱাসী আকাশী নেওগ [১১] নামৰ এটি শিশুৰ মৃত্যু হোৱাৰ জিলা স্বাস্থ্য বিভাগে স্পষ্ট কৰিছে৷