দিল্লীত পৰম বন্ধু অসমত দুৰ্ঘোৰ শত্ৰু
কংগ্ৰেছৰ ‘ইউডিএফ ৰাজনীতি’
আমাৰ অসম, ১৫ জুলাইঃ শক্তিশালী বিৰোধী ঐক্য গঠন নহয়, কংগ্ৰেছ এতিয়া জনাজাত নিজৰ কেতবোৰ স্ব-বিৰোধী স্থিতিৰ বাবে৷ বিধানসভাৰ উপ-নিৰ্বাচন, ৰাজ্যসভাৰ নিৰ্বাচন, পৌৰ নিৰ্বাচনৰ পিছত অসমত বিৰোধীৰ সন্মুখত এইবাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ প্ৰয়োজনীয় সংখ্যা থকাৰ পিছতো ৰাজ্যসভাৰ নিৰ্বাচনত লাভ কৰিবলগীয়া এখন আসনৰ পৰাও বঞ্চিত হ’বলগীয়া হয় বিৰোধী শিবিৰ৷ দেশত এতিয়া ৰাষ্ট্ৰপতিৰ নিৰ্বাচনক লৈ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে৷ কিন্তু ইয়াৰ মাজতে কংগ্ৰেছ দলে গ্ৰহণ কৰিছে স্ব-বিৰোধী স্থিতি৷ এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে নিজে দাবী কৰিছে যে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীয়ে ফোন কৰি তেওঁক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী পক্ষৰ বৈঠকলৈ আমন্ত্ৰণ জনাইছিল৷ ছোনীয়া গান্ধীৰ আমন্ত্ৰণ ৰক্ষা কৰি দলটোৰ প্ৰতিনিধি আমিনুল ইছলামে নতুন দিল্লীত বিৰোধীৰ দুখনকৈ বৈঠকত উপস্থিত থাকে৷ আজমলৰ অভিযোগ–ছোনীয়া গান্ধীয়ে বৈঠকলৈ আমন্ত্ৰণ জনোৱাৰ পিছতো অসম কংগ্ৰেছে তেওঁ আৰু তেওঁৰ দলক মুঠেই গুৰুত্ব দিয়া নাই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ক্ষেত্ৰত৷ আনকি বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশবন্ত সিনহাৰ ১৩ জুলাইত গুৱাহাটী ভ্ৰমণৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম কংগ্ৰেছৰ উদ্যোগত যি বিশাল সভা অনুষ্ঠিত হৈছিল তালৈ এ আই ইউ ডি এফক আমন্ত্ৰণ জনোৱা হোৱা নাছিল৷ যাৰ বাবে এ আই ইউ ডি এফৰ বিধায়নী দলৰ উপ-সভাপতি আমিনুল ইছলামৰ নেতৃত্বত দলৰ প্ৰতিনিধি দল এটাই গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰত উপস্থিত হৈ দিনৰ ২.৩০ বজাত যশবন্ত সিনহাক পৃথকে আদৰণি জনায়৷ ইয়াৰ পিছত কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত সভাৰ পূৰ্বে দলটোৰ বিধায়ক ক্ৰমে হাফিজ ৰফিকুল ইছলাম আৰু আমিনুল ইছলামৰ নেতৃত্বত সজাতি দল এটাই পুনৰ যশবন্ত সিন্হাক হোটেল তাজ বিভান্তাত সাক্ষাৎ কৰি দীঘলীয়া আলোচনাত মিলিত হয়৷ এই বৈঠকতে এ আই ইউ ডি এফৰ প্ৰতিনিধি দলটোৱে সিনহাক স্পষ্টভাৱে অবগত কৰে যে কংগ্ৰেছৰ সভাখনলৈ তেওঁলোকক আমন্ত্ৰণ জনোৱা হোৱা নাই৷ এই বিষয়ে তেওঁলোকক একো অবগত কৰোৱা হোৱা নাই কংগ্ৰেছৰ ফালৰ পৰা৷ অৱশ্যে এ আই ইউ ডি এফ দলে ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দলৰ ফালৰ পৰা দুজনকৈ পলিং এজেণ্ট নিয়োগ কৰিছে আৰু এই সম্বনীয় প্ৰপত্ৰত স্বাক্ষৰ কৰি যশবন্ত সিনহাক দিছে৷ দিল্লীত এ আই ইউ ডি এফৰে মিত্ৰতা অক্ষুণ্ণ ৰখা কংগ্ৰেছ দলে ৰহস্যজনকভাৱে অসমত গ্ৰহণ কৰিছে এক বিপৰীত স্থিতি৷ কলাক্ষেত্ৰত সভাখনলৈ এ আই ইউ ডি এফক আমন্ত্ৰণ নজনালেও ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, চি পি আই [এম]ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত আছিল৷ দিল্লীত মিত্ৰতা থাকিলেও ইতিমধ্যে ৰাজীব ভৱনত বদৰুদ্দিন আজমলৰ নাম পৰ্যন্ত লোৱাৰ ক্ষেত্ৰতে নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ আনকি এ আই ইউ ডি এফৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত সহায় নিবিচাৰে বুলিও ইতিমধ্যে স্পষ্ট কৰি দিছে সভাপতি বৰাই৷ কিন্তু ভূপেন বৰাই ৰাজীৱ ভৱনত বদৰুদ্দিন আজমলৰ নাম উচ্ছাৰণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপে কৰক বা আজমলৰ সহায় নিবিচৰাৰ সিদ্ধান্তয়ে লওক, এই ক্ষেত্ৰত কিন্তু দলটোৰ হাইকামাণ্ডৰ স্থিতি সম্পূৰ্ণ সুকীয়া৷ কংগ্ৰেছ হাইকামাণ্ডক আজমলৰ সহায় লাগে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত৷ যাৰ বাবে ছোনীয়া গান্ধীয়ে নিজেই আজমলক ফোন কৰি বিৰোধীৰ বৈঠকলৈ আমন্ত্ৰণ জনাইছিল৷ দিল্লীত কংগ্ৰেছৰ পৰম মিত্ৰ এ আই ইউ ডি এফ অসমত কিন্তু কংগ্ৰেছৰ দুৰ্ঘোৰ শত্ৰু৷ কংগ্ৰেছৰ এই নিমিলা সমীকৰণ কেবল এ আই ইউ ডি এফৰ ক্ষেত্ৰত সীমাবদ্ধ নহয়৷ নাগৰিকত্ব আইনক সংশোধনী বিধেয়কৰ ক্ষেত্ৰতো কংগ্ৰেছে বৰাক উপত্যকাত এটা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত অন্য এটা স্থিতি গ্ৰহণ কৰিছিলে৷ ভোট বেংকৰ স্বাৰ্থত বৰাক উপত্যকাত কংগ্ৰেছে এই আইনত সমৰ্থন জনালেও ব্ৰহ্মপুত্ৰ উপত্যকাত অসম কংগ্ৰেছে ‘কা’ৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিছিল৷