Logo
image

আঢ়ৈ বছৰত ৬ লাখ গাহৰিৰ মৃত্যু

ছোৱাইন ফিভাৰ! নিৰ্লিপ্ত দিছপুৰ

আমাৰ অসম, ১৫ জুলাইঃ আফ্ৰিকান ছোৱাইন ফিভাৰে ৰাজ্যৰ গাহৰি পালকসকললৈ দুৰ্যোগ নমাই আনিছে৷ ৰাজ্যৰ ২২খন জিলাত ৬৬টা স্থান আফ্ৰিকান ছোৱাইন ফিভাৰৰ হটস্পট হিচাপে চিনাক্ত কৰিছে পশুপালন বিভাগে৷ মাৰাত্মক ভাইৰাছ বিধৰ সংহাৰ ৰূপে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি এক প্ৰকাৰ থানাবান কৰি দিছে৷ হাজাৰ হাজাৰ ফাৰ্মত ছোৱাইন ফিভাৰ সংক্ৰমণ হোৱাত গাহৰি পালনকে জীৱিকা হিচাপে লোৱা ব্যৱসায়ীসকললৈ সংকট নামি আহিছে৷ আনকি কোনো কোনো গাহৰি পালকৰ সকলো গাহৰি ছোৱাইন ফিভাৰত মৃত্যুমুখত পৰাত ধাৰ-ঋণত পোত গৈ পুনৰ গাহৰি পালনৰ বাবে সাহসেই গোটাব পৰা নাই৷ ২০২০ চনৰ পৰাই ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ আৰম্ভ হৈছে৷ পশুপালন সঞ্চালকালয়ৰ তথ্য অনুসৰি ২০২০ বৰ্ষৰ পৰা বৰ্তমানলৈ ৪০ হাজাৰ ১৫৯টা গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ ইয়াৰে আক্ৰান্ত ১,১৮১টা গাহৰি প্ৰশাসনৰ ফালৰ পৰা হত্যা কৰা বুলিও সদৰী কৰিছে৷ অৱশ্যে গাহৰি পালকসকলৰ মতে বিগত আঢ়ৈ বছৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত ৬ লাখ গাহৰিৰ মৃত্যু হৈছে৷ ৰাজ্যত অতি কমেও ৬ লাখ গাহৰিৰ মৃত্যু হোৱাৰ বিপৰীতে ব্যৱসায়টোৰ সৈতে প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত ৮ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে যদিও ৰাজ্য চৰকাৰে মাত্ৰ ৩০০ টা গাহৰিৰ বিপৰীতে পালকক ক্ষতিপূৰণ আদায় দিছে৷ ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পালকসকলক আৰ্থিকভাৱে সকাহ দিয়াৰ বাবে কোনো উদ্যোগ নোলোৱাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ পুঁজিৰ ২০২০-২১ বৰ্ষৰ ৮ কোটি টকাই উভটি যোৱাৰ অভিযোগ উঠিছে৷ ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰাৰ অকমান্যতাৰ বাবেই গাহৰি পালকৰ প্ৰাপ্য ধন উভটি যোৱাৰ অভিযোগ কৰিছে৷ ইফালে বিভাগীয়ভাৱে আফ্ৰিকান ছোৱাইন ফিভাৰ চিনাক্ত কৰিলে নিৰ্দিষ্ট অঞ্চলটোৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ সকলো গাহৰি নিধন কৰাটো বাধ্যতামূলক হোৱাৰ বাবেই গুৱাহাটীস্থ এন ই আৰ ডি ডি এল পৰীক্ষাগৃহৰ পৰা নমুনাৰ ফলাফল পলমকৈ পালকসকলক জানিবলৈ দিয়া হয় বুলিও একাংশ পালকে ক্ষোভ প্ৰকাশ কৰিছে৷ পজিটিভ ধৰা পৰিলে আৰু বিভাগৰ ফালৰ পৰা গাহৰিসমূহ নিধন কৰিলে ক্ষতিপূৰণ দিবলৈ বাধ্য হোৱাৰ বাবেই ৰোগ নিৰ্ণয়ৰ ফলাফল পালকসকলক পলমকৈ জনোৱা বুলি অভিযোগ কৰিছে৷ যাতে ৰিপ’ৰ্ট অহালৈ ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱা গাহৰিসমূহৰ ইতিমধ্যে মৃত্যু হয়৷ উল্লেখ্য, ২০২০ চনৰ পৰা অব্যাহত থকা আফ্ৰিকান ছোৱাইন ফিভাৰে বৰ্তমান ৰাজ্যৰ ৪খন জিলাত সংহাৰ আৰম্ভ কৰিছে৷ দৰং তিনিচুকীয়া, ডিব্ৰুগড় আৰু ওদালগুৰিত ছোৱাইন ফিভাৰত আক্ৰান্ত শ শ গাহৰি ইতিমধ্যে নিধন কৰা হৈছে৷ ইতিমধ্যে তিনিচুকীয়া জিলা প্ৰশাসনে ৩০ দিনৰ বাবে জিলাখনত গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে৷ বুধবাৰে দৰং জিলা প্ৰশাসনে মঙলদৈৰ কমাৰপাৰা আৰু বৰমপুৰত প্ৰায় ২৫০টা গাহৰি নিধন কৰি গাঁতত পুতি থয়৷ অৱশ্যে এইবাৰ ছোৱইন ফিভাৰত আক্ৰান্ত গাহৰিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পুঁজি মোকালাই দিছে যদিও মন্ত্ৰী অতুল বৰাৰ পশুপালন বিভাগে ক্ষতিগ্ৰস্ত পালকসকলক ক্ষতিপূৰণ দিবলৈ সক্ষম হ’ব নে নাই সেয়া সময়তহে স্পষ্ট হ’ব৷

তিনিচুকীয়াত গাহৰিৰ ক্ৰয়-বিক্ৰয়ত নিষেধাজ্ঞা

তিনিচুকীয়া জিলাৰ কেতবোৰ স্থানত আফ্ৰিকান ছোৱাইন ফিভাৰে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে স্থানভেদে বহুসংখ্যক গাহৰি৷ এনে পৰিস্থিতিত জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা প্ৰাপ্ত প্ৰতিবেদন অনুসৰি আফ্ৰিকান ছোৱাইন ফিভাৰ ভাইৰাছৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হোৱা তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গৌৰীপুৰ [চিতলপুৰ], ডাকঃ গাভৰুভেটি, ফিল’বাৰী, ডুমডুমাৰ পৰা যাতে জিলাখনৰ আন অঞ্চললৈ এই আফ্ৰিকান ছোৱাইন ফিভাৰ ভাইৰাছ সংক্ৰমিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ নৰসিং পৱাৰে এক নিৰ্দেশনাযোগে তিনিচুকীয়া জিলাত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে৷ সেই অনুসৰি, আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত ডুমডুমা ৰাজহ চক্ৰৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চিতলপুৰ, গৌৰীপুৰ,  ফিল’বাৰী অঞ্চলৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ ভিতৰত জীৱিত গাহৰি, গাহৰি মাংস তথা গাহৰি মাংসৰ পৰা উৎপাদিত সামগ্ৰীৰ কিনা-বেচা আৰু সৰবৰাহৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে৷ সমগ্ৰ তিনিচুকীয়া জিলাতে প্ৰযোজ্য হোৱাকৈ ৩০ দিনৰ বাবে আন্তঃৰাজ্যিক, আন্তঃজিলা আৰু জিলাখনৰ ভিতৰত জীৱিত গাহৰি, গাহৰি মাংস তথা গাহৰি মাংসৰ পৰা উৎপাদিত সামগ্ৰীৰ কিনা-বেচা আৰু সৰবৰাহ নিষিদ্ধ কৰা হৈছে৷ কেৱল পঞ্জীভুক্ত ব্যৱসায়ীসকলকহে জিলাখনত এই সময়ছোৱাত চাপৰ, তুঁহগুৰি, চাউলৰ গুৰি অথবা খুদ চাউল, গাহৰিৰ খাদ্য আৰু পেকেটযুক্ত গাহৰিৰ খাদ্য বিক্ৰীৰ অনুমতি দিয়া হৈছে৷ এই নিষেধাজ্ঞা ভংগ কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশত স্পষ্ট কৰি দিয়া হৈছে৷