Logo
image

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত আগুৱাইছে ভাৰতীয় মূলৰ ঋষি

আমাৰ অসম, ১৫ জুলাইঃ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় মূলৰ ঋষি চুনকে৷ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ইতিমধ্যে চুনকে কনজাৰভেটিভ পাৰ্টীৰ প্ৰাৰ্থীসকলৰ ভিতৰত আটাইতকৈ বেছি ৮৮টা ভোট লাভ কৰিছে৷ উল্লেখ্য যে ঋষি চুনক বৰিছ জনছন মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল৷ চুনকৰ পদত্যাগৰ পাছতে জনছন চৰকাৰৰ পতন হোৱাটো নিশ্চিত হয়৷ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত চুনকে আটাইতকৈ বেছি ৮৮টা ভোট লাভ কৰিলেও অৱশ্যে তেওঁ বাণিজ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পেনি মৰ্ডাণ্টেৰ তীব্ৰ  প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ পেনিয়ে লাভ কৰিছে ৬৭টা ভোট৷ আনহাতে বৈদেশিক মন্ত্ৰী লিজ ট্ৰাছে ৫০টা ভোট লাভ কৰি আছে তৃতীয় স্থানত৷ ইপিনে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ দৌৰৰ পৰা দুগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী বাদ পৰে৷ ঋষি চুনকে ৩৫৮ জন সাংসদৰ ৮৮জনৰ সমৰ্থন লাভ কৰিছে৷ স্মৰ্তব্য যে প্ৰধানমন্ত্ৰী নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰতিটো পৰ্যায়ৰ ভোট গ্ৰহণত আটাইতকৈ কম ভোট পোৱা প্ৰাৰ্থীজন দৌৰৰ পৰা বাদ পৰিবলগীয়া হয়৷ ২১ জুলাইৰ ভিতৰত প্ৰতিদ্বন্দ্বিতাৰ দুজন প্ৰাৰ্থীহে থাকিব৷ ইয়াৰ পাছত কনজাৰভেটিভ পাৰ্টীৰ সদস্যসকলে নতুন নেতা নিৰ্বাচন কৰিব আৰু ৫ ছেপ্টেম্বৰত ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব৷