Logo
image

বান ৰাষ্ট্ৰীয় সমস্যা হ’লে অসমে কেন্দ্ৰৰ পৰা এটকাও নাপাব

বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী আৱেগিকহে! মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৭ জুলাইঃ অসমৰ বান-খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী আবেগিকহে৷ নেছনেল মেনুৱেলত বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰা সন্দৰ্ভত কোনো উল্লেখ নাই৷ বান-খহনীয়া ৰাষ্ট্ৰীয় সমস্যা হ’লে অসমে কেন্দ্ৰৰ পৰা এটকাও নাপায়৷ গতিকে অসমৰ বান খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ জৰিয়তে অসমৰ একো লাভ নহয়৷ জটিল প্ৰাকৃতিক দুৰ্যোগ বুলি উল্লেখ হ’লে এখন ৰাজ্যই বান-খহনীয়াৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্যাপ্ত পুঁজি লাভ কৰে৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ শেহতীয়া বান-খহনীয়াৰ সমস্যাক জটিল প্ৰাকৃতিক দুৰ্যোগ বুলি ঘোষণা কৰিছে৷ সেইবাবে কেন্দ্ৰীয় চৰকাৰে ৯০:১০ অনুপাতত অসমক পুঁজি আবণ্টন দি আছে৷ কেন্দ্ৰই অসমৰ বান-খহনীয়াৰ বাবে যিমান প্ৰয়োজন সিমান খৰচ কৰিবলৈ অনুমতি দিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ইয়াৰ বাবে কোনো পেকেজ ঘোষণাৰ প্ৰায়োজন নাই বুলি স্পষ্টভাৱে কৈ দিছে৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে জনতা ভৱনত এখন সংবাদ মেল আয়োজন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়–ৰাজ্যৰ ইতিহাসত বানত এইবাৰ সৰ্বাধিক লোকৰ মৃত্যু হৈছে৷ সৰ্বাধিক ঘৰ বান-খহনীয়াত ধবংস হৈছে৷ বান খহনীয়াত ১৯৫ জন লোকৰ মৃত্যু হৈছে৷ ৩৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে৷ বানত ৩৪ খন জিলাৰ ৯৯৮০ খন ৰাজহ গাঁও ক্ষতিগ্ৰস্ত হৈছে৷ ২৫,৬৭০টা ঘৰ সম্পূৰ্ণৰূপে ধবংস হৈছে৷ ২০.৭৮ লাখ ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ এই বছৰৰ দুটা বানৰ ঢৌৱে ৩৪খন জিলাৰ প্ৰায় ৯০ লাখ লোক তথা প্ৰায় ২,৪০,০৯৬ হেক্টৰ খেতি মাটি প্ৰভাৱিত কৰিছে৷ বানপীড়িতসকলক আগন্তুক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায় আগবঢ়োৱাৰ বাবে সাহায্য শিবিৰ এৰি যোৱাৰ সময়ত তেনে পৰিয়ালৰ বেংক একাউণ্টলৈ ৩৮০০ টকাকৈ প্ৰেৰণ কৰা হৈছে৷  অৱশ্যে এই ধন পাবলগীয়া ১,৮৯,৭৫২টা পৰিয়ালৰ ভিতৰত ৩৫ হাজাৰ এতিয়াও বেংক একাউণ্টত প্ৰক্ৰিয়াগত কাৰণত ধন সোমাবলৈ বাকী আছে৷ হয়তো দুই চাৰি দিনৰ ভিতৰত সোমাব উক্ত ধন৷ বান আৰু ভূমিস্খলনৰ ফলত জীৱন হেৰুওৱা ১৯৫গৰাকী লোকৰ পৰিয়াললৈ ইতিমধ্যে ৪ লাখ টকাকৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে৷ আন এক পদক্ষেপ হিচাপে বানপীড়িত ১,০১,৫৩৯ শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ মুখ্যমন্ত্ৰীৰ বিশেষ পুথি অনুদান মুকলি কৰি দিয়া হৈছে৷ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধনেৰে পোনপটীয়া হস্তান্তৰৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টলৈ এই ধনৰাশি স্থানান্তৰ কৰা হৈছে৷ তদুপৰি শিক্ষা বিভাগে বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক অতিৰিক্ত পাঠ্যপুথি প্ৰদানৰ বাবে মূল্যায়ন কৰি আছে আৰু এই প্ৰক্ৰিয়া ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব৷ এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি সম্পূৰ্ণ আৰু আংশিকভাৱে সৰ্বমুঠ ৩,০৩,৯৩০টা ক্ষতিগ্ৰস্ত ঘৰৰ পৰিয়াললৈ প্ৰক্ৰিয়াগতভাৱে স্বচ্ছতা বজাই পুনৰীক্ষণ আদিৰ জৰিয়তে ক্ষতিপূৰণ ৰাশি প্ৰদান প্ৰক্ৰিয়া অব্যাহত থাকিব৷ ইয়াৰ লগতে আগষ্টৰ পৰা মথাউৰি, বিদ্যালয় ভৱন বা অন্যান্য আন্তঃ গাঁথনিমূলক মেৰামতিৰ ক্ষেত্ৰত আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব৷ ছেপ্টেম্বৰৰ পৰা বানত ক্ষতিগ্ৰস্ত হোৱা সকলো মথাউৰি, পথ আৰু দলং মেৰামতিৰ কাম আৰম্ভ হ’ব৷  এই কামৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ ৯০ শতাংশ আৰু ৰাজ্য চৰকাৰৰ ১০ শতাংশ অনুপাতত পুঁজি ব্যয় হ’ব৷ 

আলফাৰ সমস্যা সন্দৰ্ভত পৰেশ বৰুৱা আৰু আমাৰ মাজত ভুল বুজাবুজি হৈছে

 আলফাৰ সমস্যা সন্দৰ্ভত পৰেশ বৰুৱা আৰু আমাৰ মাজত ভুল বুজাবুজি হৈছে৷ আলফাৰ সমস্যাটো সমস্যা হয় নে নহয় আলোচনা কৰিব লাগিব৷ আলফাৰ দাবী সন্দৰ্ভত পৰেশ বৰুৱাৰ এই দৃষ্টিভংগী আছে আমাৰো এটা দৃষ্টিভংগী আছে৷ কিন্তু এই সমস্যা উত্তৰ-পূবৰ সমস্যা নহয়৷ আমাৰ ভিতৰৰ মানে অসমৰ অভান্তৰীণ সমস্যা৷ আমাৰ ভিতৰতে সমাধান কৰিব লাগিব৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়–অসম অৰুণাচল প্ৰদেশৰ ১২৩ গাঁৱক লৈ সমস্যা থকা বুলি কোৱা হৈছিল৷ কিন্তু প্ৰকৃততে ৮৬ খন গাঁৱক লৈহে সমস্যা আছে৷ দুই ৰাজ্যৰ মাজত কমিটী গঠন কৰাৰ ফলত আৰু ২৫-৩০ খন গাঁৱক লৈ সহজে সমাধান সূত্ৰ ওলাব৷ ১৫ ছেপ্টেম্বৰৰ ভিতৰত হয়তো সমাধান হৈ যাব অসম অৰুণাচল প্ৰদেশৰ সীমা সমস্যা৷ অসম নাগালেণ্ড সীমা সমস্যা সন্দৰ্ভত আমি উচ্ছতম ন্যায়ালয়ৰ বাহিৰলৈ যোৱা নাই৷ যুটীয়া ভ্ৰমণৰ জৰিয়তে হয়তো নাগালেণ্ডৰ সৈতে থকা সীমা সমস্যাৰ সমাধান সূত্ৰ ওলাব৷ অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত সমাধান সূত্ৰ উলিওৱাৰ লক্ষ্য লৈ মন্ত্ৰী অতুল বৰাই শীঘ্ৰে সীমান্ত পৰিভ্ৰমণ কৰিব৷ ৰাজনৈতিক সদিচ্ছা থাকিলে সমাধান সূত্ৰ ওলাবই৷ অসম-অৰুণাচল সীমা সমস্যা সন্দৰ্ভত বহাৰ লগে লগে ৩০-৩৫ খন গাঁৱৰ সমস্যা নাইকীয়া হৈ গৈছে৷ এনে সমস্যা নাইকীয়া হোৱাৰ পাছতহে উত্তৰ-পূৰ্বাঞ্চল সঁচা অৰ্থত ঐক্যবাদ্ধ উত্তৰ-পূৰ্বাঞ্চল হৈ পৰিব৷