Logo
image

কেলেংকাৰিৰ ভৰত কোঙা ৰাজ্যিক পৰিবহণ নিগম

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাহিনী লিখি থাকিলেও অন্ত নপৰাৰ দৰে হৈছে৷ কাৰ ভুলৰ বাবে প্ৰায় উদং হৈ পৰিল এএছটিচিৰ ধনৰ ভঁৰাল– এই প্ৰশ্নই এতিয়া সকলোকে জোকাৰি গৈছে৷ অভিযোগ মতে, পৰিবহণ নিগমৰ সকলোধৰণৰ নীতি-নিয়ম দলিয়াই নিজৰ হুকুমক আইনৰ ৰূপ দিছিল ভাৰতীয় আৰক্ষী সেৱাৰ দক্ষ বিষয়া তথা এএছটিচিৰ তদানীন্তন পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে৷ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ প্ৰকাশ তিৱাৰীক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক পদত নিযুক্তি দিয়াৰ পিছতেই নিগমটোত আৰম্ভ হৈছিল তিৱাৰীৰাজ৷ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে নিজৰ পছন্দ মতে চাৰিজনীয়া পৰিচালন সঞ্চালক পৰামৰ্শদাতা সমিতি গঠন কৰিছিল– য’ত নিযুক্তি দিছিল তিনিজন অৱসৰপ্ৰাপ্ত চাকৰিয়াল আৰু এজন জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাক৷ পৰিচালন সঞ্চালক পৰামৰ্শদাতা সমিতিৰ সদস্যসকলে মাহিলী ২ লাখকৈ দৰমহা আৰু একোখনকৈ বলেৰ’ গাড়ী বিনামূলীয়া ডিজেল, গাড়ীচালক তথা ভ্ৰমণ ভাট্টাপৰ্যন্ত লাভ কৰিছিল৷ ইয়াৰ উপৰিও কেপিএমজি নামৰ কন্সালটেন্সী কোম্পানী এটাক নলেজ পাৰ্টনাৰ হিচাবে নিযুক্তি দিছিল৷ নলেজ পাৰ্টনাৰ কেপিএমজিক মাহিলী আদায় দিছিল ২০ লাখকৈ৷ ইয়াৰ উপৰিও তিৱাৰীয়ে ২০১৬ চনত এমযএছ অগ্নি ছিকিউৰিটী এজেন্সিক ৰাজ্যৰ পৰিবহণ নিগমৰ প্ৰতিটো বাছ আস্থানত পহৰা দিবলৈ দায়িত্ব দিছিল৷  পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী তথা তদানীন্তন পৰিবহণমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ টোগলকী নীতিৰ বাবেই পৰিবহণ নিগমৰ ৰাজকোষ উদং হৈ পৰিছিল৷ পৰিবহণমন্ত্ৰী আৰু পৰিচালন সঞ্চালকৰ টোগলকী নীতিৰ বাবে নিগমৰ ৰাজকোষৰ ধন উদং হোৱাৰ তথ্য পোহৰলৈ অহাত পৰিবহণ নিগমৰ তদানীন্তন অধ্যক্ষ অশোক ভট্টাৰায়ে পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ লগত বাকযুদ্ধত অৱতীৰ্ণ হৈ পৰিচালন সঞ্চালকৰ পৰামৰ্শদাতা সমিতি আৰু নলেজ পাৰ্টনাৰ কেপিএমজিৰ লগতে এমযএছ অগ্নি ছিকিউৰিটী এজেন্সিৰে পৰিবহণ নিগমৰ বুজাবুজি চুক্তি বাতিল কৰি দিছিল৷ অভিযোগ মতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা এজনৰ লগত ঘনিষ্ঠতাৰ দোহাই দি কমদিনৰ ভিতৰতে দিছপুৰৰ ভিতৰে-বাহিৰে প্ৰভাৱ খটুৱাবলৈ চেষ্টা কৰা আনন্দ প্ৰকাশ তিৱাৰীয়ে বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশকো বুঢ়া আঙুলি প্ৰদৰ্শন কৰি নিজৰ হুকুমকে আইনলৈ ৰূপান্তৰিত কৰিছিল৷ খানাপাৰাৰ নিৰ্মীয়মান অৱস্থাত থকা আইএছবিটিৰ এটুকুৰা গুৰুত্বপূৰ্ণ ভূমি তিৱাৰীয়ে নিবিদা অবিহনেই তদানীন্তন সময়ছোৱাৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউছৰ প্ৰভাৱশালী ব্যক্তিৰ হাতত উপহাৰস্বৰূপে আগবঢ়োৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ তিৱাৰী এণ্ড কোম্পানীয়ে নুনমাটিস্থিত পৰিবহণ নিগমৰ মূল্যবান ব্যৱসায়িক ভূমি এটুকুৰা অসম ইন্দ’ৰ গেম্‌ছ এছ’চিয়েশ্বন নামৰ এটা অখ্যাত সংস্থাৰ নামত আৱণ্টন দিছিল যদিও ৰাজ্যৰ পৰিবহণমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কঠোৰ স্থিতিৰ বাবেই বিষয়টো পাছত নাকচ হৈছিল৷ ৰাজসাহায্য অবিহনে এমাহো চলিব নোৱাৰে পৰিবহণ নিগম৷ অভিযোগ মতে, পৰিবহণ নিগমৰ ৱৰ্কশ্বপসমূহ আছিল লুণ্ঠনৰ অন্যতম প্ৰধান কেন্দ্ৰস্থল৷ ৱৰ্কশ্বপসমূহত চলি থকা স্কেপৰ ছিণ্ডিকেট দীৰ্ঘদিনীয়া৷ পৰিবহণ নিগমৰ বাছসমূহৰ মেৰামতি তথা বিভিন্ন যন্ত্ৰপাতিৰ সালসলনি কৰা হয় যদিও পৰিবহণ নিগমৰ ৱৰ্কশ্বপত কোন সপ্তাহত তথা কোন মাহত কিমানখন গাড়ীৰ কি কি অংশ মেৰামতি বা সালসলনি হ’ল সেই সন্দৰ্ভত বিগত ছবছৰৰ কোনো তথ্য নাই৷ বিভাগীয় নিয়ম মতে, স্কেপসমূহৰ ৰেকৰ্ড ৱৰ্কশ্বপসমূহত থাকিব লাগে৷ অভিযোগ মতে, নিজৰ খেয়াল-খুচি মতে ঠিকাভিত্তিক কম্পিউটাৰ সহায়কসকলক আৰু একাংশ কনিষ্ঠ উচ্ছবৰ্গ সহায়কক আস্থান অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰিছিল৷ তিৱাৰীয়ে ৫২ বছৰীয়া অসম পৰিবহণ নিগমৰ ইতিহাসত প্ৰত্যক্ষভাৱেই উচ্ছ বৰ্গৰ সহায়কৰূপে নিযুক্তি দিছিল ২০জনক৷ ৰাজ্য চৰকাৰৰ কোনো বিভাগতে প্ৰত্যক্ষভাৱে উচ্ছ বৰ্গ সহায়ক নিযুক্তি দিয়াৰ নিয়ম নাই৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৬০ দিনৰ ভিতৰত চাকৰিৰ পৰা চাটাই কৰিবলৈ নিৰ্দেশ দিয়া নিগমৰ ২,২৭৪জন কৰ্মচাৰীৰ ভিতৰত দীৰ্ঘদিন ধৰি পৰিবহণ নিগমত বিনা দৰমহাই কাম কৰি মৃত্যুবৰণ কৰা একাংশ কৰ্মচাৰীৰ সন্তানো আছে৷ পিতৃৰ মৃত্যুৰ পাছত ক্ষতিপূৰণ নীতিৰ অধীনত নিগমত একাংশই ঠিকাভিত্তিত চাকৰি কৰি আছিল৷ কিন্তু বিভাগীয় কতৃৰ্পক্ষই ক্ষতিপূৰণ নীতিৰ অধীনত ঠিকাভিত্তিত নিযুক্তি ব্যৱস্থাটো অবৈধ নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে একাকাৰ কৰাৰ ফলত অনিশ্চয়তাত দিন অতিবাহিত কৰিব লগা হৈছে ক্ষতিপূৰণ নীতিত ঠিকাভিত্তিত চাকৰি লাভ কৰা একাংশ কৰ্মচাৰীয়ে৷ অভিযোগ মতে, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বেটকুছিস্থিত আইএছবিটিত দীৰ্ঘদিন ধৰি চলি আছে বৃহৎ ছিণ্ডিকেট৷ আইএছবিটিত প্ৰৱেশ কৰা প্ৰতিখন দূৰণিবটীয়া বাছে আদায় দিব লাগে ২০০১ পৰা ৩০০ টকাপৰ্যন্ত৷ আইএছবিটিত দীৰ্ঘদিনৰ পৰা সক্ৰিয় পৰিবহণ নিগমৰ একাংশ কৰ্মচাৰীৰ দ্বাৰা গঢ়ি উঠা ছিণ্ডিকেটে দৈনিক আত্মসাৎ কৰি আহিছে এই ধন৷ আইএছবিটিত দৈনিক ৩৫০/৪০০ দূৰণিবটীয়া বাছে প্ৰৱেশ কৰে৷ আনহাতে, ক’ভিডসৃষ্ট লকডাউনৰ সময়চোৱাত পৰিবহণ নিগমে যাত্ৰীসকলক নিৰ্দিষ্ট লক্ষ্যস্থানত উপনীত কৰাবলৈ বিশেষ ব্যৱস্থা কৰিছিল৷ বাহ্যিক দৃষ্টিত লকডাউনৰ সময়চোৱাত পৰিবহণ নিগমে যাত্ৰীৰ বাবে আগবঢ়োৱা সেৱা প্ৰশংসাৰ যোগ্যৰূপে বিবেচিত হৈছিল যদিও ইয়াৰ আঁৰত সংঘটিত হৈছিল কেলেংকাৰি৷ অভিযোগ মতে, লকডাউনৰ সময়চোৱাত পৰিবহণ নিগমৰ বাছৰ চলাচলৰ নামত সংঘটিত হয় ডিজেলৰ কেলেংকাৰি৷ পৰিবহণ নিগমৰ একাংশ বিষয়াই টেংকাৰে টেংকাৰে ডিজেল বাহিৰত বিক্ৰী কৰি লকডাউনৰ সময়চোৱাত বাছ চলাচলৰ নামত বৃহৎ পৰিমাণৰ ডিজেল খৰচ হোৱা বুলি নিগমত হিচাব দিয়ে৷ লকডাউনৰ সময়ছোৱাত ৰে’ল ষ্টেচন, এয়াৰপ’ৰ্ট তথা আইএছবিটিত যিসকল পৰিবহণ নিগমৰ কৰ্মচাৰীয়ে বিশেষ দায়িত্ব পালন কৰিছিল, সেইসকল কৰ্মচাৰীক পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নামত কেলেংকাৰি সংঘটিত হৈছিল৷ পৰিবহণ নিগমত সংঘটিত কেলেংকাৰি সন্দৰ্ভত উচিত তদন্তৰ কৰিলে আৰু অধিক ভয়ংকৰ তথ্য পোহৰলৈ অহাটো কাৰ্যতঃ নিশ্চিত৷