Logo
image

ৰাছিয়াসহ ১৬খন দেশত ‘লংকা-কাণ্ড’ৰ আশংকা

খালী হৈ আহিছে পাকিস্তানৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ

আমাৰ অসম, ১৭ জুলাইঃ দক্ষিণ এছিয়াৰ ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰ্থিকভাৱে দেউলীয়া হৈ পৰাৰ সময়তে সমগ্ৰ বিশ্বত অনুৰূপ অৱস্থাৰ সন্মুখীন হোৱা আন এক ডজন দেশৰ নাম চৰ্চালৈ আহিছে, যাৰ আৰ্থিক অৱস্থা শ্ৰীলংকাৰ দৰেই শোচনীয়৷ ভাৰতৰ কমেও ১০ খন ৰাজ্যই বিনামূলীয়া আঁচনি, অপ্ৰয়োজনীয় ৰাজসাহায্য প্ৰদানৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ৯০ শতাংশ ব্যয় কৰি নিজৰ আৰ্থিক অৱস্থা দুৰ্বল কৰি আনিছে৷ প্ৰায় একেদৰে ৰাজসাহায্য আৰু বিনামূলীয়া আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰেও অপ্ৰয়োজনীয় ব্যয় বৃদ্ধি কৰি আৰ্থিক সংকট সৃষ্টি কৰিছে৷ ভাৰতৰ অৰ্থনীতি বিশাল হোৱাৰ বাবেই এতিয়াও দেশৰ আৰ্থিক অৱস্থাৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পোৱা নাই৷ কিন্তু শ্ৰীলংকাৰ দৰেই বিদেশী ঋণত পোত গৈ আৰু বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ নোহোৱা হৈ চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে লেবানন, ৰাছিয়া, ছুৰিনাম, জাম্বিয়া৷ একে সময়তে তেনে অৱস্থাৰ দিশে আগবাঢ়িছে ৰাছিয়াৰ বন্ধু তথা প্ৰতিবেশী ৰাষ্ট্ৰ বেলাৰুছ৷ ইয়াৰ লগতে বৈদেশিক ঋণ ওভোটাই দিব নোৱাৰি আৰ্থিক পংগুত্বৰ দিশে আগবাঢ়িছে প্ৰায় একডজন ৰাষ্ট্ৰ৷ যিকেইখন ৰাষ্ট্ৰ ভয়ংকৰ মুদ্ৰাস্ফীতিৰ কবলত পৰি আৰু ঋণৰ বোজাত ডুবি শ্ৰীলংকাৰ পথেৰেই আগবাঢ়িছে৷ দেশৰ অৰ্থনীতি বিধবস্ত হৈ শ্ৰীলংকাৰ দৰে অৱস্থা হ’বলৈ আগবাঢ়ি যোৱা দেশকেইখন হৈছে আৰ্জেণ্টিনা, ইউক্ৰেইন, টিউনিছিয়া, ঘানা, ইজিপ্ত, কেনিয়া, ইথিউপিয়া, এল ছালভাডোৰ, পাকিস্তান, বেলাৰুছ, ইকুৱেডৰ আৰু নাইজেৰিয়া৷ ইয়াৰ ভিতৰত সৰ্বাধিক ১৫০ বিলিয়ন মাৰ্কিন ডলাৰ ঋণত পোত গৈ আছে আৰ্জেণ্টিনা৷ দেশখনৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ উদ্বেগজনকভাৱে নিম্নগামী হৈ আছে৷ ২০২৪ চনৰ পাছৰ পৰা তেওঁলোকে বিদেশী ঋণ শুজিব লাগিব যদিও আৰু কেনেদৰে জোৰা মাৰে সেই উপাই নোহোৱা হৈছে৷ যুদ্ধবিধবস্ত ইউক্ৰেইনৰ বিদেশী ঋণৰ বোজা ২০ বিলিয়ন মাৰ্কিন ডলাৰ৷ যুদ্ধৰ পৰা পৰিত্ৰান নোপোৱা ইউক্ৰেইনে কিদৰে আৰু কেতিয়া ঋণ পৰিশোধ কৰিব তাৰ কোনো নিশ্চয়তা নাই৷ ইজিপ্তে চলিত বছৰতে ১১ বিলিয়ন মাৰ্কিন ডলাৰ পৰিশোধ কৰাতো অপৰিহাৰ্য যদিও মুঠ ১০০ বিলিয়ন ডলাৰৰ ঋণত ডুবি থকা দেশখনৰ বাবে সেয়া সম্ভৱ নহয়৷ ইপিনে পাকিস্তানৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৯.৮ বিলিয়ন ডলাৰলৈ নিম্নগামী হোৱাত দেশখনৰ হাতত অহা ৫ সপ্তাহৰ বাবে বৈদেশিক সামগ্ৰী আমদানি কৰিব পৰাকৈ সামৰ্থ আছে৷ এই একডজন দেশৰ ঋণ আৰু জিডিপিৰ অনুপাত সামঞ্জস্যহীন হৈ পৰা বুলি আগশাৰীৰ অৰ্থনীতি বিশ্লেষক সংস্থাই প্ৰকাশ কৰিছে৷ তাৰ ফলত যিকোনো মুহূৰ্ততে এই ১২ খন দেশৰ অৰ্থনীতি চাৰখাৰ হৈ পৰিব৷ পিছে ততোধিক দুৰ্দশাগ্ৰস্ত লেবানন, ৰাছিয়া, ছুৰিনাম আৰু জাম্বিয়াই শ্ৰীলংকাৰ দৰেই নিকট ভৱিষ্যতত অৰ্থনৈতিক সংকটৰ পৰা মুক্ত হোৱাৰ আশা নাই৷