Logo
image

জিএছটি লাগিল মহঙা হ’ব দৈ-চিৰাও

আমাৰ অসম, ১৮ জুলাইঃ ক’ভিড বিধবস্ত  অসম তথা সমগ্ৰ দেশতে নিত্যব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ পৰা ঔষধলৈ আৰু যান-বাহনৰ ভাৰাৰ পৰা ইন্ধনৰ দামলৈ সকলোতে মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক কোঙা কৰি তুলিছে৷ হিতাধিকাৰী সৃষ্টিয়ে ক্ষমতাত অধীস্থিত থকাৰ স্বাৰ্থত বিজেপি চৰকাৰে এতিয়া ঋণ লৈ ধাৰত পোত যাবলগীয়া হৈছে৷ চৰকাৰৰ এই ৰাজহ ঘাটি জোৰা মৰাৰ বাবে কাইলৈ অৰ্থাৎ সোমবাৰৰে পৰা জনতাৰ মূৰত মাধমাৰ সোধাই বহুসংখ্যক খাদ্য সামগ্ৰী তথা সেৱাৰ ওপৰত বলৱৎ কৰিব সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টি৷ শেহতীয়াকৈ চণ্ডীগড়ত অনুষ্ঠিত হৈ যোৱা ৪৭সংখ্যক জি এছ টি কাউন্সিলৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি নিত্যব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ পৰা আৰম্ভ কৰি হাস্পতাল আৰু হোটেলৰ কোঠাৰ সেৱালৈ ৫-১২ শতাংশ পৰ্যন্ত জি এছ টি বলৱৎ কৰাত ছীল-মোহৰ মাৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ এককথাত আজিৰ পৰা আপোনাৰ-মোৰ অতিকৈ প্ৰিয় দৈ, গুৰ, মুড়ি, চিৰা, আটা, পিঠাগুৰি, পনীৰ, মৌ আদিৰ দৰে পেকেটিং সামগ্ৰী মহঙা হৈ পৰিব৷ এইসমূহ নিত্যপ্ৰয়োজনীয় খাদ্য-সামগ্ৰী ক্ৰয় কৰিলে গ্ৰাহক হিচাপে আপুনি ভৰিব লাগিব অতিকমেও ৫ শতাংশ জি এছ টি৷ কেৱল খাদ্য-সামগ্ৰীয়েই নহয়, আজিৰ পৰা আপুনি চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি হ’লেই কোঠাৰ ভাৰাৰ ওপৰতো আদায় দিব লাগিব অতিৰিক্ত জি এছ টি৷ অৰ্থাৎ হাস্পতালত এদিনৰ বাবে ৫০০০ টকাৰ কোঠাৰ বাবদ ৰোগীয়ে ভৰিব লাগিব ৫ শতাংশ জি এছ টি৷ নকলেও হ’ব যে এতিয়াৰে পৰা কোনো ৰোগীয়ে হাস্পতালৰ ৫০০০ টকীয়া কোঠাত মাত্ৰ ৪ দিন ভৰ্তি হৈ থাকিলেই অতিৰিক্ত ১০০০ টকা জি এছ টি আদায় দিব লাগিব৷ স্বাভাৱিকেই এতিয়া দুখীয়া ৰোগীৰ বাবে চিকিৎসাও ব্যয়বহুল কৰি তুলিলে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে৷ কেৱল হাস্পতালেই নহয়, সোমবাৰৰে পৰা ১০০০ টকাৰ ভাৰাৰ হোটেলৰ কোঠাতো গ্ৰাহকে আদায় দিব লাগিব ১২ শতাংশ জি এছ টি৷ ইমানেই নহয়, কেন্দ্ৰীয় চৰকাৰে কৰ সংগ্ৰহৰ নামত এইবাৰ যেন নাগৰিকৰ জমা ধনৰ ওপৰতো চকু দিবলৈ নেৰিলে৷ বেংকৰ পৰা জমা ধন উলিওৱাৰ বাবে চেক মঞ্জুৰ কৰাৰ বাবদ গ্ৰাহকে পৰিশোধ কৰিবলগীয়া নিৰ্দিষ্ট মাচুলৰ বিপৰীতে অতিৰিক্ত ১৮ শতাংশ হাৰত সোমবাৰৰ পৰা জি এছ টি বলৱৎ হ’ব৷ কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে বজাৰত পেকেটিং খাদ্য-সামগ্ৰীৰ মূল্য বৃদ্ধি পাব৷ পূৰ্বে ১০০ টকা কেজিৰ চিৰা, মুড়ি, গুৰ আদি পেকেটৰ বিপৰীতে গ্ৰাহকে এতিয়া ভৰিব লাগিব ১০৫ টকা৷ সেইদৰে ৫০ টকীয়া দৈৰ বাতিৰ বিপৰীতে আদায় দিব লাগিব ৫২.৫০ টকা৷ মুঠৰ ওপৰত প্ৰতিবিধ খাদ্য-সামগ্ৰীৰে দাম বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিল৷ আনকি ঠিকাদাৰী কাম যেন– পথ, দলং, মেট্ৰ’ ৰে’ল, ইফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্ট [ইটিপি] অথবা শ্মশানৰ নিৰ্মাণ কামৰ চুক্তিৰ বিপৰীতে পূৰ্বৰ ১২ শতাংশ জি এছ টি এতিয়াৰে পৰা ১৮ শতাংশলৈ বৃদ্ধি হ’ব৷ এই সন্দৰ্ভত বিগত ১৩ জুলাইত বিত্ত মন্ত্ৰণালয়ে জাননী জাৰি কৰি সকলো ৰাজ্যলৈ জি এছ টি নিৰিখ ধাৰ্য্য কৰি পত্ৰ প্ৰেৰণ কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে ইণ্ডিয়ান মেডিকেল কাউন্সিল চমুকৈ আই এম এৰ ফালৰ পৰা চিকিৎসালয়ৰ কোঠাত জি এছ টি বলৱৎ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছিল যদিও কাৰ্যতঃ বিত্ত মন্ত্ৰণালয়ে সৰ্বভাৰতীয় চিকিৎসক সংগঠনটোৰ কোনো কথাই গুৰুত্ব দিয়া দেখা নগ’ল ৷ কেঁচা চাহপাতৰ ওপৰত জিএছটি আৰোপ কৰাৰ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই দেখা দিছে৷ কেঁচা চাহ পাতৰ ওপৰত জি এছ টি লাগু কৰাত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যথেষ্ট সমস্যাৰ সন্মুখিন হোৱাটো নিশ্চিত হৈ পৰিল৷ উল্লেখ্য, বিত্ত মন্ত্ৰণালয়ৰ নিৰিখ অনুসৰি জি এছ টিৰ পৰা পূৰ্বতে বাহিৰত থকা গাখীৰ, দৈ আৰু পনীৰৰ পেকেটত ৫ শতাংশ জি এছ টি, চাউল আৰু ঘেহুঁৰ পেকেটত ৫ শতাংশ জি এছ টি আৰোপ হ’ব৷ আনহাতে ছপা, লেখন আৰু অংকন চিয়াঁহীত জি এছ টি ১৮ শতাংশ আদায় লোৱা হ’ব৷ ইয়াৰ পূৰ্বে এইসমূহ সামগ্ৰীত জি এছ টিৰ নিৰিখ আছিল ১২ শতাংশ৷ তদুপৰি ছপাৰ সৈতে জড়িত বিভিন্ন সঁজুলি বিশেষকৈ কাটিং ব্লেড, পেঞ্চিল, চামুচ, আদিতো জি এছ টি ১২ শতাংশৰ পৰা বৃদ্ধি কৰি ১৮ শতাংশ কৰা হৈছে৷ এল ই ডি লেম্প, লাইট এণ্ড ফিক্সাৰ আদিত ১২ শতাংশৰ পৰা বৃদ্ধি কৰি ১৮ শতাংশ কৰা হৈছে৷ ব্যৱহাৰৰ বাবে প্ৰস্তত হৈ উঠা চামৰা, চামৰাৰ সংমিশ্ৰণ আদিৰো জি এছ টিৰ নিৰিখ ১২ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ ইফালে থলুৱা ক্ষুদ্ৰ উদ্যোগীয়ে প্ৰস্তুত কৰা সামগ্ৰীতো জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত তেনে ব্যৱসায়ীসকলৰ হাহাকাৰ লাগিছে৷ কেচিনো, অনলাইন গেমিং তথা ঘোঁৰা দৌৰৰ ওপৰত ২৮ শতাংশ জিএছটি আৰোপ কৰা হৈছে৷  একেদৰে পোষ্টকাৰ্ড আৰু ইনলেণ্ড লেটাৰ, বুক পোষ্ট আৰু ১০ গ্ৰামতকৈ কম ওজনৰ খামৰ বাহিৰে আন সকলো ডাকঘৰ সেৱাৰ ওপৰত কৰ আৰোপ কৰা হৈছে৷  লগতে কেঁচা চাহপাত, চিৰা, পাপৰ, মূৰি, মিঠৈ, পিঠাগুৰি, মাখন, গোৱালৰ গাখীৰ আদিৰ দৰে পেকেজিং খাদ্যৰ ওপৰত আৰোপ কৰা হৈছে ৫ শতাংশ জিএছটি৷ জিএছটি পৰিষদে শেহতীয়াকৈ ৰাজ্যসমূহক সোণ তথা মূল্যৱান ধাতুৰ আন্তঃৰাজ্যিক সৰবৰাহৰ ক্ষেত্ৰত ই-ৱে বিল জাৰি কৰিবলৈ অনুমতি দিছে৷ কেন্দ্ৰীয় চৰকাৰে দেশৰ ১,৩৯৯ বিধ সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰিছে৷ ইয়াৰ বিপৰীতে জিএছটিৰ পৰা মুক্ত হৈ আছে ১৬৮ বিধহে সামগ্ৰী৷