Logo
image

দুবছৰৰ মূৰত বোলব’ম মন্দিৰে মন্দিৰে ভিৰ

আমাৰ অসম, ১৯ জুলাইঃ ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুবছৰৰ অন্তত এইবাৰ পালন কৰা হৈছে বোলব’ম উৎসৱ৷ এই উপলক্ষে পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ শিৱ মন্দিৰসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম হয়৷ শাওণ মাহটো দেবাদিদেৱ মহাদেৱৰ প্ৰিয় মাহে হিচাপে সনাতন ধৰ্মাৱলম্বী লোকসকলে গণ্য আৰু এই মাহৰ প্ৰতিটো সোমবাৰে উপবাসে থাকি, মাহটো বহু ভক্তই সাত্বিক আহাৰ গ্ৰহণ কৰি মহাদেৱৰ আৰাধনা কৰে৷ এই মাহত মহাদেৱক শুদ্ধ চিত্তে আৰাধনা কৰিলে মনোবাঞ্চা পূৰণ হয় বুলি সনাতন ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে৷  এই মাহটো হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ হিচাপে গণ্য কৰা হয়৷ শাওণৰ প্ৰতিটো সোমবাৰ শিৱ পূজাৰ বাবে পৱিত্ৰ দিন বুলি গণ্য কৰি ভগৱান শিৱৰ উপাসকসকলে ব্ৰত পালন কৰে৷  শিৱভক্তসকলে পৱিত্ৰ বুলি গণ্য কৰা নৈৰ পানী কঢ়িয়াই আনি স্থানীয় শিৱ মন্দিৰৰ শিৱ লিংগত সোমবাৰে ঢালে৷ গেৰুৱা বস্ত্ৰ পিন্ধি দলে বলে গৈ নৈৰ পানী আনি শিৱ লিংগত ঢলা এই যাত্ৰাক কাৱৰ যাত্ৰা, যাত্ৰীসকলক কাৱাৰিয়া বুলি কয়৷ যাত্ৰাত শিৱৰ নাম লৈ ব’ল ব’ম  অৰ্থাৎ ব’ল মানে কোৱা বা লোৱা, ব’ম মানে শিৱৰ নাম বুলি যাত্ৰীসকলে কৈ যোৱা বাবে ইয়াক ব’ল ব’ম যাত্ৰা বুলি কোৱা হয়৷ এই যাত্ৰাৰ লগত জড়িত প্ৰচলিত বিশ্বাস অনুসৰি  যেতিয়া দেৱতা আৰু দানৱ মিলি কৰা সমুদ্ৰ মন্থনৰ কৰিছিল তেতিয়া মন্থনৰ ফলত অমৃত আৰু গৰল [বিহ] উৎপন্ন হৈছিল৷ এই বিহক কোৱা হৈছিল হলাহল আৰু ইয়াৰ আছিল সমস্ত জীৱকুলক ধংশ কৰাৰ শক্তি৷ মহাদেৱে সকলোকে ৰক্ষা কৰিবলৈ এই হলাহল পান কৰি নাম পাইছিল নীলাকণ্ঠ৷ দেৱতাসকলে শিৱক এই বৰবিহৰ প্ৰভাৱৰ পৰা সকাহ দিবলৈ তেওঁৰ গাত পৱিত্ৰ জল [পানী] ঢালিছিল৷   ভগবান শিৱৰ পৰম ভক্ত আছিল ৰাৱণ৷ ৰাৱনে গঙ্গাৰ পৱিত্ৰ পানী আনি মহাদেৱক বিহৰ ক্ষতিৰ পৰা সকাহ দিবলৈ শিৱ মন্দিৰৰ শিৱলিংগত ঢালিছিল বুলি ভক্তসকলে বিশ্বাস কৰে আৰু অতীজৰ পৰাই সেয়ে তেনেদৰে পৱিত্ৰ পানী আনি শাওণ মাহত শিৱ লিংগত ঢালে৷ তেওঁলোকে বিশ্বাস কৰে যে এনে কৰিলে শিৱ প্ৰসন্ন হয় আৰু ভক্তসকলৰ মানোবাঞ্ছা পূৰ্ণ কৰে৷  ভক্তসকলে এডাল বাঁহৰ মাৰিত দুফালে দুটা ঘটিৰ দৰে পাত্ৰ ওলোমাই কান্ধত লৈ গৈ যায় এই সঁজুলিটোকে কাৱাৰ বুলি কোৱা হয় আৰু কাৱাৰ যাত্ৰা নামটো আৰু ভক্তগণক কাৱাৰিয়া বোলা ইয়াৰ পৰাই উৎপত্তি বুলি ক’ব পাৰি৷  বোলব’ম উৎসৱ আৰম্ভ হোৱাৰ লগে লগে এইবাৰ পূৰ্বতকৈ দুগুণ ভক্তৰ সমাগম হৈছে ৰাজ্যৰ শিৱ মন্দিৰ সমূহত৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত  পুৰুষ মহিলা, যুৱক -যুৱতীসকলে গেৰুৱা বসন পৰিধান কৰি  পৱিত্ৰ শাওণ  মাহৰ প্ৰথমটো সোমবাৰে বশিষ্ট মন্দিৰৰ পৰা দেওবাৰে নিশাৰ ভাগত জল আহৰণ কৰি সোমবাৰে পুৱা শুক্ৰেশ্বৰ দেৱালয়ৰ শিৱলিংগত ঢালি মহাদেৱৰ আৰাধনা কৰে৷ এই সম্পৰ্কে শুক্ৰেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই কয়- বোলব’ম উপলক্ষে আমি বহুদিন পূৰ্বৰ পৰাই শুক্ৰেশ্বৰ দেৱালয় সজাই পৰাই তুলি ভক্তৰ বাবে যাৱতীয় ব্যৱস্থা কৰিছোঁ৷ পৱিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰে প্ৰায় ২০ হাজাৰ ভক্তৰ সমাগম হয়৷ দেওবাৰে নিশা ১২ বজাৰ পৰা সোমবাৰে নিশা জ্ঝ বজালৈ  দেৱালয়ৰ দুৱাৰ ভক্তৰ বাবে মুকলি ৰখা হয়৷ সেইদৰে মহাঝুলন বোলব’ম উৎসৱৰ সময়ত নিশা জ্ঝ বজালৈ দেৱালয়ৰ দুৱাৰ খোলা থাকিব৷ দেৱালয় চৌহদ তথা নামঘৰত প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে [চৰকাৰী বিধি অনুসৰি], দেৱালয়ত দৰ্শনৰ সময়ত মাস্ক পৰিধান কৰা জৰুৰী,  ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব, দেৱালয়ত প্ৰৱেশ কৰিলে নিজৰ মূল্যবান সামগ্ৰী, পাৰ্চ আদিত নজৰ ৰাখিব৷ শিৱলিঙ্গ দৰ্শনৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব৷ ভোগ, শৰাই আদিৰ বাবে কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব৷ শিৱ পূজা, অভিষেক, শৃঙ্গাৰ, জপ আদিৰ বাবে কাৰ্যালয়ৰ পৰা কুপন৷ ৰছিদ লোৱা বাঞ্ছনীয়৷ মন্দিৰ চৌহদত চি চি টি ভিৰ ব্যৱস্থা, স্বাস্থ্য,  সেৱা শিবিৰ আদিৰ ব্যৱস্থা কৰা হয়৷ ‘ ইফালে উমানন্দ দেৱালয়ত পৱিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰে প্ৰায় ১২০০ শিৱ ভক্তৰ সমাগম হয় বুলি উমানন্দ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক অনিল কুমাৰ ভট্টাচাৰ্যই জানিবলৈ দিয়ে৷ লগতে সোমবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ দেৱালয়ৰ দুৱাৰ ভক্তৰ বাবে মুকলি ৰখা হয়৷ ‘ সেইদৰে মহাগৰীৰ পামহীৰ ভীমাশংকৰ মন্দিৰ, লাচিত নগৰ হনুমান মন্দিৰৰ লগতে শিৱ মন্দিৰ, অন্যান্য মন্দিৰটো সোমবাৰে পুৱাৰ পৰা বহু ভক্তৰ সমাগম হয়৷ বোলব’ম উপলক্ষে শিৱ চল্লিশা পাঠ, মহা মৃত্যুঞ্জয় জাপ, আঁৰতি আদি কৰা হয়৷  বোলব’ম উপলক্ষে ভক্ত সকলৰ বাবে মহাগৰীৰ ৰাজপথত বহু স্বেচ্ছাসেৱী সংগঠন তথা বহু সংখ্যক সমাজকৰ্মীয়ে বিশুদ্ধ খোৱা পানী, চৰবত আদি যোগান ধৰে৷ অৱশ্যে দেওবাৰে নিশাৰ ভাগত বোলব’ম উপলক্ষে গুৱাহাটীৰ ৰাজপথত একাংশ ভক্তই সুৰাৰ ৰাগীত উদ্ভাণ্ডালী কৰি পথচাৰীক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে৷  তাৰ মাজতো একাংশ শিৱ ভক্তই শুদ্ধ চিত্তে শাওনৰ প্ৰথমটো সোমবাৰে মহাদেৱক আৰাধনা কৰে৷