Logo
image

দ্ৰৌপদীৰ বাবে পূজা দিলে ৰুক্মিণীয়ে

আমাৰ অসম, ১৯ জুলাইঃ দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেওবাৰৰ পৰাই সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰতিখন ধৰ্মীয় থলীত এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুৰ জয় কামনা কৰি পূজা-অৰ্চনা কৰে বিজেপিৰ নেতা-কৰ্মীসকলে৷ ইফালে আজি বিশ্বনাথৰ এগৰাকী বিশেষ মহিলাই এনডিএৰ সমৰ্থিত প্ৰাৰ্থী দ্ৰোপদী মুৰ্মুৰ জয়লাভ কামনা কৰি আৰম্ভ কৰিছে পূজা-অৰ্চনা৷ এইগৰাকী মহিলাৰ নাম হৈছে ৰুক্মিণী কিষাণ বৰকটকী৷ ২০০৬ চনতে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা দ্ৰোপদী মুৰ্মুক সেই সময়ত বিশেষভাৱে সহায় কৰিছিল ৰুক্মিণীয়ে৷ ৭ দিন ধৰি দ্ৰোপদী মুৰ্মুৰ লগত ছাঁটোৰ দৰে থকা বিশ্বনাথৰ পাভৈৰ ৰুক্মিণী কিষাণে আজি দ্ৰোপদী মুৰ্মুৱে যাতে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰে তাৰ বাবে বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ শিৱ মন্দিৰত পূজা-অৰ্চনা কৰে৷ মন্দিৰত ধূপ-ধূনা জ্বলাই এভাগ শৰাই দি অদৃশ্যজনৰ ওচৰত সেৱা লৈছে ৰুক্মিণী কিষাণে৷ উদ্দেশ্য এটাই এসপ্তাহ ধৰি নিচেই কাষৰ পৰা পোৱা দ্ৰোপদী মুৰ্মুৰ যাতে মংগল হয় আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰে৷

বোকাখাতত দ্ৰৌপদী মুৰ্মুৰ বিজয় কামনাৰে পূজা-অৰ্চনা

আজি অনুষ্ঠিত হৈছে চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত এনডিএৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে দ্ৰৌপদী মুৰ্মুৰ বিজয় কামনাৰে বোকাখাতত কৰিছে পূজা-অৰ্চনা৷ প্ৰথমবাৰৰ বাবে চাহ জনগোষ্ঠীৰ এগৰাকী নেত্ৰী এনডিএৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে দ্ৰৌপদী মুৰ্মুৱে৷ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ বিজয় কামনাৰে সোমবাৰে বোকাখাতত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম চাহ পৰিষদে শাওণৰ পহিলা দিনটোত পূজা-অৰ্চনা আগবঢ়ায়৷ বোকাখাত ইকৰাজানৰ হৰ হৰ শিৱ মন্দিৰত অসম চাহ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ভাস্কৰ কালিন্দীৰ নেতৃত্বত এটা দলে পূজা-অৰ্চনা আগবঢ়োৱাৰ লগতে মন্দিৰৰ ভক্তসকলৰ মাজত মিঠাই বিতৰণ কৰে৷ লগতে দ্ৰৌপদী মুৰ্মুক এনডিএৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰাত অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷