Logo
image

দানৱীয় পখিলা

আমাৰ অসম, ২১ জুলাইঃ মৰিগাঁও জিলাৰ মৈৰাবাৰী মৰিগাঁও গড়কাপ্টানি ৰোডৰ কাষতে গোনাইবড়ী গাঁৱৰ বগৰী গছত ওলাল এক বিৰল প্ৰজাতিৰ এটা ভয়ংকৰ পখিলা৷ তাকে চাবলৈ পুৱাৰ পৰাই আৰম্ভ হৈছে ৰাইজৰ সোঁত৷ বিশাল কিম্ভূত কিমাকাৰ পখিলাটোক চাবলৈ সাধাৰণ ৰাইজে ভিৰ কৰাত পখিলাটোৱে মানুহক আক্ৰমণ কৰিবলৈ উদ্যত হয় বুলি স্থানীয় ৰাইজে জনাইছে৷ দানৱীয় আকৃতিৰ পখিলাটোক লৈ সাধাৰণ ৰাইজে প্ৰথম অৱস্থাত ভয় কৰিছিল যদিও পাছত লাহে লাহে ভয় আৰু শংকা নাইকিয়া হয়৷ ক’ৰপৰা আহিছে এই বৃহৎ আকাৰৰ পখিলাটো সেয়া ৰাইজৰ মাজত কোৱা-কুই আৰম্ভ হোৱাৰ সময়তে গাঁওখনৰ এজনী মহিলাই ৰাইজৰ আগত কয় পখিলাটোক কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব সেয়া তেওঁ সপোন দেখে৷ আৰু পখিলাটোৰ ফটো তুলিবলৈ মানা কৰে৷ গোনাইবড়ী গাঁৱৰ ফৰিদুল ইছলামৰ ঘৰৰ সন্মুখত থকা বগৰী গছত প্ৰায় দুঘণ্টা সময় পখিলাটো বহি থকাৰ পাছত উৰি গুছি যায়৷ মহিলাজনীয়ে পখিলাটো পুনৰ ঘূৰি আহিব বুলি বিশ্বাস কৰি আছে৷ ইপিনে, ফৰিদুলে জনোৱা মতে, পুৱা সৰু ল’ৰা এজনে পখিলাটো দেখা পাই তাক চুইছিল৷ আৰু চুই দিয়াৰ লগে লগে ল’ৰাটোৰ জ্বৰ হয়৷ বৰ্তমান ল’ৰাটো জ্বৰত ভুগি আছে৷