Logo
image

দেশ এৰিছে হাজাৰ হাজাৰ কোটিপতিয়েও

আমাৰ অসম, ২১ জুলাইঃ ২০২১ চনত ডেৰলাখ ভাৰতীয়ই নাগৰিকত্ব এৰি দেশ ত্যাগ কৰাৰ বাতৰি ৰাজহুৱা হোৱাৰ সময়তে চলিত বৰ্ষত ৮০০০ কোটিপতিয়ে ভাৰত এৰিবলৈ সাজু হোৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ পূৰ্বে মাত্ৰ এটা বছৰতে ২০২১ চনত ৬০০০ কোটিপতিয়ে ভাৰত ত্যাগ কৰি আন দেশলৈ গৈছে৷ দেশ এৰি যোৱা এই কোটিপতিসকলৰ ভিতৰত আছে ব্যৱসায়ী, উদ্যোগপতিৰ দৰে চহকী ব্যক্তিসকল৷ এক প্ৰতিবেদন মতে ২০১৪ চনৰ পৰা ভাৰতৰ কোটিপতিসকলৰ মাজত দেশ এৰি যোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ভাৰত এৰি আন দেশলৈ যোৱা বা যাব খোজাসকলৰ অধিকাংশৰেই পচন্দৰ দেশসমূহ হৈছে সংযুক্ত আৰৱ ৰাষ্ট্ৰ, আমেৰিকা, কানাডা, ছুইজাৰলেণ্ড, ইজৰাইল, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, পৰ্টুগাল আদিৰ দৰে দেশসমূহ৷ হেনলি গ্ল’বেল চিটীজেনশ্বিপ ৰিপ’ৰ্টত প্ৰকাশ পোৱা মতে চলিত বছৰত অৰ্থাৎ ২০২২ চনত ৮ হাজাৰ কোটিপতিয়ে ভাৰত এৰাৰ বাবে সাজু হৈছে৷ প্ৰতিবেদনখনৰ মতে মূলতঃ উচ্ছমানৰ জীৱন শৈলী, উন্নতমানৰ শৈক্ষিক আৰু স্বাস্থ্যসেৱা, ভাৰতত অত্যধিক কৰৰ বোজা আদিৰ বাবেই হাজাৰ হাজাৰ কোটিপতিয়ে ভাৰত এৰিছে বা এৰাৰ বাবে সাজু হোৱা বুলি ধাৰণা কৰা হৈছে৷ তদুপৰি প্ৰতিবেদনখনৰ মতে ২০৩১ চনৰ ভিতৰত ভাৰতত কোটিপতিৰ সংখ্যা প্ৰায় ৮০ শতাংশ বৃদ্ধি পাব৷ কিন্তু ইয়াৰ বিপৰীতে আমেৰিকাত এই সময়ছোৱাত কোটিপতি বৃদ্ধি পাব ২০ শতাংশহে৷ সেইদৰে ফ্ৰান্সত ১০ শতাংশ, জাৰ্মানীত ১০ শতাংশ, ইটালীত ১০ শতাংশ আৰু ব্ৰিটেইনতো ২০৩১ চনৰ ভিতৰত মাত্ৰ ১০ শতাংশহে কোটিপতি বৃদ্ধি পাব৷ এনে অৱস্থাত ব্যৱসায়িক ক্ষেত্ৰত আহি পৰিব পৰা প্ৰত্যাহ্বানৰ বাবেও হাজাৰ হাজাৰ কোটিপতিয়ে ভাৰত এৰিছে বা এৰিবলৈ সাজু হোৱা বুলি প্ৰতিবেদনখনত ধাৰণা কৰা হৈছে৷