Logo
image

এপিএছচিৰ ‘ৰাজসাক্ষী’ আৱেদন খাৰিজ

আমাৰ অসম, ২১ জুলাইঃ অসম লোকসেৱা আয়োগৰ কুখ্যাত দালাল হিচাপে পৰিচিত পশু চিকিৎসক মৃগেন শইকীয়াই ‘ৰাজসাক্ষী’ হ’বলৈ গৈ অৱশেষত মুখ থেকেচা খাবলগীয়াত পৰিল৷ চাৰি বছৰ ধৰি আত্মগোপন কৰি থকা দালাল মৃগেন শইকীয়াই এ পি এছ চিৰ নিযুক্তি কেলেংকাৰি গোচৰত ‘ৰাজসাক্ষী’ হোৱাৰ চৰ্তত অন্তৱৰ্তীকালীন জামিন লাভ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত বিশেষ ন্যায়াধীশৰ আদালতৰ অনুমোদন সাপেক্ষে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশৰ আদালতত এ পি এছ চি কেলেংকাৰিৰ সন্দৰ্ভত ডিব্ৰুগড় থানাত ৰুজু হোৱা গোচৰত ডাঃ মৃগেন শইকীয়াই ‘ৰাজ্যসাক্ষী’ হিচাপে জবানবন্দী লিপিবদ্ধ কৰোৱাইছিল৷ কিন্তু শেহতীয়াকৈ বিশেষ ন্যায়াধীশৰ আদালতে মৃগেন শইকীয়াৰ জবানবন্দীত কোনো প্ৰতীয়যোগ্য তথ্য প্ৰমাণ নথকাত অসন্তুষ্ট হৈ মৃগেন শইকীয়াৰ ৰাজসাক্ষীৰ আবেদন খাৰিজ কৰিছিল৷ বিশেষ ন্যায়াধীশৰ আদালতৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই ডাঃ মৃগেন শইকীয়াই গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল যদিও মঙলবাৰে ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে উক্ত আবেদন খাৰিজ কৰি বিশেষ ন্যায়াধীশৰ আদালতৰ ৰায় বাহাল ৰাখে৷ অৰ্থাৎ এ পি এছ চি নিযুক্তি কেলেংকাৰি গোচৰত ৰাজসাক্ষী হ’ব নোৱাৰে অভিযুক্ত ডাঃ মৃগেন শইকীয়া৷ উল্লেখ্য, মৃগেন শইকীয়াৰ বিৰুদ্ধে তদন্তকাৰী আৰক্ষীকো সহযোগ নকৰাৰ অভিযোগ আছে৷ কুখ্যাত ৰাকেশ পালৰ প্ৰধান দালাল হিচাপে মৃগেন শইকীয়াক চিনাক্ত কৰিছিল তদন্তকাৰী আৰক্ষীয়ে৷ চাকৰি বিচাৰি অহা ব্যক্তিয়ে প্ৰথমে মৃগেন শইকীয়াৰ সৈতে দৰদাম কৰাৰ পাছতহে ৰাকেশ পালক সাক্ষাৎ কৰাৰ সুযোগ পোৱা বুলিও অভিযোগ কৰিছে তদন্তকাৰী আৰক্ষীৰ সূত্ৰই৷ আনহাতে, সেই সময়ত ৰাকেশ পালৰ বিৰুদ্ধে মাত মতা ব্যক্তি বিশেষ তথা সংগঠনক মেনেজ মাষ্টাৰৰ ভূমিকাও গ্ৰহণ কৰিছিল দালাল ডাঃ মৃগেন শইকীয়াই৷ অৱশ্যে আগষ্টৰ তৃতীয় সপ্তাহলৈ অন্তৱৰ্তীকালীন জামিনত থকা ডাঃ মৃগেন শইকীয়াৰ জামিনত এতিয়া ৰাজ্য চৰকাৰে বিৰোধিতা কৰিব নে নাই সেয়া সময়তহে স্পষ্ট হ’ব৷