Logo
image

ৰাজ্যপাল হ’ব ৰঞ্জন গগৈ, বংগত জল্পনা

আমাৰ অসম, ২১ জুলাইঃ পশ্চিম বংগৰ ৰাজ্যপাল হ’ব নেকি অসম সন্তান ৰঞ্জন গগৈ! বংগৰ ৰাজনীতিত ৰাজ্যখনৰ নতুন ৰাজ্যপাল হিচাপে ৰঞ্জন গগৈৰ নাম ব্যাপক চৰ্চা লাভ কৰিছে৷ উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈক পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে মোদী চৰকাৰে নিযুক্তি দিয়াৰ জল্পনা-কল্পনাৰ সন্দৰ্ভত বংগৰ সংবাদ মাধ্যমতো বাতৰিৰ শিৰোনাম দখল কৰিছে৷ উল্লেখ্য পশ্চিমবংগৰ তদানীন্তন ৰাজ্যপাল জগদীপ ধনখেড়ক দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট˜পতি হিচাপে এনডিএৰ ফালৰ পৰা প্ৰক্ষেপ কৰাৰ পাছৰে পৰা বংগৰ সাংবিধানিক মুৰব্বীৰ আসনখন খালী হৈ আছে৷ মণিপুৰৰ ৰাজ্যপাল লা গণেশনক বংগৰ অস্থায়ী ৰাজ্যপাল হিচাপে দায়িত্ব দিলেও স্থায়ী ৰাজ্যপাল নিযুক্তিৰ কুচকাৱাজ আৰম্ভ কৰিছে মোদী চৰকাৰে৷ পশ্চিমবংগৰ সংবাদ পত্ৰত প্ৰকাশিত বাতৰি অনুসৰি আৰ এছ এছ আৰু মোদী চৰকাৰৰ অন্যতম বিৰোধী তৃণমূল কংগ্ৰেছ নেত্ৰী মমতা বেনাৰ্জীক প্ৰত্যাহ্বান জনাব পৰা ব্যক্তিত্বৰ সন্ধানত আছে কেন্দ্ৰ৷ অৱশ্যে বংগৰ সাংসদ শিষিৰ অধিকাৰীয়ে ৰাজ্যপাল হোৱাৰ আশা প্ৰকাশ কৰাৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভি ৰাজ্যপাল হ’ব বুলিও চৰ্চা লাভ কৰিছিল৷ কিন্তু বিজেপিই মোদী চৰকাৰে আইনী দিশত অভিজ্ঞতা থকা এজন ব্যক্তিকহে ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ পোষকতা কৰা বুলিও দাবী কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিততেই উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তিৰ চিন্তা-চৰ্চাৰ খবৰ ৰাজহুৱা হৈ পৰিছে৷ লক্ষণীয়ভাৱে বিগত সপ্তাহত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাৰ্জিলিঙত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত তদানীন্তন ৰাজ্যপাল জগদীপ ধনখেড়ক সাক্ষাৎ কৰা কাৰ্যইও বিশেষ তাৎপৰ্য বহন কৰা বুলিও চৰ্চা লাভ কৰিছে৷ বিজেপি সূত্ৰৰ উদ্ধৃতিয়ে প্ৰকাশিত বাতৰি অনুসৰি ৰঞ্জন গগৈক বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিলে ৰাজভৱনৰ সৈতে মমতা বেনাৰ্জীৰ তিক্ততাপূৰ্ণ সম্পৰ্ক অৱসান ঘটিব বুলিও আশা কৰিছে কেন্দ্ৰীয় নেতৃত্বই৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে যদিহে ৰঞ্জন গগৈক বংগৰ ৰাজ্যপালৰ প্ৰস্তাৱ দিয়ে, তেনেহ’লে গগৈয়ে সেই প্ৰস্তাৱ গ্ৰহণ কৰিব নে নাই সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ কিয়নো দুদিন পূৰ্বে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই ৰঞ্জন গগৈৰ সন্দৰ্ভত অশোভনীয় টুইট কৰিছিল৷ অসংসদীয় শব্দৰ সমালোচনা কৰিবলৈ গৈ সাংসদ মহুৱা মৈত্ৰই যৌন নিৰ্যাতনৰ শব্দৰ পৰিৱৰ্তে মিষ্টাৰ গগৈ অৰ্থাৎ ৰঞ্জন গগৈৰ নাম ব্যৱহাৰ কৰিব লাগে বুলি কৰা টুইটক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল৷ টুইটটোক লৈ আহোম জাতিক অপমান কৰাৰ অভিযোগত সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে অসমৰ কেইবাখনো থানাত গোচৰো ৰুজু কৰা হৈছে৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে যদিহে ৰঞ্জন গগৈক ৰাজ্যপাল নিযুক্তি দিয়ে তেনেহ’লে অসমে পুনৰ এজন এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী যে লাভ কৰিব সেয়া নিশ্চিত৷ অৱশ্যে ইয়াৰ পূৰ্বে ৰঞ্জন গগৈক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰিব বুলি খবৰ ওলাইছিল যদিও শেষ মুহূৰ্তত সেয়া মিছা বুলিহে জানিব পৰা গৈছিল৷