Logo
image

ভয়ংকৰ গ্ৰীষ্মপ্ৰৱাহে দহিছে ইউৰোপ, লণ্ডনত ৪১ ডিগ্ৰী

আমাৰ অসম, ২১ জুলাইঃ ইউৰোপত এতিয়া ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহ৷ মঙলবাৰে দুপৰীয়া লণ্ডনৰ জিথৰোত পাৰাস্তম্ভই ৪০.২ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে৷ ইয়াৰ পূৰ্বে লণ্ডনত এনে গ্ৰীষ্ম প্ৰৱাহ হোৱাৰ নজিৰ নাছিল৷ সংবাদ প্ৰতিষ্ঠানসমূহৰ বাতৰি মতে বিগত চাৰে তিনিশ বছৰত এইবাৰেই প্ৰথম বৃটেইনত তাপমাত্ৰাই ৪০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে৷ ফলত মঙলবাৰৰ দিনটোত সমগ্ৰ বৃটেইন গ্ৰীষ্ম প্ৰৱাহত দহে৷ জিথৰোতৰ উপৰিও লণ্ডনৰ পৰা ২২৫ কিলোমিটাৰ নিলগৰ কলিংছবেততো পাৰাস্তম্ভই ৪১ ডিগ্ৰী অতিক্ৰম কৰে৷ ইয়াৰ পূৰ্বে ২০১৯ চনত বৃটেইনত সৰ্বোচ্ছ তাপমাত্ৰা আছিল ৩৮.৭ ডিগ্ৰী চেলছিয়াছ৷ কিন্তু মঙলবাৰৰ দিনটোত বৃটেইনকে ধৰি ইউৰোপৰ অন্ততঃ ২৯টা অঞ্চলত পাৰাস্তম্ভই ৪০ ডিগ্ৰী অতিক্ৰম কৰা পৰিলক্ষিত হয়৷ উক্ত অঞ্চলসমূহত গ্ৰীষ্ম প্ৰৱাহৰ পৰা বাচিবলৈ দিনটো ঘৰতে দুৱাৰ বন্ধ কৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ উৎকট গৰমৰ বাবে মঙলবাৰৰ দিনটোত বৃটিছ যাদুঘৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বন্ধ কৰি দিয়াৰ লগতে দেশখনৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ শুনানি অনলাইন ব্যৱস্থাৰ জৰিয়তে কৰা হয়৷ গ্ৰীষ্মদহনৰ প্ৰভাৱ পৰে আনকি বৃটেইনৰ গণপৰিৱহন ব্যৱস্থাতো৷ গৰমৰ বাবে ব্যস্ত ৰে’ল ষ্টেচন লণ্ডনৰ কিংক্ৰছ কাৰ্যতঃ স্তব্ধ হৈ পৰে৷ প্ৰচণ্ড গৰমত ক্ষতিৰ আশংকাত লিউটন বিমান বন্দৰৰ ৰানৱে মঙলবাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা হয়৷ আনহাতে গৰমৰ পৰা ৰক্ষা পৰিবলৈ হ্ৰদ আৰু নদীত নামি কেবাজনো লোকে মৃত্যুক  সাৱটিব লগা হৈছে৷ উল্লেখ্য যে যোৱা এটা সপ্তাহত ইউৰোপত কমেও ১৫০০ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে গ্ৰীষ্ম প্ৰৱাহৰ বাবে৷ ইয়াৰ ভিতৰত অকল পৰ্টুগালতে মৃত্যু হয় ৫১০ জনৰ৷ স্পেইনতো ডেৰ শতাধিক লোকে গ্ৰীষ্ম প্ৰৱাহত প্ৰাণ হেৰুৱায়৷