Logo
image

তৰুণ গগৈৰ বাবে মাটি নাই বসন্ত ছুৰাণাৰ বাবে আছে

জলাশয়ত নিৰ্মাণৰ অনুমতি দি জিএমডিএৰ বিপজ্জনক প্ৰস্তাৱ

আমাৰ অসম, ১০ ডিচেম্বৰঃ মহানগৰীৰ সৌন্দৰ্যবৰ্ধন, পৰিৱেশ সুৰক্ষা, আইনীভাৱে বৈধ নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লোভ আৰু মুনাফা আদায়ৰ খকত গুৱাহাটীৰ বাবে ভয়ংকৰ ভাবুকি আহি পৰিছে৷ কংক্ৰিটৰ মহানগৰীখনত কৃত্ৰিম বান আৰু আবদ্ধ পানীয়ে সৃষ্টি কৰা গুৰুতৰ সমস্যা দূৰ কৰাৰ পৰিৱৰ্তে স্বাৰ্থন্বেষী ব্যৱসায়ী আৰু জি এম ডি এৰ একাংশ বিষয়াৰ কমিছনৰ বাবেই জি এম ডি এৰ আইনৰ বিধি সলনি কৰি বণিয়াৰ হাতত জলাশয়ৰ ভূমি গতাই দিয়াৰ পৰিকল্পনাৰ ভয়ংকৰ তথ্য ‘আমাৰ অসম’ৰ হাতত আহি পৰিছে৷ যিসময়ত সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমাধিৰ বাবে জলাশয়ৰ ভূমি চৰকাৰে এৰি দিয়া নাছিল, ঠিক তেনে সময়তে গুৱাহাটীৰ মাজমজিয়াত থকা শিলসাঁকো বিলত জলাশয় পুতি বিশাল অট্টালিকা নিৰ্মাণৰ গোপন প্ৰকল্পক সেউজ সংকেত দিয়াৰ বাবে আগবাঢ়িছে দিছপুৰ৷ সোণোৱাল চৰকাৰৰ ‘বদান্যতা’ৰ বাবেই গুৱাহাটীৰ আয়ুস ৰেখা স্বৰূপ শিলসাঁকো বিললৈ আহিছে এই অশনি সংকেত৷ ২০০৮ চনতে অসম চৰকাৰে গুৱাহাটী জলাশয় [সংবৰ্ধন আৰু সংৰক্ষণ] আইন প্ৰৱৰ্তন কৰি শিলসাঁকো বিলৰ সুৰক্ষাৰ পদক্ষেপ গ্ৰহণ কৰিছিল যদিও কাৰ্যতঃ এতিয়া পুঁজিপতি বণিয়া বিল্ডাৰৰ স্বাৰ্থত শিলসাঁকোৰ জলাশয় পুতি বিশাল অট্টালিকা নিৰ্মাণৰ পক্ষত থিয় দিছে দিছপুৰ৷ শিলসাকোঁ বিলৰ ‘‘ইক’ ছেনছিটিভ জ’ন’’ৰ অন্তৰ্গত জলাশয় পুতি প্ৰাকৃতিকভাৱে বৈ অহা পানীৰ সোঁত তথা স্বাভাৱিক গতিপথ সলনি কৰি ৩০ বিঘা ভূমিত জি এম ডি এৰ অধ্যক্ষ, বিল্ডাৰ তথা বিধায়ক অশোক সিংঘালৰে মিলি বিতৰ্কিত বিল্ডাৰ বসন্ত ছুৰাণাই বিশাল এপাৰ্টমেণ্ট নিৰ্মাণৰ ভয়ংকৰ পৰিকল্পনা কৰিছে৷  বিল্ডাৰ বসন্ত ছুৰাণাৰ স্বাৰ্থতে সোণোৱাল চৰকাৰৰ কেবিনেটে শিলসাঁকো বিলত জলাশয়ৰ ওপৰতে ৩০ বিঘা ভূমিত অট্টালিকা নিৰ্মাণৰ বাবে জলাশয় সংৰক্ষণ আইনক সংশোধন কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া সিদ্ধান্তৰ খচৰাৰ প্ৰতিলিপিও প্ৰস্তুত কৰিছে৷ শিলসাঁকো বিলত ভূমি আবণ্টন লাভ কৰা ৰাজ্যৰ এটা জাতীয় অনুষ্ঠানৰ  কান্ধত বন্দুক থৈ দিছপুৰক মেনেজ কৰি প্ৰায় তিনি শতাধিক ফ্লেটযুক্ত অট্টালিকা নিৰ্মাণৰ বাবে কুচ-কাৱাজ আৰম্ভ কৰাৰ চাঞ্চল্যৰ তথ্য পোহৰলৈ আহিছে৷ বসন্ত ছুৰাণা বাহিনীক ফ্লেট নিৰ্মাণৰ বাবে অনুমতি দিয়াৰ লগে লগে শিলসাঁকোৰ বিশাল অংশ পোত গ’লে গুৱাহাটী মহানগৰীত অভাৱনীয়ভাৱে কৃত্ৰিম বানৰ মাত্ৰা যে বৃদ্ধি পাব সেয়া নিশ্চিত হৈ পৰিছে৷ কিয়নো জলাশয়ৰ বিশাল ভূমি পুতি অট্টালিকা নিৰ্মাণ কৰিলে বিশাল শিলসাঁকো সংকুচিত হৈ কেৱল এটা ক্ষুদ্ৰ নলাত পৰিণত হোৱাটো স্বাভাৱিক৷ উল্লেখ্য, পূৰ্বতে মহানগৰীৰ জলাশয়সমূহৰ অবাধ বেদখলৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিকে প্ৰমুখ্য কৰি ড॰ নিৰ্মল কুমাৰ চৌধুৰী, মাধৱানন্দ বৰদলৈ, ড॰ ৰবীন্দ্ৰ নাথ আৰু প্ৰণৱ কুমাৰ তালুকদাৰৰ দৰে কেইবাগৰাকী বিশিষ্ট নাগৰিকে৷ জলাশয় সংৰক্ষণৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিততেই বাধ্যত পৰি তৰুণ গগৈ চৰকাৰে ২০০৮ চনত গুৱাহাটী জলাশয় সংৰক্ষণ আইনখন প্ৰৱৰ্তন কৰি শিলসাঁকো বিলৰ সুৰক্ষা নিশ্চিত কৰাৰ চেষ্টা চলাইছিল৷ কিন্তু পুঁজিপতি বণিয়া বসন্ত ছুৰাণাৰ মালিকানাধীন ‘পূৰ্বাঞ্চল গৃহ নিৰ্মাণ উন্নয়ন সমিতি’ নামৰ প্ৰতিষ্ঠানটোৱে উক্ত আইনখন প্ৰৱৰ্তন হোৱাৰ পূৰ্বেই ২০০৫ চনৰ মাৰ্চত তদানীন্তন কামৰূপ মহানগৰ জিলা উপায়ুক্তই শিলসাঁকো বিলৰ ৬০২ নম্বৰ দাগৰ ৩০ বিঘা বৃহৎ ভূমি গৃহ নিৰ্মাণ উন্নয়ন সমিতিখনৰ নামত আৱণ্টন দিয়া বুলি দাবী কৰি আহিছে৷ লক্ষণীয় বিষয়টো হৈছে, শিলসাঁকোৰ উক্ত ভূমি গুৱাহাটীৰ স্থানীয় দুজনমান ব্যক্তিক সভাপতি-সম্পাদক পাতি পূৰ্বাঞ্চল গৃহ নিৰ্মাণ উন্নয়ন সমিতিৰ নামত আবণ্টিত হোৱা বুলি প্ৰচাৰ কৰিলেও প্ৰকৃততে উক্ত ভূমিৰ আঁৰত যে বসন্ত ছুৰাণা জড়িত আছে, সেয়া সৰ্বজনবিদিত৷ কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত শিলসাঁকোৰ জলাশয় পুতি অট্টালিকা নিৰ্মাণৰ বাবে ছুৰাণা বাহিনীয়ে কেইবাবাৰো চেষ্টা চলাই ব্যৰ্থ হোৱাৰ পাছত এইবাৰ জি এম ডি এৰ একাংশ লোভী বিষয়া-আমোলাৰ সৈতে মিলি নিৰ্মাণৰ বাট মুকলি কৰিবলৈ সাজু হৈছে৷ সেই অনুসৰি প্ৰথমে পূৰ্বাঞ্চল গৃহ নিৰ্মাণ উন্নয়ন সমিতিৰ পৰা শিলসাঁকোৰ ৩০ বিঘা ভূমিত অট্টালিকা নিৰ্মাণৰ বাবে বসন্ত ছুৰাণাৰ মালিকানাধীন ‘মেচাৰ্ছ বৰ্ষা ট্ৰেকন’-ট্ৰেড প্ৰাইভেট লিমিটেডে’ পাৱাৰ অৱ এটৰ্নি লৈ জি এম ডি এলৈ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল৷ জলাশয়ৰ ভূমিত কোনো নিৰ্মাণৰ অনুমতি লাভ নকৰে বুলি জানিও জি এম ডি এৰ অধ্যক্ষ তথা বিধায়ক অশোক সিংঘালৰ উপদেশ মৰ্মে বসন্ত ছুৰাণাই জনোৱা আবেদন চলিত বৰ্ষৰ ১৪ জানুৱাৰীত নিৰ্দিষ্ট আইনৰ আধাৰত অনুমতি দিয়া নহয় বুলি স্পষ্ট কৰি দিছিল জি এম ডি এয়ে৷ কিন্তু ইয়াৰ পাছতেই জি এম ডি এৰ ফালৰ পৰা জলাশয় সংৰক্ষণ আইন ২০০৮ৰ ‘ধাৰা ৫’ অনুসৰি ৰাজ্য চৰকাৰে জলাশয়ত নিৰ্মাণ কাৰ্যত বাহাল ৰখা নিষেধাজ্ঞাৰ চৰ্ত সলনি কৰিব পৰা বিধান থকাৰ তথ্য উল্লেখ কৰি গুৱাহাটী উন্নয়ন বিভাগলৈ আইনখন সংশোধন কৰিবলৈ প্ৰস্তাৱ আকাৰে পত্ৰ প্ৰেৰণ কৰিছে৷ জি এম ডি এৰ এই ভয়ংকৰ প্ৰস্তাৱক গুৱাহাটী উন্নয়ন বিভাগে সোণোৱাল চৰকাৰৰ আগন্তুক কেবিনেট বৈঠকত উত্থাপন কৰি কাৰ্যকৰী কৰাৰ বাবে সাজু হৈছে৷ দিছপুৰৰ এটা সূত্ৰই সদৰী কৰা মতে, বিশেষ বুজাবুজিৰ ভিত্তিত কেবিনেট বৈঠকত বসন্ত ছুৰাণা বাহিনীক শিলসাঁকো বিলত অট্টালিকা নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিব বুলিও জানিব পৰা গৈছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে শিলসাঁকো বিলৰ ৬০২ নম্বৰ দাগৰ ছুৰাণা বাহিনীৰ দখলীকৃত উক্ত মাটিখিনিৰ ওপৰেৰে গৈছে বাহিনী নৈৰ জলধাৰা৷ আনকি মেঘালয়ৰ পৰা হৈ অহা পানীও গ্ৰীনউড ৰিজ’ৰ্টৰ পিছফালে খানাপাৰা গণেশ মন্দিৰ এলেকা হৈ পাঞ্জাবাৰী বৃহৎ অঞ্চলৰ জলভাগ জুৰিপাৰৰ জানত পৰি শিলসাঁকো বিলৰ উক্ত স্থানত মিলিত হৈছে৷ সাতগাঁও নদীৰ পানীও স্বাভাৱিক সোঁতত শিলসাঁকোৰ সংশ্লিষ্ট ভূমিৰ ওপৰেদি প্ৰাকৃতিকভাৱে অবিৰাম বৈ আছে৷ উদ্বেগজনকভাৱে ‘আমাৰ অসম’ৰ হাতত আহি পৰা কেবিনেটত অনুমোদন পাবলগীয়া খচৰা প্ৰতিলিপি অনুসৰি গুৱাহাটী জলাশয় সংৰক্ষণ আইনৰ ধাৰা ৪ত সন্নিৱিষ্ট নিৰ্দিষ্ট নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি ছুৰাণা বাহিনীক শিলসাঁকোলৈ বৈ যোৱা পানীৰ স্বাভাৱিক গতি আৰু স্থান সলনি কৰি ক্ষুদ্ৰ আকাৰৰ কংক্ৰিটৰ ড্ৰেইন নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিব৷ অৰ্থাৎ সোণোৱাল চৰকাৰে কেবিনেটে যদিহে এই পৰিকল্পনাত অনুমোদন জনায়, তেনেহ’লে অদূৰ ভৱিষ্যতে গুৱাহাটী মহানগৰীত যে কৃত্ৰিম বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়া খাটাং৷ বিধায়ক অশোক সিংঘাল, বিল্ডাৰ বসন্ত ছুৰাণা বাহিনীৰ এই ভয়ংকৰ পৰিকল্পনাৰ আঁৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ব্যক্তিগত সচিব নাৰায়ণ আগৰৱালা আৰু প্ৰাক্তন বিধায়ক জ্যোতিষ দাস জড়িত থকা বুলিও চৰ্চা লাভ কৰিছে৷ শিলসাঁকো বিলত বণিয়া গোষ্ঠীৰ অট্টালিকা নিৰ্মাণৰ পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা অভিযন্তা ড॰ নিৰ্মল কুমাৰ চৌধুৰীয়ে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড॰ চৌধুৰীয়ে ‘আমাৰ অসম’ৰ আগত কয়– শিলসাঁকো বিল পুতি নিৰ্মাণৰ পৰিকল্পনা আইনবিৰুদ্ধ৷ চৰকাৰে শিলসাঁকো বিলত হোৱা বেদখল উচ্ছেদহে কৰিব লাগে৷ ইতিমধ্যে বিলখনৰ পুতি পেলোৱা অংশ খান্দি গুৱাহাটীক কৃত্ৰিম বানৰ পৰা উদ্ধাৰ কৰক চৰকাৰে৷ যদিহে বিল্ডাৰৰ এনে ভয়ংকৰ কাৰ্যত কেবিনেটে অনুমোদন জনায়, তেনেহ’লে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিম৷’